ৰাজস্থান
ৰাজস্থান
राजस्थान | |
---|---|
দেশ | ভাৰত |
প্ৰতিষ্ঠা | ১ নৱেম্বৰ, ১৯৫৬ |
ৰাজধানী | জয়পুৰ |
বৃহত্তম মহানগৰ | জয়পুৰ |
জিলাসমূহ | ৩৩ খন |
চৰকাৰ | |
• ৰাজ্যপাল | Margaret Alva |
• মুখ্যমন্ত্ৰী | Ashok Gehlot (INC) |
• বিধান সভা | এককক্ষীয় (২০০খন আসন) |
• লোকসভা সমষ্টি | ২৫ |
• High Court | Rajasthan High Court |
কালি | |
• মুঠ | 3,42,239 km2 (1,32,139 sq mi) |
• স্থান | প্ৰথম |
জনসংখ্যা (২০১১) | |
• মুঠ | 6,86,21,012 |
• স্থান | অষ্টম |
• ঘনত্ব | 201/km2 (520/sq mi) |
ৰাজস্থান (ইংৰাজী: Rajasthan) ভাৰতৰ পশ্চিম প্ৰান্তত অৱস্থিত এখন ৰাজ্য। ই মাটিকালিৰ ফালৰপৰা ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্য। 'ৰাজস্থান'ৰ অৰ্থ 'ৰজা থকা ঠাই'।[1] ৩৩°৩ উত্তৰ অক্ষাংশৰপৰা ৩১°১২ উত্তৰ অক্ষাংশৰ আৰু ৬৯°৩০ পূব দ্ৰাঘিমাংশৰপৰা ৭৮°১৭ পূব দ্ৰাঘিমাংশৰ অন্তৰ্গত ৰাজস্থানৰ জলবায়ু যেনেদৰে বিচিত্ৰ তেনেদৰেই অন্যতম এই ভূমিৰ ঐতিহ্য, শিল্প আৰু সংস্কৃতিও বিচিত্ৰ।
জাতি-জনজাতি
[সম্পাদনা কৰক]বিভিন্ন জাতি-উপজাতিৰ মিলনভূমি এই ৰাজস্থানৰ আটাইতকৈ পুৰণি অধিবাসী আছিল ভীল (জনজাতি) আৰু মিনা (জনজাতি)সকল। পাছত ৰাজুপুতসকলে এই ভূমি শাসন কৰিছিল। সেয়ে পাছলৈ ঠাইখন ৰাজপুতনা হিচাপে খ্যাত হৈছিল। ৰাথোড়,ভাটি,চৌহান আদি ৰাজপুত লোক। জৈন, মহেশ্বৰী, ভুতড়া, ব্ৰাহ্মণ, জাত, গুজাৰ, মেৱাটি, গডুলিয়া,লোহাৰ, পেটেল আৰু অহিৰসকল ইয়াৰে অন্যান্য মুখ্য জাতি।
ঐতিহ্যময় স্থাপত্য
[সম্পাদনা কৰক]ৰাজস্থানৰ প্ৰতিটো স্থাপত্যই ৰাজপুতসকলৰ ঐতিহ্য ঘোষণা কৰে। ইয়াত মূলতঃ তিনিখন জিলাৰ স্থাপত্যবোৰ উল্লেখ কৰা হ'ল।
জয়পুৰ
[সম্পাদনা কৰক]গোলাপী নগৰ জয়পুৰৰ পৰিকল্পনা কৰা হয় ১৯২৭ চনত। এই নগৰৰ প্ৰতিষ্ঠাপক ৰাজকুমাৰ ছাৱাই জয় সিঙৰ নামেৰে ইয়াৰ নাম জয়পুৰ হয়। জয়পুৰৰ উল্লেখযোগ্য স্থাপত্যবোৰ হ'ল এলবাৰ্ট হল, হাৱামহল, যন্তৰ-মন্তৰ আৰু আমেৰ প্ৰাসাদ আৰু দুৰ্গবোৰ।
