সমললৈ যাওক

সদস্য বাৰ্তা:KhiLanTzi

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

The Wikipedia Asian Month 2023 Barnstar

[সম্পাদনা কৰক]

সতৰ্কতা

[সম্পাদনা কৰক]

বিদুৰভাই (চলচ্চিত্ৰ) প্ৰবন্ধত সম্পাদকে লগাই ৰখা জাননীখনকো উপেক্ষা কৰি আপুনি যি সম্পাদনা কৰি আছে, সেয়া সঠিক হোৱা নাই, এইক্ষেত্ৰত কিছু ধৈৰ্য ধৰিবলৈ আপোনাক সতৰ্ক কৰি দিয়া হ'ল। -Nayan j Nath (বাৰ্তা) 13:57, 2 August 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Template:Edit conflict সাঁচটো Category:Inline talk templates অন্তৰ্গত যাক প্ৰবন্ধত ব্যৱহাৰ কৰা নহয়। সেয়েহে মই এয়া টাইপিংৰ ভুল (typing mistake) বুলি ভাবিছিলো। অৱশ্যে কোনো edit conflicts হোৱা নাছিল আৰু মোৰ সম্পাদনা হৈ গৈছে।Category:Inline talk templates অনুসৰী (They should never be used in articles) KHI-LAN-TZI 14:20, 2 August 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
"অৱশ্যে কোনো edit conflicts হোৱা নাছিল আৰু মোৰ সম্পাদনা হৈ গৈছে।" এই কথাখিনি গ্ৰহণযোগ্য নহয়, কাৰণ এয়া আপুনি সম্পাদনা কৰাৰ পৰৱৰ্তী ফলাফলহে, যিটো আগতিয়াকৈ ধাৰণা কৰা নাযায়। ইয়াৰোপৰি আনে লিখিথকা প্ৰবন্ধ এটাত কোনো সৌজন্যতা নেদেখুৱাই গুৰুত্বৰ সালসলনি কৰাটো উচিত নহয়। সাঁ‌চটোত অসমীয়াত লিখা কথাখিনিয়েই এই কথাটো বুজিবৰ বাবে যথেষ্ট। Nayan j Nath (বাৰ্তা) 14:59, 2 August 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
অসমীয়া ৱিকিপিডিয়াত থকা Edit conflict সাঁচটো ইন-লাইন সাঁচ নহয়। এই সাঁচটোত এটা ৱাৰ্ণিং বক্স ওলাই আৰু তাত স্পষ্টকৈ সম্পাদনা নকৰিবৰ বাবে লিখি থোৱা আছে। এই সাঁচটো থকালৈকে অন্য সম্পাদকে সম্পাদনা কৰা অনুচিত আৰু সাঁচটো স্থাপন কৰি যদি দুসপ্তাহতকৈও অধিক সময় মূল সম্পাদকে কোনো সম্পাদনা নকৰে, তেতিয়া সাঁচটো অন্য সম্পাদকে আঁতৰাই দিব পাৰে। দিব্য দত্ত (বাৰ্তা) 15:23, 2 August 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@দিব্য দত্ত অসমীয়া ৱিকপিডিয়াত সাঁচটো update কৰাৰ প্ৰয়োজন। দুসপ্তাহতলৈকে সম্পাদনা নকৰাটো ৱিকিপিডিয়াৰ নিয়মৰ বিৰোধী। এই পুৰণি নিয়ম সমূহ শুধৰোৱা হৈছে।
