ৰুদ্ৰাক্ষ
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
ৰুদ্ৰাক্ষ গছ | |
---|---|
Tree | |
Collection of five-faced rudrakshas | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
বিভাগ: | Magnoliophyta |
শ্ৰেণী: | Magnoliopsida |
বৰ্গ: | Oxalidales |
পৰিয়াল: | Elaeocarpaceae |
গণ: | Elaeocarpus |
প্ৰজাতি: | E. ganitrus |
বৈজ্ঞানিক নাম | |
Elaeocarpus ganitrus (Roxb.) |
ৰুদ্ৰাক্ষ গছৰ বৈজ্ঞানিক নাম - Eleocarus ganitrus,roxb (Family, অৰ্থাৎ গোত্ৰ Tiliaceae), ইয়াত Eleocarus জাতি নাম (Genus) আৰু ganitrus প্ৰজাতি (species) নাম আৰু শেষৰ Roxb.শব্দটোৱে এই গছৰ উদ্ভাৱক Roxburghৰ সংক্ষিপ্ত নাম বুজায়৷ এই নামেৰে ৰুদ্ৰাক্ষ গছ পৃথিৱীৰ সকলো ঠাইতে পৰিচিত।[1]
ৰুদ্ৰাক্ষৰ গছৰ উৎপত্তি
[সম্পাদনা কৰক]হিন্দুসকলৰ তৃতীয় আৰাধ্য দেৱতা শিৱৰ লগত ৰুদ্ৰাক্ষৰ উৎপত্তিৰ কথা জড়িত হৈ আছে বুলি জনা যায়৷ ৰুদ্ৰাক্ষ শিৱৰ বৰ প্ৰিয় গছ আছিল৷ এইটো এটা সংস্কৃত শব্দ৷ ‘ৰুদ্ৰ’ৰ অৰ্থ হৈছে শিৱ আৰু ‘অক্ষি’ মানে চকু,অৰ্থাৎ ৰুদ্ৰাক্ষ মানে শিৱৰ চকু৷ পৌৰাণিক মহাকাব্য শিৱপুৰাণৰ মতে পৃথিৱীৰ মানুহৰ দুখ-দুৰ্দশা দেখি মহাদেৱে ইমানেই সহানুভূতিশীল হৈ পৰিছিল যে তেওঁৰ চকুৰপৰা এটুপি পানী নিৰ্গত হৈ মাটিত পৰিছিল আৰু চকুলো টোপাল বীজলৈ পৰিণত হৈ কালক্ৰমত পৃথিৱীত ৰুদ্ৰাক্ষ গছৰ সৃষ্টি হৈছিল৷
ভৌগোলিক বিস্তৃতি
[সম্পাদনা কৰক]ৰুদ্ৰাক্ষ গছ সাধাৰণতে দক্ষিণ-পূব এছিয়াৰ জাভা, সুমাত্ৰা, বৰ্নিঅ’, বালি, ইৰাণ, ইণ্ডোনেছিয়া, ফিলিপাইন, ম্যানমাৰ, পূব নেপাল আৰু সমগ্ৰ উত্তৰ ভাৰতত পোৱা যায়৷ বৰ্তমান পৃথিৱীৰ শতকৰা প্ৰায় ৭০ ভাগ ৰুদ্ৰাক্ষ গছ ইণ্ডোনেছিয়াত, ২৫ ভাগ নেপালত আৰু প্ৰায় ৫ভাগ ৰুদ্ৰাক্ষ গছ ভাৰতবৰ্ষত বিস্তৃত হৈ আছে।[1]
ৰুদ্ৰাক্ষ গছৰ বিশেষ লক্ষণ
[সম্পাদনা কৰক]বহু বৰ্ষজীৱী ডাঙৰ ঔষধি গছ৷ সমুদ্ৰপৃষ্ঠৰপৰা ২,০০০ মিটাৰ উচ্চাতাত এই গছ দেখা পোৱা যায়৷ গছজোপাৰ উচ্চতা ৫০ৰপৰা ২০০ফুট পৰ্যন্ত হয়৷ এই গছৰ বাকলি ধোঁৱা বৰণীয়া বগা আৰু খহটা৷ পাতবোৰ সৰল আৰু বহল৷ পাতৰ ওপৰপৃষ্ঠ উজ্জল-সেউজীয়া আৰু তলফালটো কম সেউজীয়াআৰু চামৰাৰ দৰে৷ এপ্ৰিল-মে মাহৰ ভিতৰত