ৱিকিপিডিয়ানৰ মনৰ কথা ![সম্পাদনা কৰক](//upload.wikimedia.org/wikipedia/commons/thumb/5/54/Pencil_font_awesome.svg/10px-Pencil_font_awesome.svg.png)
|
কৃষ্ণা সোণোৱাল
পোনতে সমূহ অগ্ৰজ অসমীয়া ৱিকিমিডিয়ানলৈ মোৰ আন্তৰিক কৃতজ্ঞতা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ।
যোৱা ২ জানুৱাৰী, ২০২২ তাৰিখে গুৱাহাটীস্থিত প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ আলোচনা-কক্ষত অনুষ্ঠিত হৈ যোৱা কৰ্মশালাখনৰ পৰা কিমান বেছি উপকৃত, সমৃদ্ধ হ'লোঁ সেয়া ভাষাৰে বুজাবলৈ, শব্দৰে প্ৰকাশ কৰিবলৈ মই অপাৰগ। কৌতূহল আৰু আগ্ৰহবশতঃ ২০২০ চনৰ আগষ্ট মাহত ফেচবুক গোটৰ এজন হিচাপে সোমাই তাতে থকা অভিজ্ঞ বিভিন্নজনৰ আপাহতে একাউণ্ট এটা খুলিছিলোঁ আৰু ২০২১ চনৰ শেষৰফালে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা বিভাগে অনুষ্ঠিত কৰা কৰ্মশালাখনিত শ্ৰীমান ভাস্কৰ ভূঞা আৰু শ্ৰীমান নয়ন জ্যোতি নাথক লগ পোৱাৰ সৌভাগ্য হয়। তেওঁলোক দুজনে কৰ্মশালাখনিত সিদিনা সকলো অংশগ্ৰহণকাৰীক দিয়া প্ৰেৰণাই মনত সাৰপানী যোগাইছিল কামটো শিকি বুজি লৈ ভালকৈ মূৰ গুঁজি কৰিম বুলি ভাবিবলৈ।
আৰু তাৰ পৰিপ্ৰেক্ষিতত এই প্ৰশিক্ষণৰ অংশীদাৰ হ'ব পাৰিলোঁ। আলোচনা হোৱা সকলোখিনিয়ে নিৰহ-নিপানীকৈ বুজি পোৱা নাই যদিও, তাৰ মাজতে ক'ৰবাত যেন আঁত এটাও বিচাৰি পাইছোঁ, নোৱাৰিলে সুধিব পাৰিম বুলি মনত সাহসকণ পাইছোঁ... বিশেষকৈ কৰ্মশালা খনিৰ চাৰিওজন সমলব্যক্তিৰ বক্তব্যই যথেষ্ট উৎসাহিত কৰিছে।
পুনৰবাৰ অন্তৰৰ গভীৰতম কোণৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। নিজৰ ভাষাটোৰ বাবে যৎকিঞ্চিৎ পাৰোঁ শিকি যাম আৰু কৰি যাম...
সকলোৱে বাট দেখুৱাই নিব বুলি আশা কৰিলোঁ...!