  • Wikipedia:Ownership of content অনুসৰি কোনোৱেই বিষয়বস্তুৰ "মালিক" নহয় (ৱিকিপিডিয়াৰ প্ৰবন্ধ বা যিকোনো পৃষ্ঠাকে ধৰি)। যদি আপুনি এটা প্ৰবন্ধ সৃষ্টি কৰে বা সম্পাদনা কৰে, তেন্তে অন্য সম্পাদকসকলে পৰিবৰ্তন কৰিব পাৰে, আৰু আপুনি তেওঁলোকক তেনে কৰাত বাধা দিব নোৱাৰে। ইয়াৰ উপৰিও আপুনি তেওঁলোকৰ সম্পাদনাসমূহ কোনো কাৰণ নোহোৱাকৈ পুনৰ ঘূৰাই আনিব নালাগে।
KHI-LAN-TZI 16:25, 2 August 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
মালিক বুলি কোনে কেতিয়া অধিকাৰ সাব্যস্ত কৰিবলৈ গৈছে? নতুন প্ৰৱন্ধ এটা সম্পাদিত অৱস্থাত থকা আৰু তাত এখন জাননী ওলমি থকা দেখিও কোনো আলোচনা আবিহনেই প্ৰৱন্ধ এটাত জপিয়াই পৰা ৱিকিৰ কোনটো নিয়মৰ ভিতৰত? স্থানীয় ৱিকিৰ ক্ষেত্ৰত কিছুমান নীতি শিথিল, যিহেতু সম্পাদকৰ সংখ্যা কম গতিকে এই কম সংখ্যক সম্পাদক সকলৰ মাজত সসন্মানে নিজৰ নিজৰ কামখিনি কৰি থকাৰ অধিকাৰ আমি ইজনে আনজনক দিয়া উচিত। Nayan j Nath (বাৰ্তা) 17:45, 2 August 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@Nayan j Nath WP:CIVILITY মানি চলিবলৈ আহ্বান জনালোঁ প্ৰৱন্ধ এটাত জপিয়াইৰ দৰে শব্দ এজন প্ৰশাসকৰ দ্বাৰা শোভা নাপাই। WP:OWN ত মালিক শব্দৰ ব্যৱহাৰ হৈছে মই তাত লিখা খিনিহে copy paste কৰিছোঁ। WP:OWN অনুসৰী যিকোনো লোকে পৃষ্ঠাটোত সম্পাদনা কৰিব পাৰে। KHI-LAN-TZI 17:54, 2 August 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
"প্ৰৱন্ধ এটাত জপিয়াই" এই অংশটো উল্লেখিত প্ৰৱন্ধটোৰ ক্ষেত্ৰত আপুনি দেখুওৱা আচৰণক প্ৰতিনিধিত্ব কৰা এটা বাক্য। ইয়াত কোনো অসৎ বা আপত্তি জনক শব্দৰ ব্যৱহাৰ হোৱা নাই, প্ৰথমে আপুনি নিজেই ৱিকিৰ নীতি-নিয়ম মানি চলিবলৈ শিকক। সম্পাদক এজনে আন এজন সম্পাদকৰ আহ্বান নীতিৰ বিপৰীতে গৈ মানি নচলিলে প্ৰশাসক হিচাপে সতৰ্ক কৰি দিয়াটো কৰ্তব্য বুলি ভাৱোঁ‌। অৱশ্যে সেয়া আপুনি মানি চলে বা নচলে, নিজৰ ভুলটো অনুভৱ কৰে নকৰে আপোনাৰ কথা। Nayan j Nath (বাৰ্তা) 19:46, 2 August 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@Nayan j Nath ৱিকিপিডিয়াৰ নিয়ম মানি চলি আহিছোঁ চলি যাম। Template:Edit conflict শুধৰণি প্ৰয়োজন। প্ৰশাসক হিচাপে এই edit টো চাবচোন ইয়াত WP:NEUTRAL নামানি বিতৰ্ক সমূহ গুচাই দিছে। KHI-LAN-TZI 03:53, 3 August 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