ৰুদ্ৰাক্ষ গছৰ ফুল ফুলে আৰু জুন মাহত ফল ধৰিবলৈ আৰম্ভ কৰি আগষ্টৰপৰা অক্টোবৰৰ ভিতৰত ফল পকে৷ ফলবোৰ গোলাকাৰ, মঙহাল আৰু বাকলিযুক্ত৷ ‘বেৰি’জাতীয় এই ফলৰ ভিতৰত একোটাকৈ গুটি থাকে৷ ফলবোৰ সম্পূৰ্ণকৈ পকিলে নীলা ৰঙৰ হয়৷ সেইকাৰণে ইয়াক ‘ব্লু-বেৰি’ (Blueberry) বোলে। কিন্তু শুকাই গ’লে এই ফল ক’লা বৰণৰ হয়।
ৰুদ্ৰাক্ষ গছৰ গুটি
[সম্পাদনা কৰক]গুটিৰ ওপৰিভাগ যথেষ্ট কঠিন আৰু খহটা (ভোটা কাঁইটৰ দৰে)৷ এই গুটি ৰচীৰে গাঁথি মালা তৈয়াৰ কৰা হয়৷ ৰুদ্ৰাক্ষ গুটিৰ ওপৰভাগত সৰু সৰু ‘মুখ’ থাকে৷ এই মুখৰ সংখ্যা একোটা গুটিত ১ৰপৰা ৩৮টা পৰ্যন্ত হোৱা দেখা যায়৷ এক আৰু চৈধ্যমুখী ৰুদ্ৰাক্ষৰ অধিপতি ৰুদ্ৰ বা শিৱ বুলি বিশ্বাস কৰা হয়৷ এক আৰু পোন্ধৰৰপৰা আঠত্ৰিছমুখী ৰুদ্ৰাক্ষ বিৰল৷ পঞ্চমুখী ৰুদ্ৰাক্ষ সহজলভ্য৷ সেইকাৰণে সাধু-সন্নাসীসকলে পঞ্চমুখী ৰুদ্ৰাক্ষৰ গুটিৰ মালা ব্যৱহাৰ কৰে৷ এই গছৰ গুটিৰে মালা তৈয়াৰ কৰা হয় কাৰণে ৰুদ্ৰাক্ষ গছক ইংৰাজীত ‘বিড ট্ৰি’(Beed tree)বোলে৷ বৈদিক শাস্ত্ৰত বিশ্বব্ৰক্ষ্মাণ্ডখন ১০৮টা মূল উপাদানেৰে গঠিত বুলি উল্লেখ থকা কাৰণে এডাল মালাত ১০৮টা ৰুদ্ৰাক্ষ গুটি ব্যৱহাৰ কৰা হয়৷
ৰুদ্ৰাক্ষৰ খেতি কৰাটো কষ্টকৰ। কাৰণ এই গছৰ গুটীৰ অংকুৰণ হ’বলৈ বহু সময় লাগে৷ মাটিৰ গুণাগুণ আৰু আৰ্দ্ৰতাৰ ওপৰত নিৰ্ভৰ কৰি এবছৰৰপৰা দুবছৰৰ ভিতৰত এই গুটিৰ অংকুৰণ হয়৷ ২৫°-৩০° দুবছৰৰ ছেণ্টিগ্ৰেড উষ্ণতাৰ উপক্ৰান্তীয় অঞ্চলত ৰুদ্ৰাক্ষৰ খেতি কৰা হয়৷ সাত বছৰ বয়স হোৱাৰ পাছতহে সাধাৰণতে ৰুদ্ৰাক্ষ গছত ফল ধৰে৷ তাপ, পোহৰ আৰু পাৰিপাৰ্শ্বিক অৱস্থাৰ বিভিন্ন কাৰকৰ ওপৰত নিৰ্ভৰ কৰি একোজোপা গছতে ভিন্নমুখী ৰুদ্ৰাক্ষ গুটিৰ সৃষ্টি হ’ব পাৰে৷ হিমালয়ৰ নামনি অঞ্চলত হোৱা গুটি সেই ঠাইৰ মাটি,পৰিবেশ আৰু জলবায়ুৰ বাবে আটাইতকৈ গধুৰ আৰু শক্তিশালী হয়৷ হিন্দু,বৌদ্ধ আৰু শিখ ধৰ্মৰ লোকে হাজাৰ হাজাৰ বছৰ ধৰি নিজৰ দেহ,মন আৰু আত্মা পবিত্ৰ কৰাৰ বাবে ৰুদ্ৰাক্ষৰ মালা ‘জপমালা’ হিচাপে ব্যৱহাৰ আৰু পৰিধান কৰি আহিছে৷[1]
ৰুদ্ৰাক্ষৰ ঔষধি গুণ
