ৱিকিচ'ৰা:অসম
অসম (ইংৰাজী: Assam) [Asom] ( ![]() অসমৰ চলচ্চিত্ৰই মূলতঃ অসমীয়া ভাষাত নিৰ্মিত চলচ্চিত্ৰসমূহকে বুজাই যদিও অন্য স্থানীয় ভাষা, যেনে- বড়ো, কাৰ্বি আদিত নিৰ্মিত চলচ্চিত্ৰও ইয়াৰ অন্তৰ্গত। বহল অৰ্থত অসম ৰাজ্যৰ পৰা নিৰ্মাণ কৰা সকলো চলচ্চিত্ৰকে অসমৰ চলচ্চিত্ৰ বুলিব পাৰি। ১৯৩৫ চনৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ছবি জয়মতীৰ জৰিয়তেই অসমৰ চলচ্চিত্ৰৰ উদ্যোগে জন্ম লাভ কৰে। তেতিয়াৰে পৰাই বহুতো উত্থান-পতনৰ মাজেৰে ই বৰ্তমানৰ ৰূপ পাইছেহি। বাণিজ্যিকৰ লগতে সমান্তৰাল ধাৰাৰ ছবিও নিৰ্মাণ হৈ আহিছে। সমান্তৰাল ছবিৰ পৰিচালকৰ ভিতৰত ডo ভবেন্দ্ৰ নাথ শইকীয়া আৰু জাহ্নু বৰুৱা নাম উল্লেখযোগ্য। যদিও এই উদ্যোগৰ ইতিহাস পুৰণি আৰু বহুসংখ্যক ছবিয়ে ৰাষ্ট্ৰীয়স্তৰত সন্মান লাভ কৰিছে, তথাপিও ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় পৰ্যায়ত ই বিশেষ চমক প্ৰদৰ্শন কৰিবলে আজিকোপতি সক্ষম হোৱা নাই। সাম্প্ৰতিক কালৰ অসমীয়া চলচ্চিত্ৰ উদ্যোগ বহুতো সমস্যাৰে জৰ্জৰিত। তাৰ ভিতৰত উল্লেখযোগ্য হৈছে দৰ্শক আৰু চিত্ৰগৃহৰ অভাৱ। তাৰোপৰি ডাঙৰ চলচ্চিত্ৰ উদ্যোগ, যেনে: বলিউডে সদায়ে এই স্হানীয় উদ্যোগটোৰ প্ৰসাৰত সমস্যাৰ সৃষ্টি কৰি আহিছে। (সবিশেষ পঢ়ক .....) ![]() শ্ৰীমন্ত শংকৰদেৱ (ইংৰাজী: Srimanta Sankardeva, জন্ম:১৪৪৯ - মৃত্যু:১৫৬৮) একেধাৰে এগৰাকী ধৰ্ম প্ৰচাৰক, সমাজ সংগঠক, সুগায়ক, নৰ্তক, অভিনেতা, কবি, চিত্ৰকৰ আছিল। শংকৰদেৱ অসমীয়া জাতি-সাহিত্য-সংস্কৃতি নিৰ্মাতা। তেওঁ সাংস্কৃতিক প্ৰমূল্যৰে নৱবৈষ্ণৱ ধৰ্ম অথবা একশৰণ ধৰ্ম প্ৰচাৰ কৰি অসমীয়া সমাজ-জীৱনক একত্ৰিত আৰু সংহতিত কৰিছিল। অসমীয়া তথা ভাৰতীয় সাংস্কৃতিক জীৱনলৈ তেওঁ যি বিস্ময়কৰ অৱদান আগবঢ়াই গ'ল তাৰ বাবে তেওঁক মহাপুৰুষ আৰু অৱতাৰী পুৰুষ ৰূপে আখ্যা দিয়া হয়।
ভূগোল: ব্ৰহ্মপুত্ৰ • অধিক ইতিহাস: অসমৰ ইতিহাস • অসমৰ বুৰঞ্জী • ভাৰতৰ স্বাধীনতা আন্দোলন • অধিক জিলা আৰু নগৰসমূহ: অসমৰ জিলাসমূহ • কামৰূপ (মহানগৰ) • যোৰহাট • ডিব্ৰুগড় • শোণিতপুৰ • বঙাইগাঁও • অধিক পৰ্যটন: ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য • কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান • কামাখ্যা মন্দিৰ • মাজুলী • শিৱসাগৰ • ভালুকপুং • পবিতৰা অভয়াৰণ্য • অধিক সংস্কৃতি: অসমীয়া • সাহিত্য • চলচ্চিত্ৰ • জনগোষ্ঠী • বিহু • ফাকুৱা • দুৰ্গা পূজা • আলি আঃয়ে লৃগাং • অধিক ব্যক্তি: শ্ৰীমন্ত শংকৰদেৱ • গোপীনাথ বৰদলৈ • ভূপেন হাজৰিকা • আনন্দৰাম বৰুৱা • বিষ্ণু ৰাভা • অধিক
|