সেয়াই, নীতি অনুসৰি মই নিজাকৈ বা আপুনি নিজেই প্ৰয়োজন বুলি ভাৱিলে কাৰণেই কোনো আলোচনা অবিহনে মইমতালি কৰা অনুচিত। আপুনি যদি এই সাঁ‌চৰ সংশোধন বিচাৰিছে তেন্তে সাঁ‌চৰ আলোচনা পৃষ্ঠাত বা ৰাইজৰ চ'ৰাত প্ৰস্তাৱ আগবঢ়াওক। আলোচনা মৰ্মে যদি সংশোধনৰ প্ৰয়োজন হয়, সংশোধন কৰা হ'ব। কিন্তু কোনো আলোচনা আৱিহনেই নিজৰ ইচ্ছাত কিবাকিবি কৰি থকাটো অনিয়ম। Nayan j Nath (বাৰ্তা) 04:09, 3 August 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
আপুনি যথেষ্ট সতৰ্কবাণী দিলে বাৰু যদিও WP:OWN এ মোক সম্পাদনা কৰিবলৈ অনুমতি দিয়ে, কিন্তু বিতৰ্ক অংশ আঁতৰোৱা এই edit আৰু WP:NEUTRAL ভংগ কৰাৰ সন্দৰ্ভত আপোনাৰ পদক্ষেপ কি হ'ব, মই কৌতুহলী। KHI-LAN-TZI 04:14, 3 August 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
অসমীয়া ৱিকিৰ উক্ত সাঁ‌চটো লগাই ৰখা দেখিও যি অনিয়মৰে আপুনি সম্পাদনা কৰিলে সেয়া প্ৰবন্ধটো লিখিথকা সম্পাদক জনে আতৰাই দিলে। সেয়া তেওঁ‌ৰ ভুল নহয়। ভুলটো আপুনি কৰিছে যি কথা ইতিমধ্যেই কোৱা হৈছে। গতিকে এই ক্ষেত্ৰত প্ৰবন্ধটো আৰম্ভ কৰা সম্পাদক জনৰ ওপৰত পদক্ষেপ ল'ব লগাও নাই, লগতে "আপুনি যথেষ্ট সতৰ্কবাণী দিলে বাৰু" এই অংশৰ উত্তৰত কওঁ, মই সতৰ্কবাণী এবাৰেই দিছোঁ, কিন্তু নাও ডুবিলেও টিঙৰ পৰা ননমাৰ দৰে আচৰণ কৰি থকাৰ বাবেহে আপোনাক প্ৰত্যুত্তৰ দি আছোঁ লগতে ইয়াৰ পিছত আৰু এই সন্দৰ্ভত কোনোধৰণৰ প্ৰশ্নৰ বা সন্দেহৰ উত্তৰ দিয়াৰ পৰা বিৰত থাকিম।” Nayan j Nath (বাৰ্তা) 06:54, 3 August 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@Nayan j Nathআপুনি WP:NEUTRAL আৰু WP:OWN সম্পূৰ্ণৰূপে আওকাণ কৰিছে আৰু কেৱল সেই সাঁচটোৰ এটা পুৰণি সংস্কৰণৰ ওপৰত ভিত্তি কৰি বিচাৰ লৈছে যেন লাগে। আশাকৰোঁ ভৱিষ্যতে সকলো নিৰ্দেশাৱলী প্ৰতি নিৰপেক্ষ হব। KHI-LAN-TZI 07:32, 3 August 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
WP:NEUTRAL আৰু WP:OWN আওকাণ কৰিব নোৱাৰি বাবেই সেই সাঁ‌চটোৰে জাননীখন লগাই ৰখা হৈছিল। সেইকথা প্ৰৱন্ধটো আৰম্ভ কৰা সদস্য জনেও জানে, ময়ো জানোঁ‌। Nayan j Nath (বাৰ্তা) 08:20, 4 August 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

