সমললৈ যাওক

ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জুলাই-২০২৪

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৱিকিপত্ৰিকা
অসমীয়া ৱিকিপিডিয়াৰ দাপোণ
ত্ৰয়োদশ বৰ্ষ | জুলাই | ২০২৪ | সপ্তম সংখ্যা
সম্পাদকীয়
ৱিকিপিডিয়ানৰ মনৰ কথা সম্পাদনা কৰক

২০১৭ চনত মোৰ ৱিকিপিডিয়া একাউণ্ট খুলিছিলোঁ যদিও সেই সময়ত অসমীয়া ৱিকিপিডিয়াৰ সম্পাদনাৰ প্ৰক্ৰিয়া বা ৱিকিপিডিয়াৰ বিভিন্ন কাৰ্য আৰু নীতিৰ সৈতে মই মুঠেই পৰিচিত হোৱা নাছিলোঁ৷ মোৰ এই নেতিবাচক দিশৰ বাবেই আৰু ৱিকিপিডিয়াৰ নীতি, সম্পাদনা জ্ঞানৰ অভাৱে মোক এই মঞ্চত সক্ৰিয়ভাৱে অৰিহণা যোগাৱাত বাধা প্ৰদান কৰিছিল ৷ অৱশ্যে ডিজিটেল জগতত অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি সংৰক্ষণৰ বাবে অসমীয়া ৱিকিপিডিয়াই যি প্ৰচেষ্টা হাতত লৈছে সেই প্ৰচেষ্টাই মোক সদায়েই আকৰ্ষিত কৰিছিল৷ প্ৰথম যেতিয়া ৱিকিপিডিয়াৰ জগতখনত ভৰি দিছিলোঁ তেতিয়া এই মঞ্চত অৰ্থপূৰ্ণ অৱদান আগবঢ়াব পৰা আত্মবিশ্বাসৰ অভাৱ আছিল৷ অসমীয়া ৱিকিপিডিয়াৰ প্ৰতি মোৰ আগ্ৰহ থকাৰ পিছতো সক্ৰিয় হৈ থাকিব পৰা নাছিলোঁ লগতে ৱিকিপিডিয়াৰ সম্পাদনা কৰ্মক মই প্ৰত্যাহ্বানজনক বুলি বিবেচনা কৰিলোঁ৷ মঞ্চখন আদৰণীয় হ’লেও মোৰ দৰে নবীন এজনৰ বাবে যেন এক অতিক্ৰম কৰিব নোৱাৰা দুৰ্গ যেন আছিল৷

পৰৱৰ্তী সময়ত মই তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত স্নাতকোত্তৰ অধ্যয়নৰ বাবে নামভৰ্তি কৰিলোঁ৷ এই সিদ্ধান্ত মোৰ যাত্ৰাৰ এক নতুন আশাৰ ৰেঙণি৷ তেজপুৰ বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমে মোক ব্লগিং আৰু ডেস্কটপ পাব্লিছিং আদি বিভিন্ন কাৰিকৰী দিশৰ সৈতে পৰিচয় কৰাই দিয়াৰ লগতে অসমীয়া ৱিকিপিডিয়াৰ প্ৰতি মোৰ আগ্ৰহ পুনৰ জগাই তুলিলে আৰু ৱিকিপিডিয়াৰ বিভিন্ন দিশ সমূহ বুজি পোৱাত সহায় কৰিলে৷ বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমৰ জৰিয়তে অসমীয়া ৱিকিপিডিয়াৰ সৈতে পুনৰ পৰিচিত হ’লোঁ৷ গাঁথনিগত শিক্ষণ পৰিৱেশে মোক ৱিকিপিডিয়াৰ কাম-কাজ ভালদৰে বুজিবলৈ সহায় কৰিলে৷ সম্পাদনাৰ সূক্ষ্মতা, উদ্ধৃতিৰ গুৰুত্ব, মঞ্চৰ সম্প্ৰদায়-চালিত প্ৰকৃতি আদি বুজিবলৈ ধৰিলোঁ৷ মোৰ অধ্যাপক আৰু সহপাঠীসকলৰ পৰা পোৱা সমৰ্থন এই শিক্ষণ প্ৰক্ৰিয়াত যথেষ্ট সহায়ক আছিল৷ মোৰ যাত্ৰাৰ অন্যতম উল্লেখযোগ্য ব্যক্তিজশ হৈছে তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অতিথি অধ্যাপক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক, সক্ৰিয় অসমীয়া ৱিকিপিডিয়ান ভাস্কৰ ভূঞা ৷ তেওঁৰ সক্ৰিয় সহযোগিতাই উৎসাহ আৰু আশাৰ ইন্ধন যোগালে৷ ভাস্কৰ ভূঞাই কেৱল কাৰিকৰী সাহায্য প্ৰদান কৰাই নহয়, অসমীয়া ভাষা-সংস্কৃতি ৰক্ষাৰ কামত তেওঁৰ সমৰ্পণেৰেও মোক অনুপ্ৰাণিত কৰিছিল৷