হাৱামহল
[সম্পাদনা কৰক]যি বিখ্যাত ৰাজপুত স্থাপত্যৰ শিল্পখ্যাতি আজি দেশে দেশে বিয়পি পৰিছে, সেয়া হ'ল হাৱামহল (The palace of Winds)। ১৭৯৯ চনত মহাৰাজ চাৱাই প্ৰতাপ সিঙে এই হাৱামহল সজাইছিল। পাঁচ মহলীয়া অষ্টকোণীয়া এই মহলটোত ১৫২খন খিৰিকী আছে। খিৰিকী মানে বেৰত কিছুমান সৰু সৰু বিন্ধা, কুন্দ্ৰাক্ষ। সেই কুন্দ্ৰাক্ষইদি বাহিৰৰ বতাহ অনবৰতে (সকলো ঋতুতে) মহলৰ ভিতৰলৈ সোমাই থাকে।[2][3][4] সেয়াই তাৎপৰ্য। ভিতৰত প্ৰবেশ কৰিলে এনে লাগে যেন কোনো শীতাতপ নিয়ন্ত্ৰিত কোঠাহে। ৰজস্থানৰ জলবায়ু উষ্ণ। সেয়ে ৰাণীসকলে শীতল বতাহ পাবলৈ, লগতে পথৰ শোভাযাত্ৰা আদি ওপৰৰপৰা উপভোগ কৰিবলৈ এই মহল সজোৱা হৈছিল। ইটো মহলাৰ পৰা সিটো মহলালৈ যাবলৈ কোনো খটখটি নাই। ঘূৰি ঘূৰি ক্ৰমাৎ ওপৰলৈ উঠি যোৱা এঢলীয়া ৰাস্তা আছে। ৰাজপুত স্থাপত্যৰ ই এটা অভিনৱ নিদৰ্শন।
ওঠৰ শতিকাত মহাৰাজ চাৱাই জয় সিং দ্বিতীয়ই পাঁচোটা মান মন্দিৰ (Astronomical observatory) দিল্লী (১৭২৪ চন),জয়পুৰ (১৭২৮ চন), উজ্জয়িনী (১৭৩৪ চন), বাৰানসী (১৭৩৭ চন) আৰু মথুৰাত (১৭৩৮ চন) সজাইছিল। স্থানীয় সময়, সূৰ্য আৰু অন্য নক্ষত্ৰৰ অৱনতি, চন্দ্ৰগ্ৰহণ, সূৰ্যগ্ৰহণ আদি নিৰূপণ কৰিবলৈ এই মান মন্দিৰবোৰ সজোৱা হৈছিল। এই মান মন্দিৰকেইটাক “যন্তৰ-মন্তৰ” বুলি কোৱা হয়। ই বিভিন্ন পকী যন্ত্ৰপাতিৰ (Masonary instrument) সংগ্ৰহ। আটাইবোৰ যন্ত্ৰ-পাতিয়েই জ্যামিতিক আকাৰৰ। আটাইবোৰতেই স্কেলৰ দাগ কটা। আটাইকেইটা মান মন্দিৰৰ ভিতৰত জয়পুৰৰটো সবাতোকৈ ডাঙৰ। ইয়াৰ যন্ত্ৰ-পাতিবোৰ এতিয়াও বহু জ্যোতিৰ্বিজ্ঞান সম্পৰ্কীয় হিচাপ-নিকাচৰ বাবে উপযোগী হৈ আছে। মোগল সাম্ৰাজ্যৰ শেষ পৰ্বত এক জ্ঞানী সামান্তৰাজৰ ৰাজদৰবাৰৰ জ্যোতিৰ্বিজ্ঞান দক্ষতা আৰু বিশ্বচেতনাৰ অভিপ্ৰকাশ ৰূপে ই ইউনেস্কো বিশ্ব ঐতিহ্য তালিকাত সাংস্কৃতিক সম্পত্তি ৰূপে অন্তৰ্ভুক্ত হয়।[5][6]