┌─────────────────────────────────┘
@Nayan j Nath এটা সাঁচে নিৰ্দেশনাসমূহ ভংগ কৰিব নালাগে, ই নিৰ্দেশনাসমূহ অনুসৰণ কৰিব লাগে। মই আচৰিত হৈছো যে ইয়াক এতিয়াও আপডেট কৰা হোৱা নাই। নিৰ্দেশনা আওকাণ কৰিয়ে সাঁচটো ব্যৱহাৰ কৰা হৈছিল। KHI-LAN-TZI

ৱিকিপিডিয়াত কিছুমান নিৰ্দিষ্ট উদ্দেশ্য আগত ৰাখি কিছুমান নিৰ্দিষ্ট সাঁচ তৈয়াৰ কৰা হয়। সকলো ৱিকিপিডিয়াৰে কিছুমান নিজা সীমাবদ্ধতা থাকে। সেই অনুসৰি নিজৰ সমাজৰ সুবিধামতে কিছুমান সাঁচ তৈয়াৰ কৰি লোৱা হয়। ইংৰাজী ৱিকিপিডিয়াত থকা সাঁচটোৱেই যে সকলো ৱিকিপিডিয়াত থাকিব লাগিব তেনে কোনো নিয়ম নাই। বহুক্ষেত্ৰত আমি ইংৰাজী ৱিকিপিডিয়াক অনুসৰণ কৰোঁ সঁচা কথা, সেইবুলি প্ৰতিটো কথাই যে ইংৰাজী ৱিকিৰ মতে কৰিব লাগিব তেনে কোনো নিয়ম নাই। কেতিয়াবা এজন ব্যক্তিয়ে যেতিয়া কোনো নিৰ্দিষ্ট পৰিকল্পনা মতে কোনো এটা প্ৰবন্ধ সম্পাদনা কৰি থাকে, তেতিয়া যাতে অন্য সম্পাদকসকলে তেওঁক আমনি কৰিব নোৱাৰে সেই উদ্দেশ্যেৰেই {{সম্পাদনা দ্বন্দ্ব}} সাঁচটো তৈয়াৰ কৰা হৈছে। এতিয়া একে নামৰ সাঁচটো ইংৰাজী ৱিকিপিডিয়াত বেলেগ কৈ আছে বুলিয়েই আমাৰ ইয়াতো তাক সলনি কৰিব লাগিব বুলি কোনো নিয়ম নাই। ইংৰাজী ৱিকিপিডিয়াত এনে বহু সাঁচ আছে যিবোৰ অসমীয়া ৱিকিপিডিয়াত নাই বা থকাৰ প্ৰয়োজন নাই, সেইদৰে অসমীয়া ৱিকিপিডিয়াতো এনে কিছুমান সাঁচ আছে যিবোৰ ইংৰাজী ৱিকিপিডিয়াত নাই। আপুনি বাৰে বাৰে উল্লেখ কৰি থকা WP:OWN পৃষ্ঠাটোতে If you find yourself in an edit war with other contributors over deletions, reversions, and so on, why not take some time off from the editing process? Taking yourself out of the equation can cool things off considerably. Take a fresh look a week or two later. Or, if someone else is claiming "ownership" of a page, you can bring it up on the associated talk page, appeal to other contributors, or