তেওঁৰ মেণ্টৰশ্বিপৰ অধীনত মই সঠিকতা, নিৰপেক্ষতা আৰু সম্যক গৱেষণাৰ গুৰুত্ব জানিলোঁ, শিকিলোঁ৷ তেওঁৰ উৎসাহ আৰু গঠনমূলক প্ৰতিক্ৰিয়াই মোক মোৰ দক্ষতা বৃদ্ধি কৰাত সহায় কৰিছে আৰু মোৰ আত্মবিশ্বাস বৃদ্ধি কৰিছে৷ আৰু তেতিয়াৰ পৰাই মই অসমীয়া ৱিকিপিডিয়া সম্পাদনাত নিয়োজিত হৈছোঁ৷ মোৰ অৱদানসমূহে অসমীয়া সাহিত্য, ঐতিহাসিক ঘটনা, উল্লেখযোগ্য ব্যক্তিত্ব, সাংস্কৃতিক প্ৰথাকে ধৰি বিভিন্ন বিষয়ক সামৰি লৈছে৷ ২০২৪ চনৰ ২ জুন তাৰিখে তেজপুৰৰ অগ্নিগড়ত অনুষ্ঠিত অসমীয়া ৱিকিপিডিয়াৰ ২৩ সংখ্যক জন্মদিন উদযাপন আৰু চন্দন চিৰিং ফুকন স্মৃতিগ্ৰন্থ উন্মোচনী অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সৌভাগ্য লাভ কৰিলোঁ৷ এই অনুষ্ঠানটো মোৰ যাত্ৰাৰ এক মাইলৰ খুঁটি আছিল৷ সহযোগী ৱিকিপিডিয়ানসকলক লগ পোৱাৰ, ধাৰণা বিনিময় কৰাৰ এক সুযোগ লাভ কৰিছিলোঁ৷ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অংশগ্ৰহণ কৰা সদস্যসকলৰ নিষ্ঠা আৰু উৎসাহ দেখি অনুপ্ৰাণিত হৈছিলোঁ৷

আগন্তুক দিনবোৰত মই অসমীয়া ৱিকিপিডিয়াৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ থাকিবলৈ প্ৰতিশ্ৰুতিবদ্ধ৷ মোৰ আশা পৃথিৱীৰ প্ৰতিটো সম্পদ ইংৰাজীত যিদৰে উপলভ্য, সেইদৰে অসমীয়া ভাষাত উপলভ্য হোৱাটো৷ এয়া কোনো সহজ কাম নহয়, কিন্তু সামূহিক প্ৰচেষ্টাৰে ই সাধনযোগ্য৷ নতুন প্ৰজন্মক বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলক অসমীয়া ৱিকিপিডিয়াত সক্ৰিয়ভাৱে অংশগ্ৰহণ বিশেষ প্ৰয়োজন৷ অসমীয়া ৱিকিপিডিয়াৰ সম্পাদনা, তথ্যৰ ভৰাল চহকী, আৰু বহনক্ষমতাৰ বাবে তেওঁলোক জড়িত হোৱাটো অতি গুৰুত্বপূৰ্ণ৷ ৱিকিপিডিয়াই আমাৰ স্থানীয় ঐতিহ্য সংৰক্ষণৰ লগতে জ্ঞানৰ এক বিশ্বব্যাপী ভঁৰাললৈ অৰিহণা যোগোৱাৰ এক অনন্য সুযোগ আগবঢ়াইছে৷ অসমীয়া ৱিকিপিডিয়াৰ এই সমাজৰ এজন সদস্য হিচাপে মই নিজক লৈ গৌৰৱবোধ কৰোঁ ৷ মোৰ এই যাত্ৰাৰ সহায়ক হিছাপে ভাস্কৰ ভূঞা আৰু সমগ্ৰ অসমীয়া ৱিকিপিডিয়া সমাজৰ উৎসাহ আৰু সহায়ৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ৷