এলবাৰ্ট হল সংগ্ৰহালয়
[সম্পাদনা কৰক]গৱৰ্নমেণ্ট চেণ্ট্ৰেল মিউজিয়ামটো ৰাজস্থানী শিল্প-সংস্কৃতিৰ সংগ্ৰহেৰে বিখ্যাত। ১৮৬৩ চনত ৰাজকুমাৰ এলবাৰ্টে উদ্বোধন কৰিছিল বাবে ইয়াক “এলবাৰ্ট হল” বুলিও কয়।[7] পুৰাতাত্ত্বিক আৰু হস্তশিল্পৰ সামগ্ৰীৰ বৃহৎ সংগ্ৰহ ইয়াত আছে। সংগ্ৰহালয়ৰ বিভিন্ন অংশত যুদ্ধৰ জাখৰ, কবচ, ৰজাদিনীয়া অস্ত্ৰ-শস্ত্ৰ, ৰাজকীয় পোছাক, অলংকাৰ, দলিচা, পেইণ্টিং, কাপোৰৰ পুতলা, মৃৎশিল্পৰ বিভিন্ন সামগ্ৰী, ৰাজস্থানী লোকনৃত্য ( দাণ্ডিয়া), ৰাজস্থানী বিবাহ পদ্ধতি ইত্যাদি প্ৰদৰ্শন কৰা হৈছে।
আমেৰ
[সম্পাদনা কৰক]জয়পুৰ নগৰৰপৰা ১১ কিলোমিটাৰ উত্তৰ-পূবে আৰাৱলী পৰ্বতৰ ঢালত আমিৰ অৱস্থিত। পূৰ্বতে আমিৰ মিনা জনজাতীয় লোকসকলৰ অধিকৃত অঞ্চল আছিল। পাছত ৰজা ধোলাৰাজে নিজৰ দখললৈ নিছিল। জয়পুৰ নিৰ্মাণৰ পূৰ্বে প্ৰায় ছশ বছৰ আমিৰত ৰাজধানী আছিল। আজিও আমিৰ নগৰে অতীতৰ শৌৰ্য-বীৰ্যৰ কথা ঘোষনা কৰি আছে। আমিৰ নগৰ ইয়াৰ ধুনীয়া কাৰেংবোৰ আৰু তাৰ চাৰিওফালে থকা বিন্ধাযুক্ত সুবৃহৎ পকী বেৰবোৰৰ কাৰণে বিখ্যাত। আমিৰ প্ৰাসাদ আৰু দুৰ্গ হিন্দু আৰু মুছলিম স্থাপত্যৰ এটা সুন্দৰ সংমিশ্ৰণ। ৰাজা মানসিঙে সোতৰ শতিকাত আমিৰ প্ৰাসাদ আৰু দুৰ্গ সজাবলৈ আৰম্ভ কৰিছিল আৰু শেষ কৰিছিল সাৱাই জয় সিং দ্বিতীয়ই তাৰ এশ বছৰ পাছত। পেলেচ কমপ্লেক্সটোত আছে- চিচ মহল (Shees Mahal), দিৱান-ই-আম (The Hall of Public Audience), দিৱান-ই-খাচ (The Hall of Victory), সুখ নিৱাস (মহাৰাণীৰ শয়ন কক্ষ), সুহাগ মন্দিৰ (মহাৰাণীৰ কাচন কক্ষ), গণেশ পোল দৰৱাজা, সূৰযপোল দৰৱাজা, চান্দ পোল দৰৱাজা, সিংহ পোল দৰৱাজা, মহাৰাজৰ ভোজন কক্ষ ইত্যাদি।
চিচ মহল