consider the dispute resolution process. এনেদৰে লিখা আছে, চাবচোন। গতিকে অলপ ধৈৰ্য ধৰক। আৰু এই সময়চোৱাত আপুনি অন্য বেলেগ সম্পাদনা কৰি ৱিকিপিডিয়াক সমৃদ্ধ কৰিবলৈ যত্ন কৰক। ধন্যবাদ। দিব্য দত্ত (বাৰ্তা) 12:49, 5 August 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
আৰু আপুনি যদি সঁচাকৈ সাঁচটো পৰিবৰ্তন কৰিব বিচাৰিছে, তেন্তে সাঁচটোৰ আলোচনা পৃষ্ঠাত এটা সম্পাদনা অনুৰোধ প্ৰস্তাৱ কৰিব পাৰে। আলোচনামৰ্মে নিশ্চয় সিদ্ধান্ত লোৱা হ’ব। দিব্য দত্ত (বাৰ্তা) 13:03, 5 August 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@দিব্য দত্ত
  • EDIT WAR: edit war আৰু edit conflict দুয়োটা বেলেগ। WP:OWN এ Edit warৰ বিষয়ে বৰ্ণনা কৰিছে য'ত 3R ৰ অৰ্থ হ'ল আপুনি আন সম্পাদকৰ সম্পাদনা ৩ বাৰ ঘূৰাই দিয়ে, কিন্তু মই সম্পাদকৰ সম্পাদনা ঘূৰাই বা আঁতৰোৱা নাই। সাঁচটো Edit conflict ৰ ওপৰত edit war ৰ কোনো কথা নাহে।
  • WP:OWN: হয় সাঁচটোৱে এতিয়াও WP:OWN উলংঘা কৰে।
  • মই কিয় বাৰে বাৰে উত্তৰ দি আছোঁ?: মোৰ সম্পাদনা হৈ গল অন্য সম্পাদক জনৰো হৈ গল, সাঁচটো আঁতৰালে পিছে নয়ন জে নাথ ডাঙৰীয়াই মোৰ আলোচনা পৃষ্ঠাত প্ৰৱন্ধ এটাত জপিয়াই আৰু নাও ডুবিলেও টিঙৰ পৰা ননমাৰ দৰে আচৰণ আদি শব্দৰ প্ৰয়োগেৰে মোৰ আলোচনা পৃষ্ঠাত যথেষ্ট reply দি আছে আৰু প্ৰশাসক মহোদয়ৰ প্ৰতিটো প্ৰশ্নৰে উত্তৰ মোৰ ব্যক্তিগত আলোচনা পৃষ্ঠাত দিয়াটো মোৰ কৰ্তব্য বুলি ভাবি প্ৰতিটো প্ৰশ্নৰে উত্তৰ দি আছোঁ তথা মোৰ দৃষ্টিকোণ (Point of view) দাঙি ধৰিছো।
  • সাঁচটো মই কিয় সলনি কৰাৰ বাবে আলোচনা কৰা নাই?: মই ব্যক্তিগতভাবে বৰ্তমান ঙি-ঙাও-খামৰ ঐতিহসিক চিত্ৰ সংগ্ৰহ, Shan wikipedia ত সম্পাদনা আৰু অসমৰ মংগোলীয় সংস্কৃতিৰ ওপৰত নিজা অধ্যয়ণ কৰি আছোঁ মোৰ কোনো ব্যক্তিগত আগ্ৰহ নাই সাঁচটো সলনি কৰাত।
KHI-LAN-TZI 14:37, 5 August 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