মই অসমীয়া ৱিকিপিডিয়াৰ কামত দায়বদ্ধ হৈ আছোঁ আৰু মোৰ অৱদান আগবঢ়াই নিবলৈ আগ্ৰহী৷ আমি সকলোৱে মিলি আমাৰ চহকী সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ আৰু সকলোৰে বাবে সুলভ হোৱাটো নিশ্চিত কৰিব পাৰোঁ৷ আহক আমি আমাৰ মানুহৰ মাজত গৌৰৱ আৰু পৰিচয়ৰ ভাৱ গঢ়ি তুলি বিশ্বৰ প্ৰতিটো সম্পদ অসমীয়াত উপলভ্য কৰাৰ দিশত কাম কৰোঁ৷

--আস্কৰ আলী (বাৰ্তা) 12:56, 02 July 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ভাল প্ৰবন্ধ
ভাল প্ৰবন্ধ সম্পাদনা কৰক
নাছাৰ গ্লেন ৰিচাৰ্চ চেণ্টাৰৰ গৱেষকসকলে ১৯৬৭ চনত বিমানৰ ইঞ্জিনৰ শব্দ জুখিছিল

অবাঞ্চিত বা ক্ষতিকাৰক শব্দক কোলাহল বোলে, যাক অপ্ৰিয়, উচ্চ বা শ্ৰৱণ ক্ষমতাত বিঘ্নকাৰী বুলি গণ্য কৰা হয়। পদাৰ্থ বিজ্ঞানৰ দৃষ্টিকোণৰ পৰা শব্দ আৰু আকাংক্ষিত শব্দৰ মাজত কোনো পাৰ্থক্য নাথাকে, কিয়নো দুয়োটাই বায়ু বা পানীৰ দৰে মাধ্যমৰ মাজেৰে হোৱা কম্পন। মগজুৱে শব্দ গ্ৰহণ আৰু অনুভৱ কৰাৰ পাছত এই পাৰ্থক্যৰ সৃষ্টি হয়।

ধ্বনিবিজ্ঞানৰ কোলাহল ধ্বনি ক্ষেত্ৰৰ যিকোনো শব্দ, ই ইচ্ছাকৃত (যেনে, সংগীত বা বাক্য) বা অনিচ্ছাকৃত হ’ব পাৰে। ইয়াৰ বিপৰীতে ইলেক্ট্ৰনিকছৰ শব্দ মানুহৰ কাণেৰে শুনা নাযায় আৰু ধৰা পেলাবলৈ যন্ত্ৰৰ প্ৰয়োজন হ'ব পাৰে।

অডিঅ’ ইঞ্জিনিয়াৰিঙত কোলাহলে অবাঞ্চিত অৱশিষ্ট ইলেক্ট্ৰনিক শব্দ সংকেতক বুজাব পাৰে, যিয়ে সোঁসোৱনি হিচাপে শুনা ধ্বনিবিজ্ঞানৰ শব্দৰ জন্ম দিয়ে। এই সংকেত শব্দ সাধাৰণতে A-weighting বা ITU-R 468 weighting ব্যৱহাৰ কৰি জুখিব পাৰি।

পৰীক্ষামূলক বিজ্ঞানত কোলাহলে তথ্যৰ যিকোনো যাদৃচ্ছিক উঠা-নমাক বুজাব পাৰে, যিয়ে কোনো সংকেতৰ উপলব্ধিত বাধা দিয়ে। ইয়াত বিতংকৈ পঢ়ক...

