বাঘধেনু
![]() | এই প্ৰবন্ধটোৰ সত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ অধিক তথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। কিয়নো তথ্যৰ উৎসৰ উল্লেখ নকৰা প্ৰবন্ধক লৈ প্ৰশ্ন উঠিব পাৰে। অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাতো এই সম্পৰ্কীয় কিবা তথ্যৰ বাবে চক ফুৰাব।
অধিক সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰক।
উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত {{Reimprove}} বা {{Verify}} বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ। |
![]() | |
বাঘধেনু | |
---|---|
শ্ৰেণী | ভাৰত লোকবাদ্য |
আনুষঙ্গিক বাদ্য | |
গগনা, বীণ |
বাঘধেনু অসমৰ এটা প্ৰাচীন আৰু লুপ্তপ্ৰায় লোকবাদ্য। গৰখীয়া ল'ৰাই মুকলি পথাৰত এই বাদ্য বজায়। বাঘধেনুৰ শব্দত বৰষুণ আহে বুলি অসমীয়া লোকসমাজত প্ৰচলিত আছে। [উদ্ধৃতিৰ প্ৰয়োজন]। এই বাদ্যক মিচিং সমাজত বু-বাং বুলি কোৱা হয়।[উদ্ধৃতিৰ প্ৰয়োজন]
ব্যৱহাৰ
[সম্পাদনা কৰক]গৰখীয়া ল'ৰাৰ মাজত বাঘধেনুৰ যথেষ্ট গুৰুত্ব আছে। গৰু চৰাই ফুৰোতে খৰাং বতৰত বৰষুণৰ কামনাৰে পথাৰত এই বাদ্য বজায় এইদৰে গায়--
হাতী কাণ ঘোঁৰা কাণ
জৌ জৌ কৈ বৰষুণ আন
বাঘধেনু কেৱল ল'ৰাইহে বজায়।[উদ্ধৃতিৰ প্ৰয়োজন] জনবিশ্বাসমতে ই বাঘৰ গোঁজৰণিৰ দৰে শব্দ কৰে বাবে ইয়াক 'বাঘধেনু' বুলি কোৱা হয়। পূৰ্বতে গছতলৰ বিহুতো ইয়াৰ প্ৰচলন আছিল বুলি কোৱা হয়। [উদ্ধৃতিৰ প্ৰয়োজন]
নিৰ্মাণ পদ্ধতি
[সম্পাদনা কৰক]বাঘধেনু বাঁহ আৰু ৰছী বা মোটা সূতাৰে তৈয়াৰী বাদ্য। বাঘধেনু নিৰ্মাণ কৰিবলৈ দুচটা বাঁহ কাটি ল'ব লাগিব। এচটা বাঁহৰ দৈঘ্য ডেৰ-দুই ফুট হ'ব লাগিব আৰু অলপ বহল হ'ব লাগিব। আন চটা বাঁহ এফুট বা আধাফুট (ঠাইবিশেষে বেলেগ) হ'ব লাগিব। দুই চটা বাঁহৰ মূৰত এটা টুপী সাজিব লাগিব। এডাল তিনিফুট মানৰ ৰছী বা এডাল মোটা সূতাৰে এই বাঁহ দুচটাৰ মূৰ দুটা বান্ধি সংযোগ কৰি বাঘধেনু সজা হয়। বাঘধেনু বজাওতে সৰু চটা বাঁহ হাতেৰে ধৰি বতাহত ঘূৰাই শব্দ উলিওৱা হয়।[উদ্ধৃতিৰ প্ৰয়োজন]