আহোম স্বৰ্গদেউসকলৰ নাম তালিকা

[সম্পাদনা কৰক]

মৰমৰ KhiLanTzi,

আন্তৰিক অভিবাদন গ্ৰহণ কৰিব। প্ৰথমেই উল্লিখিত প্ৰৱন্ধটোত আপোনাৰ সম্পাদনা সহায়ৰ বাবে আপোনাক ধন্যবাদ যাচিলোঁ। কিন্তু যি যৎসামান্য আভাস পাইছোঁ, তাৰে উপলব্ধি কৰিছোঁ যে বিষয়টো অত্যন্ত স্পৰ্শকাতৰ। আমি নিজৰ নামটো আনে ভুলকৈ লেখা দেখিলে স্বাভাৱিকতে প্ৰতিক্ৰিয়াশীল হৈ উঠোঁ আৰু শুধৰাই দিওঁ। মহেশ্বৰ নেওগৰ দৰে পণ্ডিতপ্ৰবৰেও নিজৰ নাম সম্পৰ্কে সজাগ আছিল আৰু তেওঁৰ নাম ভুলকৈ লিখাক লৈ প্ৰতিক্ৰিয়া জাহিৰ কৰিছিল। সেই দিশৰপৰা চাবলৈ গলে প্ৰকৃত শুদ্ধ লিখিত তথ্য নথকাৰ হেতু বা উপযুক্ত সংৰক্ষণৰ অভাৱত লিখিত তথ্য হেৰাই যোৱা হেতু, শ বছৰৰ আগতে মৃত্যু হোৱা ৰজা এগৰাকীৰ নামৰ শুদ্ধ তথ্য নোপোৱাটো বা বিভিন্নজন পণ্ডিতৰ দ্বাৰা বিভিন্ন ধৰণে উল্লেখ হোৱাটো স্বাভাৱিক। ছপাখানাৰ কালিকাৰ কথাটোতো কবই নালাগে! তথাপি কওঁ, ময়ো যিহেতু নামবোৰ নিজৰ ধৰণেৰে নেলেখি প্ৰসংগ পুথিত লেখা বানান অনুসৰণ কৰিছোঁ, সেয়ে আপুনি সম্পাদনাৰ সময়ত পুৰণি সম্পাদনাক নস্যাৎ নকৰি যদি 'বা' দি তথ্যসূত্ৰ উল্লেখেৰে আপুনি তথ্য লাভ কৰা নামটো লেখে, তেনে আশাকৰোঁ ভৱিষ্যতলৈ তথ্যখিনি অধিক পৰিস্কাৰ হৈ থাকিব তথা বিভ্ৰান্তিসমূহৰো উপযুক্ত তথ্যসূত্ৰ পোৱা যাব। নামৰ ক্ষেত্ৰত তথ্যসূত্ৰ দি এজন ব্যক্তিৰে একাধিক নাম উল্লেখ কৰাৰ নজীৰ ৱিকিপিডিয়াত উপলব্ধ। সেয়ে আমি কৰা সম্পাদনাটো একেবাৰে নস্যাৎ কৰি পেলোৱাতকৈ আপুনি [[ ]] চিন ব্যৱহাৰ কৰি যদি আমি লেখা বাননটো ৰাখি লিংক যোগ কৰে, তেনে মোৰ যত্নখিনিও সাৰ্থক হ'ব। আমি জানো যে, প্ৰতি সম্পাদক ৰূপে আন এগৰাকী সম্পাদকক এইখিনি সন্মান দিবলৈ আপুনি অলপো দ্বিধাবোধ নকৰে। শুভকামনাৰে,

JyotiPN (বাৰ্তা) 19:49, 29 September 2024 (ইউ.টি.চি.)JyotiPN[উত্তৰ দিয়ক]

