সমললৈ যাওক

ৰতনলাল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰতনলাল

ৰতনলালৰ এটা দশ্যত ধীৰু ভূঞা
পৰিচালক নলিন দুৱৰা
ৰচনা ভৰত বৰপূজাৰী
চিত্ৰনাট্য ভৰত বৰপূজাৰী
কাহিনী যোগেশ দাস
প্ৰযোজক অসম চাহ মজদুৰ সংঘ
অভিনয়ত বিশ্বজিত
ঝৰ্ণা শইকীয়া
চিত্ৰগ্ৰহণকাৰী নলিন দুৱৰা
সম্পাদনা শিৱ সাধন ভট্টাচাৰ্য
সংগীত পৰিচালক নিৰ্মল চক্ৰৱৰ্তী
মুক্তি
৭ মাৰ্চ, ১৯৭৫
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

ৰতনলাল (ইংৰাজী: Ratanlal) ১৯৭৫ চনত মুক্তি পোৱা এখন ক’লা-বগা অসমীয়া নাট্যধৰ্মী চলচ্চিত্ৰ। অসম চাহ মজদুৰ সংঘই প্ৰযোজনা কৰা এই ছবিখন পৰিচালনা কৰিছে নলিন দুৱৰাই। ছবিখনৰ চিত্ৰগ্ৰহণো নলিন দুৱৰাৰ। চাহ বনুৱা সম্প্ৰদায় আৰু বাগানীয়া জীৱনক কেন্দ্ৰ কৰি ৰচনা কৰা যোগেশ দাসৰ কাহিনীৰ আধাৰত ৰতনলালৰ চিত্ৰনাট্য আৰু সংলাপ ৰচনা কৰিছে ভৰত বৰপূজাৰীয়ে। ভৰত বৰপূজাৰীয়ে ইয়াৰ পূৰ্বে ইণ্ডিয়ান নেচনেল ট্ৰেড ইউনিয়ন কংগ্ৰেছৰ (INTUC) অসম শাখাৰ উদ্যোগত নিৰ্মাণ কৰা চাহ বনুৱা কেন্দ্ৰিক ছবি কেঁচা সোণৰো (১৯৫৯) কাহিনী আৰু চিত্ৰনাট্য ৰচনা কৰিছিল।[1]

অভিনয় শিল্পী

[সম্পাদনা কৰক]

ৰতনলালত অভিনয় কৰিছে বিশ্বজিৎ, ধীৰু ভূঞা, পবিত্ৰ বৰকাকতি, নেইমুদ্দিন আদিয়ে।[1] জানকী নামৰ মূল নাৰী চৰিত্ৰত অভিনয় কৰিছে ঝৰ্ণা শইকীয়াই। সেই সময়ৰ কানৈ কলেজৰ ছাত্ৰী ঝৰ্ণা শইকীয়াৰ এইখনে প্ৰথম আৰু শেষ ছবি আছিল।[2]

সংগীত পৰিচালনা নিৰ্মল চক্ৰৱৰ্তীৰ। গীত ৰচনা নিৰ্মলপ্ৰভা বৰদলৈৰ। ছবিখনৰ গীতবোৰ যথেষ্ঠ জনপ্ৰিয় হৈছিল।[3] ইয়াৰে খগেন মহন্তই গোৱা কেতেকে বান্ধি দেলাই, হিলকি বিলকি খপা হায়ৰে গীতটো পিছলৈ মহন্তৰ পুত্ৰ পাপনে নতুন শৈলীত পৰিবেশন কৰিছে আৰু যুৱ প্ৰজন্মই ইয়াক আগ্ৰহেৰে গ্ৰহণ কৰিছে।[2]

গীতৰ শীৰ্ষ
নং শিৰোনামগীতিকাৰকন্ঠশিল্পী দৈৰ্ঘ্য
1. "সেউজী কানন জিলিকে ৰমকজমক কাচোনে, আজি ঘৰত নেথাকো মনক বান্ধি নেৰাখো।"  নিৰ্মলপ্ৰভা বৰদলৈঅৰ্চনা মহন্ত, সান্তনা বৰুৱা  
2. "কিযে মিঠা মিঠা লাগে মোৰ সপোনটি, শুনিবানে এবাৰ মোৰ কাষতে থাকি"  নিৰ্মলপ্ৰভা বৰদলৈদ্বিপেন বৰুৱা  
3. "লাগিছে লাগিছে গাত ৰঙৰে দোলা, উৎসৱৰ জলমল আহিলে বেলা"  নিৰ্মলপ্ৰভা বৰদলৈখগেন মহন্ত, দ্বিপেন বৰুৱা, অৰ্চনা মহন্ত, শিৱচৰণ দাস, সান্তনা বৰুৱা, মিঃ চাচনি  
4. "প্ৰভু মই কিনো পাপে কৈলো, গুৰু মই কিনো পাপে কৈলো"  নিৰ্মলপ্ৰভা বৰদলৈখগেন মহন্ত  
5. "বাও চকু লৰিছে তুমি চাগে’ আহিবা, মনে মনে মনে আহি চকু মুদাই ধৰিবা"  নিৰ্মলপ্ৰভা বৰদলৈঅৰ্চনা মহন্ত  
6. "কেতেকে বান্ধি দেলাই, হিলকি বিলকি খপা হায়ৰে"  প্ৰচলিতখগেন মহন্ত  

তথ্যউৎস

[সম্পাদনা কৰক]