[সম্পাদনা কৰক]ভাৰতবৰ্ষত কেইবাজনো বিশিষ্ট গৱেষকে ৰুদ্ৰাক্ষৰ গুটিৰ বিষয়ে সময়ে সময়ে গৱেষণা কৰি আহিছে৷ এই গুটিত ‘ষ্টেৰল’(Sterol)আৰু ‘পলিফেনলিক’ৰ( Polyphenolic)ৰাসায়নিক জটিল পদাৰ্থ নিহিত হৈ আছে বুলি গৱেষকসকলে মন্তব্য কৰে৷ বেনজিন(Benzene C6 H6)নামৰ কাৰ্বন আৰু হাইড্ৰ’জেনযুক্ত পদাৰ্থৰ লগত এটা বা ততোধিক হাইড্ৰ’ক্সিল(Hydroxyl,OH)গ্ৰুপযুক্ত হৈ ফেনলিক পদাৰ্থৰ সৃষ্টি হয়৷ এই পদাৰ্থবোৰ উদ্ভিদৰ বিভিন্ন বিপাকীয় কাৰ্যৰ ফলত তৈয়াৰ হয়৷ ‘ষ্টেৰল’বিলাক কাৰ্বন,হাইড্ৰ’জেন আৰু ‘OH’গ্ৰুপ থকা এলকহল জাতীয় পদাৰ্থ৷ উদাহৰণ, ‘কলেষ্টেৰল’(Cholesterol,C27 H45 OH)আয়ুৰ্বেদৰ মতে ৰুদ্ৰাক্ষৰ মালা পৰিধান কৰিলে হৃৎপিণ্ডৰ অস্বাভাৱিক কম্পন,শাসকষ্ট আদি ৰোগ,স্নায়ৱিক দুৰ্বলতা,মানসিক উৎকণ্ঠা,হতাশা আদি হ্ৰাস পায়৷ ফলত শাৰীৰিক আৰু মানসিক দুয়োফালৰপৰা মানুহক সবল আৰু কাৰ্যক্ষম কৰি মনলৈ বাৰ্ধক্য ভাব অহাত বাধা দিয়ে৷ গতিকে ৰুদ্ৰাক্ষ গুটিৰ বাৰ্ধক্য প্ৰতিৰোধ কৰিব পৰা ক্ষমতা আছে৷ উচ্চ ৰক্তচাপত ভোগা লোকে এই মালা পৰিধান কৰিলে উপকৃত হয়৷ কাৰণ ৰুদ্ৰাক্ষৰ গুটিৰ স্পৰ্শই দেহত বিদ্যুৎ চুম্বকীয় প্ৰবাহৰ সৃষ্টি কৰে বুলি অতীজপৰা বহুতৰ মনত বিশ্বাস আছে৷ বেনাৰসৰ ‘ইণ্ডিয়ান ইনষ্টিটিউট অৱটেকনলজি’ৰ(IIT)ড° সুহাস ৰয়ে প্ৰকাশ কৰা গৱেষণা পত্ৰই এই তত্তৰ সত্যতা প্ৰমাণ কৰে৷ ৰুদ্ৰাক্ষ গুটিৰ গুৰি পানীৰ লগত মিলাই খালেও কোনো পাৰ্শ্বক্ৰিয়া নোহোৱাকৈ উচ্চ ৰক্তচাপ নিয়মীয়া হয়(Dr.S.P.Gupta,1985)৷ ভিন্নমুখী(১-৩৮ মুখযুক্ত)ৰুদ্ৰাক্ষৰ গুটি ব্যৱহাৰ কৰি মানুহৰ দেহৰ বিভিন্ন ৰোগাক্ৰান্ত অংগ আদিয়ে আৰোগ্য লাভ কৰাৰ বিষয়ে লগত দিয়া তালিকাত উল্লেখ কৰা হ’ল।[1]
ৰুদ্ৰাক্ষৰ প্ৰকাৰ | আৰোগ্য লাভ(অংগ আদি) |
---|---|
১আৰু ১২ মুখী | হৃৎপিণ্ড,ৰাজহাড়,ৰক্তবাহী সিৰ আৰু দৃষ্টিশক্তি৷ |
২মুখী | পেটৰ ৰোগ, বক্ষ, ঘাম,লালটি,স্নায়ুতন্ত্ৰ আদি৷ |
৩ মুখী | যৌনগ্ৰন্থি, অধিবৃক্কীয় গ্ৰন্থি(adrenal glands),লোহিত কণা,পেটৰ অসুখ,ৰক্তচাপৰ অস্বাভাৱিকতা৷ |
৪মুখী | হাত,বাহু,হাঁওফাঁও,স্পৰ্শেন্দ্ৰিয় গ্ৰন্থি(sensory organs),থাইৰয়ড গ্ৰন্থি(thyroid gland),মগজুৰ বিজুতি বা বিকলতা(brain disorders)আদি৷ |
৫ মুখী | যকৃৎ(liver),পিত্তথলি(gall bladder),ৰক্তচাপৰ অস্বাভাৱিকতা আদি৷ |
৬ আৰু ১৩ মুখী | গলা বা কণ্ঠ(throat),ডিঙি,বৃক্ক(kidney),যৌনাংগ,থাইৰয়ড গ্ৰন্থি৷ |
