ইব্ৰাহিম
ইব্ৰাহিম আলাইহিছ ছালাম ( عليه السلام ) | |
---|---|
ইব্ৰাহিম নাম ইছলামিক লিপিবিদ্যাত লিখা | |
স্থানীয় নাম | ইব্ৰাহিম - إبراهيم |
জন্ম | ২৫১০ হিজৰী ইউআৰ, ইৰাক |
মৃত্যু | ২৩২৯ হিজৰী (আনুমানিক ১৭৫ বছৰ বয়সী) হেবৰঢ, পশ্চিম তীৰ |
মৃত্যুৰ কাৰণ | বাৰ্ধক্য |
সমাধিস্থল | ইব্ৰাহামী মছজিদ |
ধৰ্ম | ইছলাম |
দাম্পত্যসঙ্গী | হাজেৰা, ছাৰাহ |
সন্তান | ইছমাইল, ইছহাক |
ইব্ৰাহিম বা ইব্ৰাহীম, সম্মানাৰ্থত হজৰত ইব্ৰাহিম (আঃ) (আৰবী: ابراهيم, হিব্ৰু: אַבְרָהָם) তোৰাহ অনুসৰি আব্ৰাহাম (ইংৰাজী: Abraham) (আনুমানিক জন্ম: ১৯০০ খৃষ্টপূৰ্বৰ পৰা ১৮৬১ খৃষ্ট পূৰ্বলৈ – মৃত্যু: ১৮১৪ খৃষ্টপূৰ্বৰ পৰা ১৭১৬ খৃষ্ট পূৰ্বলৈ), ইছলাম ধৰ্মৰ এজন গুৰুত্বপূৰ্ণ নবী আৰু ৰাছুল।[1][2] কা'বুল আহবাৰৰ মতে তেখেত ১৯৫ বছৰ জীৱিত[3] আছিল। সৃষ্টিকৰ্তাৰ প্ৰতি তেখেতৰ দৃঢ় বিশ্বাসৰ ফলত সৃষ্টিকৰ্তাই তেখেতক সৰ্ৱকালৰ সকলো জাতিৰ নেতা বনোৱাৰ প্ৰতিজ্ঞা কৰিছে।[4] ইছলামত তেখেতৰ কাৰ্যক্ৰমক স্মৰণ কৰি ঈদুল আজহা পালিত হয়। ইব্ৰাহিম আৰু তেখেতৰ শিশুপুত্ৰ ইছমাইলে ইছলামত কোৰবাণী[5], হজ্জ প্ৰতিষ্ঠা কৰে যিটো বৰ্তমানৰ মুছলিমৰ দ্বাৰাও পালিত হয়। উল্লেখ্য যে কোৰবাণী প্ৰথা আদম (আঃ) সময়ৰ পৰাই আৰম্ভ হৈছে বুলি মুছলিম সকলে বিশ্বাস কৰে।
জন্ম আৰু বংশ পৰিচয়
[সম্পাদনা কৰক]তেখেতৰ পিতাৰ নাম আযৰ। তেখেতৰ স্ত্ৰীৰ নাম ছাৰা। তেখেতৰ চাৰিজন পুত্ৰ আছিল: ইছমাইল (ইংৰাজী: Ishmael), ইছহাক (ইংৰাজী: Isaac), মাদয়ান আৰু মাদায়েন। মতান্তৰে, তেখেতৰ ৬-১২জন পুত্ৰ আছিল।[3]
আকাশী কিতাপ
[সম্পাদনা কৰক]ইছলাম ধৰ্মমতে, নবী ইব্ৰাহিমৰ [আঃ] ওপৰত ২০খন ছহীফা অৱতীৰ্ণ হয়।[3]
অন্যান্য
[সম্পাদনা কৰক]ইছলাম ধৰ্মমতে তেখেতেই প্ৰথম মিছওৱাক কৰে, প্ৰস্ৰাৱৰ পাছত পানীৰ দ্বাৰা পৰিষ্কাৰ হয়, খৎনা কৰে, হালুয়া তৈয়াৰ কৰে আৰু মেহমানদাৰিৰ প্ৰচলন কৰে।[3]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ কোৰআন 87:19
- ↑ Siddiqui, Mona. "Ibrahim – the Muslim view of Abraham". Religions (BBC). http://www.bbc.co.uk/religion/religions/islam/history/ibrahim.shtml। আহৰণ কৰা হৈছে: 3 February 2013.
- ↑ 3.0 3.1 3.2 3.3 ফক্বীহ আবুল লাইছ ছমৰকন্দী (ৰহঃ). "নবী ৰাছূৰ প্ৰসঙ্গ" (বঙালী ভাষাত) (প্ৰিণ্ট). বুস্তানুল আ'ৰেফীন (১৯৯৭ খ্ৰিষ্টাব্দ সম্পাদনা). প্ৰকাশক চকবাজাৰ, ঢাকা: হামিদিয়া লাইব্ৰেৰি লিঃ.
- ↑ কোৰআন. পৃষ্ঠা. ২:১২৪.
- ↑ কোৰআন. পৃষ্ঠা. ২:১২৮.