- কৃষ্ণা সোণোৱাল 15:03, 2 February 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
|
ভাল প্ৰবন্ধ ![সম্পাদনা কৰক](//upload.wikimedia.org/wikipedia/commons/thumb/5/54/Pencil_font_awesome.svg/10px-Pencil_font_awesome.svg.png)
|
কামসূত্ৰ পুথিখনৰ এটা পৃষ্ঠা
কামসূত্ৰ হৈছে এক প্ৰাচীন ভাৰতীয় হিন্দু সংস্কৃত গ্ৰন্থ। ইয়াৰ বিষয়বস্তু হৈছে মানৱ জীৱনৰ যৌনতা, কামোদ্দীপনা আৰু আৱেগিক পৰিপূৰ্ণতা। ইয়াৰ ৰচয়িতা হৈছে বাৎসায়ন। কামসূত্ৰ বিষয়ক আটাইতকৈ প্ৰাচীন গ্ৰন্থখন অভিৰা ৰাজ্যত ৰচনা কৰা হৈছিল। কামসূত্ৰ একচেটিয়াভাৱে কেৱল যৌন ভংগিমা বিষয়ক নিয়মাৱলী নহয়। ইয়াত ভালদৰে জীৱন-যাপন কৰাৰ কলা, প্ৰেমৰ প্ৰকৃতি, জীৱন সংগীৰ সন্ধান, নিজৰ জীৱনৰ প্ৰেমৰ দিশটো বজাই ৰখা আৰু মানৱ জীৱনৰ আনন্দমুখিতা সম্পৰ্কীয় অন্যান্য দিশবোৰো সামৰি লোৱা হৈছে। কামসূত্ৰ হৈছে বিভিন্ন ব্যাখ্যা আৰু ভাষ্যৰ সৈতে সংক্ষিপ্ত পদত নিবন্ধিত আধুনিক যুগতো বৰ্তি থকা এক সূত্ৰ ধাৰাৰ গ্ৰন্থ। গ্ৰন্থখন গদ্য আৰু অনুস্তুভ-অক্ষৰৰ কাব্যিক শ্লোকৰ মিশ্ৰণ। ই হিন্দুধৰ্মৰ পুৰুষাৰ্থৰ ধাৰণাক মান্যতা দিয়াৰ লগতে আকাংক্ষা, যৌনতা আৰু আৱেগিক পৰিপূৰ্ণতাক জীৱনৰ এক সঠিক লক্ষ্য হিচাপে তালিকাভুক্ত কৰিছে। ইয়াৰ অধ্যায়বোৰত প্ৰেমৰ পদ্ধতি, সামাজিক দিশেৰে জড়িত হ’বলৈ কলাৰ প্ৰশিক্ষণ, সঙ্গীৰ সন্ধান, ৰমন্যাস, বিবাহিত জীৱনত ক্ষমতা বজাই ৰখা, ব্যভিচাৰ, যৌন ভংগিমা আৰু অন্যান্য বিষয়ৰ ওপৰত আলোচনা কৰা হৈছে। গ্ৰন্থখনৰ অধিকাংশই প্ৰেমৰ দৰ্শন আৰু তত্ত্ব। আকাংক্ষাক উদ্দীপিত কৰা আৰু ইয়াক বাহাল ৰখাৰ কাৰকৰ লগতে এইসমূহ কেতিয়া আৰু কেনেকৈ ভাল বা বেয়া হয় এই বিষয়ে বৰ্ণনা কৰা হৈছে। সবিশেষ ইয়াত পঢ়ক...
যোৱা মাহৰ ভাল প্ৰবন্ধ চৰকাৰী ভাষা আন্দোলন (অসম)ৰ বিষয়ে ইয়াত বিতংকৈ পঢ়ক।
|
জানুৱাৰী-২০২২ত সৃষ্টি কৰা প্ৰবন্ধসমূহ ![সম্পাদনা কৰক](//upload.wikimedia.org/wikipedia/commons/thumb/5/54/Pencil_font_awesome.svg/10px-Pencil_font_awesome.svg.png)
|
মুঠ প্ৰবন্ধৰ সংখ্যা = ৭৭
|
|
|
নিৰ্বাচিত চিত্ৰ ![সম্পাদনা কৰক](//upload.wikimedia.org/wikipedia/commons/thumb/5/54/Pencil_font_awesome.svg/10px-Pencil_font_awesome.svg.png)
|
বৰদিনৰ সময়ত সজাই তোলা গুৱাহাটীস্থিত চিটি চেণ্টাৰ মলৰ ভিতৰচোৱা। আলোকচিত্ৰ শিল্পী:বিক্ৰমজিৎ কাকতি
|
নয়নজ্যোতি শৰ্মা