@JyotiPN তালিকাখন সৃষ্টি কৰাৰ বাবে অশেষ ধন্যবাদ বাইদেউ, আপোনাক জনাবলৈ পাই সঁচাকৈয়ে সুখী যে আমাৰ ওচৰত একাধিক উৎসত স্বৰ্গদেউসকলৰ সাঁচিপতিয়া আহোম নামসমূহ সংৰক্ষণ আছে চাবলৈ ইয়াত ক্লিক কৰক। আচলতে মই স্বৰ্গদেউসকলৰ প্ৰতিটো পৃষ্ঠাত আহোম লিপিৰ নামসমূহ ইতিমধ্যে যোগ কৰিলোঁ। আহোম লিপি পঢ়িবলৈ আৰু লিখিব নোৱাৰাৰ বাবে বহু লেখকে কেইবাটাও নাম ব্যৱহাৰ কৰিছিল যদিও এতিয়া আন্তঃৰাষ্ট্ৰীয় ধ্বনিলিপি আৰু আহোম লিপিৰ সহায়ত আমি বানান আৰু উচ্চাৰণ দুয়োটা সহজেই গম পাব পাৰো! যদি আপুনি মোটামুটি মানক টাই উচ্চাৰণটো শুনিব বিচাৰে তেন্তে আপুনি http://ipa-reader.xyz/ ত söwkafāa‧ পেষ্ট কৰিব পাৰে! যদি আপুনি ভাবে যে মহেশ্বৰ নেওগৰ ব্যৱহৃত নাম আঁতৰোৱা অনুচিত তেন্তে আমি ইয়াক দুটা খণ্ডত ভাগ কৰিব পাৰো আহোম নাম আৰু মহেশ্বৰ নেওগৰ ব্যৱহৃত নাম। পিছে শুদ্ধ আহোম নামসমূহ আওকাণ কৰাটো মোৰ মতে ভুল হব। ধন্যবাদ। KHI-LAN-TZI 05:26, 30 September 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
প্ৰিয় খিলাণ্টজি (!),
আপোনাৰ প্ৰচেষ্টা আদৰণীয়। মই ৰায়চাহাব (মন কৰিব মই ৰায় চাহিব লেখা নাই) গোলাপ চন্দ্ৰ বৰুৱাৰ কিতাপখন চালোঁ। কিতাপখনৰ অসমীয়া অনুবাদ আছে নেকি মোক নিশ্চয় জনাব। এতিয়া কথা হ'ল আন্তঃৰাষ্ট্ৰীয় ধ্বনি লিপি অনুসৰণ কৰি আমি অসমীয়াৰ দৰে এটা চহকী ভাষা কেনেদৰে লিখিম? সৌৰভ চলিহাৰ লেখা ইংৰাজীলৈ অনুবাদ হব পাৰে নে? এই প্ৰসংগত তীক্ষ্ণধাৰ অসমীয়া সমালোচক অৰিন্দম বৰকটকীয়ে কৈছিল যে, সৌৰভ চলিহাৰ গল্প ইংৰাজীলৈ অনুবাদ হব নোৱাৰে। যদি হয় তেনে গল্পসমূহে ইয়াৰ মৌলিকতা হেৰুৱাব। ইংৰাজীত এটাই /n/, কিন্তু আমি দুটা ন,ণ ৰে চহকী। এতিয়া কথা হ'ল আপুনি কোনটো ব্যৱহাৰ কৰিব। মই ধ্বনিৰ সহায় নলৈ যিহেতু অসমীয়াত লিখিত তথ্যৰ সহায় লৈছোঁ আৰু তাৰমাজতে আপুনি কোনো কোনো বানানত 'ন'ক 'ণ' কৰা দেখিলোঁ, সেয়ে বিষয়টো এবাৰ আপোনাৰ দৃষ্টিগোচৰ কৰোৱাটো ভাল হব বুলি ভাবিলোঁ। বাকী আপুনি যি কৰি আছে, সেয়া মোতকৈ বেছি গৱেষণামূলক আৰু এই প্ৰচেষ্টাৰ প্ৰতি মোৰ শ্ৰদ্ধা আছে। এতিয়া উল্লিখিত সকলো কথা চালি-জাৰি চাই, আহোম লিপিৰ ক্ষেত্ৰত মই যিহেতু একেবাৰে অজ্ঞ; সেয়ে মই মোৰ বাননটো ৰাখি তাত আপোনাৰ লিংক যোগ দিবলৈ ভালপাম। মোৰ সম্পাদনালৈ আপুনি চকু ৰাখিব আৰু অলপো দ্বিধাবোধ নকৰি আপত্তিসমূহ মোক জনাই থাকিব বুলি আশাৰে,
JyotiPN (বাৰ্তা) 06:44, 30 September 2024 (ইউ.টি.চি.)JyotiPN[উত্তৰ দিয়ক]
