২৪ আগষ্ট (ইংৰাজী : 24 August ) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী ৰ ২৩৬তম (অধিবৰ্ষ ত ২৩৭তম) দিন । বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১২৯টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
১৬০৮ - ইষ্ট ইণ্ডিয়া কোম্পানী ৰ প্ৰথমখন জাহাজ চুৰাট উপকূলত প্ৰবেশ কৰে।[ 1] [ 2]
১৮১৪ - ব্ৰিটিছ বাহিনীয়ে ৱাশ্বিংটন, ডি চি দখল কৰে আৰু বহুতো ৰাজহুৱা অনুষ্ঠান ধ্বংস কৰে। (বাৰ্নি অৱ ৱাশ্বিংটন বা ১৮১২ৰ যুদ্ধ)
১৯৬৯ - বৰাহগিৰি ভেংকট গিৰি ভাৰতৰ চতুৰ্থ ৰাষ্ট্ৰপতি ৰূপে অধিষ্ঠিত হয় আৰু ১৯৭৪ চনৰ একে তাৰিখত কাৰ্যকাল শেষ হয়।
১৯৭৪ - ফখৰুদ্দিন আলি আহমেদ ভাৰতৰ পঞ্চম ৰাষ্ট্ৰপতি ৰূপে অধিষ্ঠিত হয়।
১৯৯১ - ইউক্ৰেইন ে ছোভিয়েট সংঘ ৰ পৰা পৃথক হৈ নতুন ৰাষ্ট্ৰৰ সৃষ্টি কৰে।
২০০৮ - বেইজিং ত ২৯তম অলিম্পিক ক্ৰীড়াৰ সামৰণি পৰে।
১৮৪৬ - হেনৰী গেনেট (Henry Gannett), আমেৰিকান ভূগোল বিজ্ঞানী আৰু কাৰ্ট'গ্ৰাফাৰ।
১৯০৮ - ৰাজগুৰু , ভাৰতৰ স্বাধীনতা সংগ্ৰামী।
১৯৪২ - কাৰেণ কেছকুল্লা উলেনবেক , এবেল বঁটা বিজয়ী প্ৰথমগৰাকী মহিলা গণিতজ্ঞ।
১৯৪৪ - ৰকি জনছন , মল্লযুঁজাৰু, হলীউডৰ অভিনেতা আৰু মল্লযুঁজাৰু ডৱেন "দ্য ৰক" জনছনৰ পিতৃ।
১৯৪৫ - ভিন্স মেকমাহন , ডব্লিউ ডব্লিউ ইৰ (WWE) মুৰব্বী, মল্লযুঁজাৰু।
১৯৬৩ - হিডৌ ক'জিমা , ভিডিঅ' গেমৰ নিৰ্মাতা।
১৯৬৫ - মাৰ্লি মেটলিন , অমেৰিকান অভিনেত্ৰী, অস্কাৰ বিজয়ী একমাত্ৰ বধিৰ শিল্পী।
১৯৬৯ - মুকেশ তিৱাৰী , অভিনেতা।
১৯৮৬ - শান্তনু ভাগ্যৰাজ , প্ৰসিদ্ধ তামিল চলচ্চিত্ৰ অভিনেতা।
১৯৮৮ - পদ্মনাভ বৰদলৈ , ভাৰতীয় গায়ক, গীতিকাৰ, সংগীত পৰিচালক আৰু অনুষ্ঠান পৰিচালক।
১৯৯০ - এলিজাবেথ ডেবিকি , ফৰাচী অভিনেত্ৰী।
১৯৯৭ - এলান ৱাকাৰ , জনপ্ৰিয় সংগীত নিৰ্মাতা আৰু ডি জে (DJ)।
১৮৮৮ - ৰুডল্ফ ক্ল'ছিয়াছ (ইংঃ Rudolf Clausius), জাৰ্মান পদাৰ্থ বিজ্ঞানী আৰু গণিতজ্ঞ, তাপগতি বিজ্ঞানৰ দ্বিতীয় সূত্ৰ (second law of thermodynamics) আৰু এনট্ৰ'পি (entropy) সূত্ৰৰ আৱিষ্কাৰক।
১৯২৫ - ৰামকৃষ্ণ গোপাল ভাণ্ডাৰকৰ , সমাজ সংস্কাৰক।
১৯৮৯ - ষ্টেন বৰুৱা ওৰফে হৰি বৰুৱা, বিপ্লৱী, কমিউনিষ্ট পাৰ্টিৰ সশস্ত্ৰ সংগ্ৰামী।
২০১৪ - ৰিছাৰ্ড এটেনবৰ' , ব্ৰিটিছ আভিনেতা, অস্কাৰ বিজয়ী গান্ধী কথাছবি ৰ নিৰ্মাতা আৰু পৰিচালক।
২০১৯ - অৰুণ জেটলী , ভাৰতীয় ৰাজনীতিবিদ আৰু আইনজ্ঞ।
২০২০ - জীৱেশ্বৰ ডেকা , অসমৰ এগৰাকী প্ৰবীণ মঞ্চ অভিনেতা।
স্বাধীনতা দিৱস (ইউক্ৰেইন)।
পতাকা দিৱস (লাইবেৰিয়া)।
↑ When and why did the British first choose to invade India? . India Today. https://www.indiatoday.in/education-today/gk-current-affairs/story/when-and-why-british-first-came-to-india-1591166-2019-08-24 .
↑ 24th August 1608: The First Representative of the East India Company Lands in Surat . Maps of India. https://www.mapsofindia.com/on-this-day/24th-august-1608-the-first-representative-of-the-east-india-company-lands-in-surat .