যোৱামাহৰ ভাল প্ৰবন্ধ ঔদ্যোগিক আৱৰ্জনাৰ বিষয়ে ইয়াত পঢ়ক...
সৃষ্টি কৰা প্ৰবন্ধসমূহ
জুন-২০২৪ত সৃষ্টি কৰা প্ৰবন্ধসমূহ সম্পাদনা কৰক
মুঠ প্ৰবন্ধৰ সংখ্যা =  ৬১

বিশ্বৰ প্ৰেক্ষাপট

ব্যক্তি বিষয়ক

  1. ‎ক্লডিয়া শ্বেইনবম
  2. হেৰী হোডিনি
  3. এলিজাবেথ ক'লবাৰ্ট

অন্যান্য

  1. আই চি চি পুৰুষ টুৱেণ্টি২০ বিশ্বকাপ ২০২৪
  2. আফগানিস্তানত ক্ৰিকেট খেল

ভাৰতীয় পটভূমি

ব্যক্তি বিষয়ক

  1. অঞ্জনা ওম্ কাশ্যপ
  2. আছাদুদ্দিন ওৱাইছি
  3. অখিলেশ যাদৱ
  4. ডিম্পল যাদৱ
  5. প্ৰজ্বল ৰেৱন্না
  6. সুতপা চক্ৰৱৰ্তী

অন্যান্য

  1. ৰাজ্য পুনৰ্গঠন আইন, ১৯৫৬
  2. ভাৰতৰ সাধাৰণ নিৰ্বাচন ২০২৪ (অসম)
  3. সমাজবাদী পাৰ্টি
  4. সৰ্বভাৰতীয় মজলিছ-ই-ইত্তেহাদুল মুছলিমীন
  5. বেটেলগ্ৰাউণ্ড্‌ছ ম’বাইল ইণ্ডিয়া
  6. ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰৰ্প’ৰেশ্বন লিমিটেড

অসম বিষয়ক

ব্যক্তি বিষয়ক

  1. ৰঞ্জিত দত্ত
  2. বিমল বৰা
  3. নৱমী গগৈ
  4. গোপীনাথ পাঠক
  5. দামোদৰ দাস
  6. শ্ৰীনাথ দ্বিজ
  7. পৰাগ দাস

গ্ৰন্থ বিষয়ক

  1. ‎অকণ (সচিত্ৰ শিশু আলোচনী)
  2. অৰুণ (শিশু আলোচনী)
  3. অসমী (শিশু আলোচনী)
  4. মইনা (শিশু আলোচনী)
  5. কাকলি (শিশু আলোচনী)
  6. বৰ্ণালী (শিশু আলোচনী)
  7. বিহুৱান (শিশু আলোচনী)
  8. পাৰিজাত (শিশু আলোচনী)
  9. ল'ৰা বন্ধু (শিশু আলোচনী)
  10. পয়েট্ৰী উইডাউট ফীয়েৰ

অন্যান্য

  1. বেকী নদী
  2. চম্পাৱতী নৈ
  3. দৰং–ওদালগুৰি (লোকসভা সমষ্টি)
  4. ডিফু (লোকসভা সমষ্টি)
  5. মৰা ভৰলী
  6. কাজিৰঙা (লোকসভা সমষ্টি)
  7. অসম গেছ কোম্পানী লিমিটেড
  8. ডিএনপি লিমিটেড
  9. ব্ৰজবুলি
  10. ‎ব্ৰজ সাহিত্য