@JyotiPN মহেশ্বৰ নেওগৰ ব্যৱহৃত নামৰ সংস্কৰণটো কিছু সময়ত পুনৰুদ্ধাৰ কৰিছো বাৰু। কিন্তু আশাকৰোঁ আহোমৰ নামেৰে এটা সুকীয়া স্তম্ভ এটা বনাবলৈ মান্তি হ'ব। গোলাপ চন্দ্ৰ বৰুৱাৰ কিতাপখনৰ অসমীয়া সংস্কৰণ মই দেখা নাই গতিকে মই নাজানো ইয়াৰ সংস্কৰণ আছে নে নাই! মই গোলাপ চন্দ্ৰ বৰুৱাৰ কিতাপখন আপোনাৰ ধাৰণা "...প্ৰকৃত শুদ্ধ লিখিত তথ্য নথকাৰ হেতু বা উপযুক্ত সংৰক্ষণৰ অভাৱত লিখিত তথ্য হেৰাই যোৱা হেতু,.." শুধৰণি কৰিবলৈ দিছিলোঁ যাতে আপুনি অনলাইন সংৰক্ষিত উদাহৰণ চাব পাৰে য'ত আহোম ভাষাৰ পুৰণি তথ্য সমূহ সংৰক্ষিত আছে। অসমীয়া IPA ৰ বাবে ইয়াত চাওক। Khi-Lan-Tzi টো অসমীয়াত খিলাঞ্জী বুলি কব পাৰিব। মোৰ প্ৰচেষ্টাৰ প্ৰতি আপোনাৰ সমৰ্থনৰ বাবে বহুত বহুত ধন্যবাদ। ব্যক্তিগত আক্ৰমণত জড়িত নোহোৱা আৰু সুস্থ কথা-বতৰাত জড়িত আপোনালোকৰ দৰে সম্পাদকৰ সৈতে কথা-বতৰা পাতি সঁচাকৈয়ে সুখী অনুভৱ কৰিছো। ধন্যবাদ। KHI-LAN-TZI 07:34, 30 September 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
আপোনাৰ সম্পাদনাটো মই চাইছোঁ আৰু জনাবলৈ পাই ভাল লাগিছে যে আপোনাৰ লগত হোৱা আলোচনাৰে মই লাভাম্বিত হৈছোঁ। ইতিহাস সম্পৰ্কে মোৰ জ্ঞান একেবাৰে শূন্য। ব্যক্তিগত যদিও এটা কথা উল্লেখ কৰিবলৈ ভাল পাম যে, আজি মোৰ মাৰ লগত এই বিষয়ে আলোচনা হওঁতে মায়ে ক'লে যে, খৰগপুড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা জয়সাগৰ কলেজৰ ৰসায়ন বিভাগৰ এসময়ৰ প্ৰফেছৰ দোলন কোঁৱৰদেৱৰ পুত্ৰ টাই ভাষাত গল্ড মেডেলিষ্ট। খান্দি থাকিলে এই বিষয়ত আৰু নতুন ৰাস্তা ওলাই গৈ থাকিব। পোহৰৰ ৰাস্তা। আপুনি যি কৰিবলগীয়া আছে, সম্পাদনাখিনি কৰক। প্ৰৱন্ধত উল্লেখিত অসমীয়া পুথি অনুসৰি নামসমূহ এটা বেলেগ স্তম্ভ কৰি মই ভৰাই দিম। ধন্যবাদেৰে,
JyotiPN (বাৰ্তা) 16:34, 30 September 2024 (ইউ.টি.চি.)JyotiPN[উত্তৰ দিয়ক]
@JyotiPNআপোনাৰ কৌতুহলৰ বাবে বহুত বহুত ধন্যবাদ বাইদেউ, মই ইতিমধ্যে নামবোৰ যোগ কৰিছো আৰু বেলেগ এটা শাৰী পৃথক কৰিছো অনুগ্ৰহ কৰি ইয়াত এবাৰ চকু ফুৰাই চাওক। শুনি বৰ ভাল লাগিল যে আমি আপোনাৰ এজন চিনাকি ব্যক্তি টাই ভাষাৰ বিশেষজ্ঞ। সেই পৃষ্ঠাটো সম্পাদনা কৰি থাকোঁতে গম পালোঁ যে মই কেইজনমান চাওফাৰ লেখাত আহোম লিপি যোগ কৰা নাই। আমি মংগোলীয় সম্পাদকসকলে প্ৰায়ে কিছুমান মানুহৰ প্ৰতিৰোধৰ সন্মুখীন হওঁ কিন্তু আপোনাৰ সমৰ্থন এক প্ৰেৰণা। আমি সকলোৱে এই কথাটো আকোৱালি লোৱা উচিত যে অসমৰ সংস্কৃতি কছাৰী, টাই, আৰ্য আদি কেইবাটাও সংস্কৃতিৰ অতি বৈচিত্ৰময় সংমিশ্ৰণ। বাণীকান্ত কাকতি ডাঙৰীয়াৰ Assamese:Its formation and development কিতাপখন অধ্যয়ন কৰিলে ইয়াক বাৰুকৈ অনুভব কৰিব পৰা যায়। KHI-LAN-TZI 02:51, 1 October 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]