সমললৈ যাওক

আগান

অসমীয়া ৱিকিপিডিয়াৰ পৰা


আগান

বাৰ্তালোচনীখনৰ ল'গ'
প্ৰকাশনৰ হাৰ দহদিনীয়া
প্ৰকাশক উদাংশ্ৰী মেডিয়া প্ৰাইভেট লিমিটেড
প্ৰতিষ্ঠাপক পৰাগ কুমাৰ দাস
প্ৰতিষ্ঠা এপ্ৰিল ১৯৯৪
দেশ ভাৰত
ভাষা অসমীয়া

আগান হৈছে ১৯৯৪ চনৰ পৰা প্ৰকাশ পোৱা অসমীয়া ভাষাৰ এখন দহদিনীয়া বাৰ্তালোচনী।[1] এই আলোচনীখন সম্পাদনা তথা প্ৰকাশ কৰিছিল পৰাগ কুমাৰ দাসে[2] এই বাৰ্তালোচনীখন গুৱাহাটীৰ পৰা প্ৰকাশ পাইছিল। প্ৰতিটো মাহৰ এক, এঘাৰ আৰু একৈশ তাৰিখে বাৰ্তালোচনীখনৰ একোটা সংখ্যা প্ৰকাশ পাইছিল। ইয়াত মূলতঃ সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক বিশ্লেষণাত্মক প্ৰতিবেদন, অনুসন্ধানমূলক প্ৰতিবেদন, নিবন্ধ আদি প্ৰকাশ পাইছিল। ধাৰাবাহিক উপন্যাস, গল্প, কবিতা আদিও বাৰ্তালোচনীখনত প্ৰকাশ পাইছিল।

ইতিহাস[সম্পাদনা কৰক]

পূৰ্বতে পৰাগ কুমাৰ দাস বুধবাৰ নামৰ সাপ্তাহিক কাকতত কৰ্মৰত আছিল। পিছলৈ তেওঁ এই কাকত এৰি ১৯৯৪ চনৰ এপ্ৰিল মাহত মনোৰম গগৈ, মনোজ গোস্বামী আদি কেইজনমান সতীৰ্থ সাংবাদিকৰ সৈতে লগ লাগি আগানৰ জন্ম দিয়ে। ২৪ টা সংখ্যা প্ৰকাশ পোৱাৰ পিছত[1] আৰ্থিক কাৰণত বাৰ্তালোচনীখনৰ প্ৰকাশ বন্ধ হয়।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]