সমললৈ যাওক

অহিৰ ভৈৰৱ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অহিৰ ভৈৰৱ
Songs of the Dawn

অহিৰ ভৈৰৱ চলচ্চিত্ৰৰ প'ষ্টাৰ
পৰিচালক শিৱপ্ৰসাদ ঠাকুৰ
কাহিনী পংকজ ঠাকুৰ
প্ৰযোজক ড॰ ৰণেন শৰ্মা
অভিনয়ত পূৰবী শৰ্মা
জেৰিফা ৱাহিদ
কপিল বৰা
চিত্ৰগ্ৰহণকাৰী নিৰ্মল ডেকা (টিট')
সম্পাদনা কাজু
সংগীত পৰিচালক হেমন্ত গোস্বামী
ৰাজেশ্বৰ বৰদলৈ (বুলু)
প্ৰযোজনা
কোম্পানী
ৰণদীপ প্ৰডাক্‌চন্‌চ (ইউ. কে.) লিমিটেড
মুক্তি
২০০৭
দৈৰ্ঘ্য
১০৪ মিনিট
দেশসমূহ ভাৰত ভাৰত
যুক্তৰাজ্য যুক্তৰাজ্য
ভাষা অসমীয়া
বাজেট ১ কোটি

অহিৰ ভৈৰৱ (ইংৰাজী: Songs of the Dawn) হৈছে ২০০৭ চনৰ এপ্ৰিল মাহত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। ৰণদীপ প্ৰডাক্‌ছন্‌ছ (ইউ. কে.) লিমিটেডৰ বেনাৰত বোলছবিখন প্ৰযোজনা কৰে যুক্তৰাজ্য নিবাসী প্ৰবাসী অসমীয়া ড॰ ৰণেন শৰ্মাই আৰু পৰিচালনা কৰে শিৱপ্ৰসাদ ঠাকুৰে। এক কোটি টকাতকৈ অধিক বাজেটৰ আৰু সম্পূৰ্ণৰূপে যুক্তৰাজ্যত শ্বুটিং সম্পন্ন হোৱা এইখন প্ৰথম অসমীয়া চলচ্চিত্ৰ।[1] ২০১০ চনত লণ্ডনৰ ব্ৰিটিছ ফিল্ম ইনষ্টিটিউটে ইয়াৰ সংগ্ৰহালয়ত বোলছবিখন সংৰক্ষণ কৰে।[2]

ছিজ'ফ্ৰেনিয়া ৰোগত আক্ৰান্ত যুক্তৰাজ্যৰ এগৰাকী ভাৰতীয় মূলৰ মহিলাৰ কাহিনীৰে ছবিখন নিৰ্মাণ কৰা হৈছে। নায়িকাৰ ছিজ'ফ্ৰেনিয়া ৰোগৰ লগত সংগ্ৰাম আৰু ইয়াৰ ফলত তেওঁৰ তেওঁৰ পশ্চিমীয়া সংস্কৃতিৰ ভক্ত কন্যাকে ধৰি আন নিকটাত্মীয়ৰ ওপৰত পৰা প্ৰভাৱ চলচ্চিত্ৰখনৰ বিষয়বস্তু।[3] কাহিনীটোত দেখুওৱা হৈছে তিনিটা জেনেৰেশ্যনৰ শিক্ষিত ভাৰতীয় আৰু দেখুওৱা হৈছে ছিজ'ফ্ৰেনিক ৰোগীগৰাকীৰ লগত মিলা-মিছা কৰিবলৈ তেওঁলোকে অনুভৱ কৰা মানসিক অশান্তি।[2]

অভিনয়-শিল্পী

[সম্পাদনা কৰক]

পুৰস্কাৰ

[সম্পাদনা কৰক]
  • নিউইয়ৰ্ক ইণ্ডিপেণ্ডেণ্ট ইণ্টাৰনেছনেল ফিল্ম ফেষ্টিভেল, ২০০৮ - আন্তঃৰাষ্ট্ৰীয় শ্ৰেষ্ঠ পৰিচালকৰ বঁটা (শিৱ প্ৰসাদ ঠাকুৰ)[2]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]