নয়নজ্যোতি শৰ্মা: ২০১২ চনৰ পৰা ৱিকিপিডিয়াৰ সৈতে জড়িত এজন দক্ষ আৰু কৌশলী ৱিকিপিডিয়ান। এখেতে ২০২০ চনৰ পৰা অন্য এটা একাউণ্টেৰে ৱিকিপিডিয়ালৈ বৰঙণি আগবঢ়াই আহিছে। পেছাত এগৰাকী চিকিৎসক এই ৱিকিমিডিয়ান গৰাকীয়ে অসমীয়া ৱিকিমিডিয়া প্ৰকল্পত কৰা মুঠ সম্পাদনাৰ সংখ্যা ৮৫৭। সংখ্যাত তাকৰ যদিও তেওঁৰ অমূল্য অৱদানৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজে তেওঁক “অক্লান্ত কৰ্মী পদক”, “ৱিকিউদ্যোগীৰ পদক”, "বিশিষ্ট লেখক পদক" আদি পদকেৰে কেইবাবাৰো সন্মানিত কৰিছে। আমি তেওঁৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিলোঁ।
|
পদক ![সম্পাদনা কৰক](//upload.wikimedia.org/wikipedia/commons/thumb/5/54/Pencil_font_awesome.svg/10px-Pencil_font_awesome.svg.png)
|
|
জানুৱাৰী-২০২২ৰ বিশেষ অভিলেখ ![সম্পাদনা কৰক](//upload.wikimedia.org/wikipedia/commons/thumb/5/54/Pencil_font_awesome.svg/10px-Pencil_font_awesome.svg.png)
|
জানুৱাৰী মাহত অসমীয়া ৱিকি পৰিয়ালৰ সক্ৰিয় সদস্য চন্দন চিৰিং ফুকনে অসমীয়া ৱিকিপিডিয়াত ব্যক্তিগতভাৱে ত্ৰিশতক প্ৰবন্ধৰ সীমা অতিক্ৰম কৰে।
|
উল্লেখনীয় কাম ![সম্পাদনা কৰক](//upload.wikimedia.org/wikipedia/commons/thumb/5/54/Pencil_font_awesome.svg/10px-Pencil_font_awesome.svg.png)
|
- অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ৯,৯২৮ টালৈ বৃদ্ধি পালে।
- অসমীয়া ৱিকিউৎসত উপলব্ধ গ্ৰন্থৰ সংখ্যা ৩৪৮ খনলৈ বৃদ্ধি পালে।
- অসমীয়া ৱিকিউৎসত শেহতীয়াকৈ সম্পূৰ্ণ হোৱা গ্ৰন্থৰ তালিকা:
সূতিকা পটল (লেখক: গোবিন্দৰাম চৌধুৰী, ১৯০৮)
- অনলাইন আলোচনা আৰু প্ৰশিক্ষণ: অসমীয়া ৱিকিমিডিয়ানসকলৰ এখন প্ৰীতিমেল আৰু কৰ্মশালা ২/১/২০২২ তাৰিখে কামৰূপ (মহানগৰ)ৰ ভৰলুমুখস্থিত প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ সভাগৃহত অনুষ্ঠিত হয়। অনুষ্ঠানটিত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ২৩ গৰাকী প্ৰবীণ-নবীন সদস্য আৰু শুভাকাংক্ষীয়ে অংশগ্ৰহণ কৰে।
ৱিকিমিডিয়ানৰ প্ৰীতিমেল আৰু কৰ্মশালাত উপস্থিত ন-পুৰণি ৱিকিমিডিয়ানসকল
|
পৰিসংখ্যা আৰু অন্যান্য ![সম্পাদনা কৰক](//upload.wikimedia.org/wikipedia/commons/thumb/5/54/Pencil_font_awesome.svg/10px-Pencil_font_awesome.svg.png)
|
পৰিসংখ্যা
অন্যান্য সংযোগ
ঘোষণা
|
|