৭ আৰু ১৪ মুখী | মানসিক চাপ,হতাশা,ছাল(skin),ভৰিৰ আঁঠুৰপৰা তলৰ অংশ,পিটুইটেৰি গ্ৰন্থি (pituitary gland)৷ |
৮ মুখী | অনিদ্ৰা৷ |
৯ মুখী | ছালৰ সমস্যা আৰু গাৰ বিষ৷ |
১১ মুখী | স্নায়ুতন্ত্ৰৰ ব্যাধি বা বিকলতা(nervous system disorders)৷[1] |
সাধাৰণতে পঞ্চমুখী গুটি সহজলভ্য আৰু এইবিধ গুটিৰ ৰক্তচাপ নিয়মীয়া কৰিব পৰা ক্ষমতা আছে৷ দ্বিমুখী গুটিৰ মালা পিন্ধিলে মনলৈ শান্তি আহে বুলি জনা যায়৷ আয়ুৰ্বেদৰ মতে কেইটামান গুটি অলপ গাখীৰত উতলাই লৈ ঠাণ্ডা কৰি সেই গাখীৰ খালেও শৰীৰত দেখা দিয়া হতাশা,বুকুৰ ধপধপনি আদি নিয়মীয়া হয়৷ প্ৰাচীন কালত কেৱল ঋষি-মুনিসকলেহে ৰুদ্ৰাক্ষৰ মালা পিন্ধিছিল আৰু ‘জপমালা’ হিচাপে ব্যৱহাৰ কৰিছিল৷ কিন্তু বৰ্তমান এই মালা আমাৰ দেশৰ বহুতো পুৰুষ-মহিলাই ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে৷ ভাৰতীয় সংস্কৃতি,দৰ্শন আৰু বিদেশী লোকেও ৰুদ্ৰাক্ষৰ মালা পৰিধান কৰা দেখা গৈছে৷ বৰ্তমান বজাৰত পাঁচ টকাৰপৰা আৰম্ভ কৰি ২.৪০লাখ টকা মূল্যৰ ৰুদ্ৰাক্ষ আছে বুলি জনা যায়৷ ৰুদ্ৰাক্ষৰ মালা বৰ্তমান বজাৰত সোণ,ৰূপ আৰু বিবিধ মণিৰ লগত মিলাই গঁথা ‘বিলাসী ধৰণতো’(Fashionable necklace)পোৱা যায়৷ ৰুদ্ৰাক্ষৰ মালা সকলোৱে ব্যৱহাৰ কৰিব পাৰে,মাথোঁ এই ক্ষেত্ৰত নকল ৰুদ্ৰাক্ষৰ পৰা সাৱধান হোৱা উচিত৷ নকল ৰুদ্ৰাক্ষ গছজোপাৰ বৈজ্ঞানিক নাম:(Eleocarus tuberculatus,Roxb.(গোত্ৰ)Tiliaceae)৷ এই গুটি ৰুদ্ৰাক্ষ সদৃশ যদিও একে পৰ্যায়ৰ নহয়৷[1]
- প্ৰকৃত ৰুদ্ৰাক্ষ চিনি পোৱাৰ উপায়
ৰুদ্ৰাক্ষৰ প্ৰকৃত গুটি পানীত ছঘণ্টা সময় উতলাই থাকিলেও গুটিৰ কোনো পৰিবৰ্তন নহয়,একেই থাকে৷ কিন্তু নকল ৰুদ্ৰাক্ষ পানীত ভাগি জহি যায়৷ প্ৰকৃত ৰুদ্ৰাক্ষ কোনোমতেই ভাঙিব নোৱাৰি৷ ৰুদ্ৰাক্ষ মালা পৰিধান কৰাসকলে কিছু সাৱধানতা অৱলম্বন কৰে৷ তেওঁলোকৰ মতে এই মালা শোওঁতে আৰু গা ধোৱাৰ সময়ত খুলি থব লাগে৷ কাৰণ চাবোন লাগিলে গুটিত থকা তৈলগুণ হেনো ক্ৰমশ: নোহোৱা হৈ যায়৷ মালাৰ উপৰিভাগত লগা ধূলি-বালি দূৰ কৰিবলৈ মালাধাৰ এৰাতি পানীত তিয়াই থৈ,শুকুৱাই লৈ জলফাইৰ তেল(Olive oil)বা মিঠাতেল সানি পুনৰ ব্যৱহাৰ কৰিব পাৰে৷[1]