সমললৈ যাওক

অব্যয় পদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অব্যয় (ইংৰাজী: Preposition) হৈছে পাঁচপ্ৰকাৰ পদৰ (যেনে; বিশেষ্য বিশেষণ, সৰ্বনাম, অব্যয় আৰু ক্ৰিয়া) মাজৰ এক পদ। যি পদৰ লগত কোনো বিভক্তি যোগ নহয় অৰ্থাৎ কোনো অৱস্থাতে ৰূপৰ সলনি নহয়, তাকে অব্যয় পদ (Preposition) বোলে। [1] অব্যয় পদৰ লিঙ্গ, সংখ্যা আৰু কাৰক একো নাই। আৰু, ও, ঐ, তেন্তে, যথা, তথা, সৈতে, দৰে, নাইবা, না, নি, নে, যদি, কিন্তু, ইতি, নিমিত্তে, এতেকে,হায়, উঃ, আঃ, ইঃ, অ, ইত্যাদি অব্যয় পদৰ কিছুমান উদাহৰণ। অসমীয়া ব্যাকৰণৰ উপসৰ্গ এবিধ অব্যয় শব্দ। উপসৰ্গ মুঠতে কুৰিটা। সেই কেইটা হ'ল - প্ৰ, পৰা, অপ, সম, নি, অৱ, অনু, নি, দুৰ্‌, বি, অধি, সু, উৎ, পৰি, প্ৰতি, অভি, অপি, অতি, উপ, আ।[2] কিছুমান অব্যয় শব্দ আন এটা শব্দৰ অনুৰূপ হয়, তাক অনুৰূপ অব্যয় বোলা হয়। মৰ মৰ ধূপ্‌ ধূপ্‌, থপ্‌ থপ্‌, ইত্যাদি এনে অব্যয় শব্দ।[3]

অব্যয় পদ সাত প্ৰকাৰৰ। সেইবোৰ হ'ল:

  • সংযোজক অব্যয় (Conjunction)
  • বিয়োজক অব্যয় (Dijunctive Conjunction)
  • ভাৱবোধক অব্যয় (Interjection)
  • সম্বোধনবোধক অব্যয় (Relative Preposition)
  • প্ৰশ্নবোধক অব্যয় (Interrogative Preposition)
  • সমিধানবোধক অব্যয় (Solutionary Preposition)
  • আনুষঙ্গিক অব্যয় (Preposition)

আনহাতে আন কিছুমানৰ মতে অব্যয় পদ আঠ প্ৰকাৰৰ। ওপৰোক্ত সাতটাৰ বাহিৰেও আঠ নং প্ৰকাৰটো হ'ল:

  • সন্দেহবোধক অব্যয়

সংযোজক অব্যয়

[সম্পাদনা কৰক]

যি অব্যয় পদে দুটা বিশেষ্যপদ, সৰ্বনামপদ বা বাক্যক লগ লগায় তাকে সংযোজক বা যোজক অব্যয় বোলে। উদাহৰণ–

  • অজয় আৰু ৰাহুলে ক্ৰিকেট খেলিব।
  • তেওঁ ভাল অথচ তেওঁৰ ভাইটি দুষ্ট।

অথচ, যে, হেতু, আৰু, কাৰণে, এতেকে, তথা, যথা, যদি, কিন্তু ইত্যাদি হ'ল সংযোজক অব্যয়।

বিয়োজক অব্যয়

[সম্পাদনা কৰক]

যি অব্যয় পদে দুটা বা অধিক পদ বা শব্দক পৃথক ৰূপ দেখুৱায় তাকে বিয়োজক বা পৃথকবোধক অব্যয় বোলে। উদাহৰণ–

  • অনামিকা বা তাইৰ মাকে কামটো কৰিব।
  • তুমি আহিলা তথাপি কিতাপখন আনিব নোৱাৰিলা।

তথাপি, কিন্তু, অথবা, বা, কিম্বা, নতুবা ইত্যাদি হ'ল বিয়োজক বা পৃথকবোধক অব্যয়।

ভাৱবোধক অব্যয়

[সম্পাদনা কৰক]

মনৰ আবেগজনিত সুখ, দুখ, হাঁহি, কান্দোন, বিষ্ময় আদি বুজোৱা অব্যয় পদক ভাৱবোধক অব্যয় বোলে। উদাহৰণ–

  • বাঃ! আমি খেলত জিকিলোঁ।
  • ছিঃ তুমি কিমান নীচ!

উঃ, বাঃ, হায়, ইছ, ঔ, দেহি ঔ, ইত্যাদি হ'ল ভাৱবোধক অব্যয়।

সম্বোধনবোধক অব্যয়

[সম্পাদনা কৰক]

কাৰোবাক সম্বোধন কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ হোৱা অব্যয় পদক সম্বোধনবোধক বা সম্বোধনাৰ্থক অব্যয় বোলে। উদাহৰণ–

  • হেৰা! সোনকালে ইয়ালৈ আহ।
  • হে ৰাম, তুমি কি কৰিলা?

হেৰি, হেৰা, হে, এ, ঐ, হে আদি সম্বোধনবোধক অব্যয়।

প্ৰশ্নবোধক অব্যয়

[সম্পাদনা কৰক]

প্ৰশ্ন সুধোতে ব্যৱহাৰ হোৱা অব্যয় পদক প্ৰশ্নবোধক বা প্ৰশ্নাৰ্থক অব্যয় বোলে। উদাহৰণ–

  • সি আহিল নে?
  • তুমি অংকটো কৰিলা জানো?

কি, নেকি, জানো, কেনে, নো, নে আদি প্ৰশ্নবোধক অব্যয়।মদবদদঢয লহলডলদলঢলঢল

সমিধানবোধক অব্যয়

[সম্পাদনা কৰক]

প্ৰশ্নৰ উত্তৰ বা কোনো সমিধান দিয়া অৰ্থত ব্যৱহাৰ হোৱা অব্যয় পদক সমিধানবোধক অব্যয় বোলে। উদাহৰণ–

  • হয়, ৰাজেন আহিল।
  • এৰা, মই ভাল।
  • ওঁহো, সি যাব নোৱাৰা।

ও, হয়, এৰা, বাৰু, ওঁহো, হু, আদি সমিধানবোধক অব্যয়।

আনুষঙ্গিক অব্যয়

[সম্পাদনা কৰক]

যি অব্যয় পদে কোনো সংজ্ঞা বা ব্যক্তিবোধক সৰ্বনামৰ পিছত বহি বিশেষ অৰ্থ প্ৰকাশ কৰে তাকে আনুষঙ্গিক অব্যয় বোলে। উদাহৰণ–

  • তুমি আহিবা চোন।
  • তুমি ৰামৰ সৈতে আহিবা।

হেতু, বিনা, বিনে, নিমিত্তে, প্ৰতি, দৰে, বাহিৰে, হে, তো, কাৰণে, কিন্তু, নিচিনা, সৈতে, হ’লে আদি আনুসঙ্গিক অব্যয়।

সন্দেহবোধক অব্যয়

[সম্পাদনা কৰক]

সন্দেহবোধক অব্যয় যিবিলাক অব্যয় শব্দই কোনো কথাৰ অনিশ্চয়তা দেখুৱায়, সিহঁতক সন্দেহবোধক অব্যয় বোলে। যদি, কিজানি, জানোচা আদি সন্দেহবোধক অব্যয় শব্দ।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]