সানমিহলি

  1. কোলাহল (শব্দ)
  2. বহনক্ষম উন্নয়ন
  3. আহোম বগৰী
  4. লোক-উৎসৱ
  5. উৰহ
  6. চৰাইৰ প্ৰব্ৰজন
  7. এ টি এম কাৰ্ড
  8. ঢোল
  9. গ্ৰক (চেটবট)
  10. ক্ল’ড (ভাষা-আৰ্হি)
  11. কম্পিউটাৰ প্ৰগ্ৰেমিং
  12. গাখীৰতী বন
  13. কণী উমনি দিয়া
  14. ভাপ
  15. লাকী বেম্বো
  16. ফাৰ্ণ
  17. পবিত্ৰ গছ
নিৰ্বাচিত চিত্ৰ সম্পাদনা কৰক
ব্ৰহ্মপুত্ৰ নদীৰ ওপৰেৰে পাৰহৈ যোৱা যাত্ৰীবাহী এখন নাও
আলোকচিত্ৰ শিল্পী: ঈশান জ্যোতি বৰা
পদক সম্পাদনা কৰক
পদক
পাওঁতাৰ নাম
এই মাহৰ ৱিকিমিডিয়ান
হিমাশ্ৰী বৰা
প্ৰতিভাবান ন-সম্পাদকৰ পদক
আস্কৰ আলী







উল্লেখনীয় কাম সম্পাদনা কৰক
  • অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ১৩,৪৫২ টালৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউৎসত উপলভ্য গ্ৰন্থৰ সংখ্যা ৬০৮ খনলৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউদ্ধৃতিত লেখাৰ সংখ্যা ১১৩১ টালৈ বৃদ্ধি পালে।
নিৰ্বাচিত উদ্ধৃতি
নিৰ্বাচিত উদ্ধৃতি সম্পাদনা কৰক


পৰিসংখ্যা আৰু অন্যান্য সম্পাদনা কৰক
পৰিসংখ্যা

অন্যান্য সংযোগ


  • ইন্‌ষ্টাগ্ৰামত অনুসৰণ কৰক: @assamesewikimedia

ঘোষণা


ৱিকিপিডিয়াত থাকিব লগা অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকাৰ পৰা প্ৰবন্ধ সৃষ্টি কৰি অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাত সহায় কৰক।
ক্ৰ.
নং
সদস্য সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
ৱিকিপিডিয়া ৱিকিউৎস ৱিকিউদ্ধৃতি ৱিকিকমন্স ৱিকিতথ্য
অজয় দাস ৫৩ - - ১৩ ১৩
অনামিকা বড়া ৩৭ ১০৮ ২৩২ - -
আস্কৰ আলী ৫৮ - - -
কুলধৰ ৰাভা ৬৭ ১৯৫ ১৩ -
খিলঞ্জীত ৪১ - - - -
গীতাৰ্থ বৰদলৈ ৬২ ১০ ৩৪ ১৯ ‌
জ্যোতি চিৰিং - ১৫১ - - -
দিব্য দত্ত ৫০৬ - ১৫৩ - ১১৪
নয়ন জ্যোতি নাথ ৮৪ ১৭ - ৩৩
১০ প্ৰণামিকা অধিকাৰী ২৯০ ১১ ৮১ ৩৬
১১ Mohsin274 ৮৯ - - - ৩০
১২ ৰুমী বৰা - ৫০২ - - -
১৩ হিমাশ্ৰী বৰা - ১০৫২ ৬৫ - -


বিঃদ্ৰঃ তালিকাখন সদস্যনামৰ বৰ্ণানুক্ৰমিক কৰি সজোৱা হৈছে।

ৱিকিপত্ৰিকাৰ পৰৱৰ্তী প্ৰকাশনৰ বাবে আপোনাৰো সহায়ৰ প্ৰয়োজন। অনুগ্ৰহ কৰি ইয়াত যোগদান কৰি ইয়াক সাফল্যমণ্ডিত কৰি তোলক।
ৱিকিপিডিয়াৰ লগত জড়িত হ’বৰ বাবে ৱিকিপিডিয়া পৰিচিতি পৃষ্ঠাটো আপোনাৰ উপযোগীকৈ বনোৱা হৈছে, প্ৰয়োজন সাপেক্ষে আপুনি চকু ফুৰাব বুলি আশা কৰা হ’ল।
ৱিকিপত্ৰিকাৰ বিষয়ে আপোনাৰ মন্তব্য ইয়াত লিখক।