[সম্পাদনা কৰক]কাচৰ টুকুৰাৰে নিৰ্মিত চিচ মহল আজিও পৃথিৱীৰ উৎকৃষ্ট “Chamber of Mirrors” বিবেচিত। ঘৰৰ মূধাৱৰণ,বেৰ,মজিয়া-এই সকলোতে নিশ্ছিদ্ৰকৈ বিভিন্ন আকৃতিৰ কাচৰ টুকুৰা লগোৱা আছে। তাত এডাল দিয়াচলাইৰ কাঠী জ্বলাই ওপৰলৈ চালে অপৰূপ দৃশ্য দেখা যায়। হাজাৰ হাজাৰ জুইৰ শিখা মূধাৱৰণৰ আইনাৰ টুকুৰাবোৰত প্ৰতিফলিত হোৱা দেখা যায়। তলৰ মজিয়া আৰু সোঁৱে-বাঁৱে থকা বেৰবোৰতো সেই একেই দৃশ্য-লাখ লাখ জ্বলি থকা জুইৰ শিখা দেখা যায়।
গণেশ পোল দৰৱাজা
[সম্পাদনা কৰক]সূক্ষ্মকৈ ফুল কটা কাঠৰ প্ৰকাণ্ড দুৱাৰ গণেশ পোল দৰৱাজাত(বিভিন্ন কাৰুকাৰ্য কৰা সেই দুৱাৰত)গণেশৰ ছবি অঁকা আছে। তাত ব্যৱহাৰ কৰা বিভিন্ন ৰং হেনো পালেং শাককে ধৰি বিভিন্ন তৰু-তৃণৰপৰা আহৰণ কৰা উদ্ভিজ ৰং।
যোধপুৰ
[সম্পাদনা কৰক]১৪৫৯ চনত ৰথোড়সকলৰ প্ৰধান ৰাও যোধা সিঙে যো্ধপুৰ নগৰ প্ৰতিষ্ঠা কৰে। তেওঁৰ নামেৰে এই নগৰৰ নাম ‘যোধপুৰ’ হয়। যোধপুৰ নগৰৰ উল্লেখযোগ্য স্থাপত্য দুটা হ'ল উমেদ ভৱন পেলেচ আৰু মেহেৰানগড় দুৰ্গ।
উমেদ ভৱন পেলেচ
[সম্পাদনা কৰক]বিংশ শতিকাৰ প্ৰথমাৰ্ধত মহাৰাজ উমেদ সিঙে বিখ্যাত প্ৰাসাদ ‘উমেদ ভৱন পেলেচ’ সজাইছিল। প্ৰকাণ্ড প্ৰাসাদোটোৰ সোঁফালে পঁয়ত্ৰিছটা আৰু বাঁওফালে পঞ্চাছটা কোঠা আছে। এটা কোঠাৰ বেৰত ঐতিহাসিক যুদ্ধ-বিগ্ৰহৰ বহু ছবি অঁকা আছে। একোটা জাতীয় সামগ্ৰীৰ বাবে একোটা কোঠা যেনে- ‘ঘড়িয়ো কা কমৰা’, ‘কাচ কা ফাৰ্নিচাৰ’, ‘চায় ৱ ডিনাৰ ছেট’, ‘বেলজিয়াম ড্ৰেছিং টেবুল ছেট’, ইত্যাদি। আটকধুনীয়া ছোফা ছেট সজাই থোৱা অভিজাত চ'ৰাঘৰটোত দেশ অথবা বিদেশৰ ৰাষ্ট্ৰপতি,প্ৰধানমন্ত্ৰী আহিলে বহিবলৈ দিয়া হয়।
মেহেৰানগড় দুৰ্গ
[সম্পাদনা কৰক]৪৯০ ফুট ওখ পাহাৰৰ ওপৰত অৱস্থিত ‘মেহেৰানগড়’ দুৰ্গ। মেহেৰানগড় মানে ৰাজকীয় বেষ্টন (Majestic and regal fort)। ১৪৫৯ চনত ৰাও যোধা সিঙে ৰাজস্থানী কলা-সংস্কৃতিক প্ৰধান্য দি এই প্ৰকাণ্ড দুৰ্গটো সজাইছিল। পাহাৰৰ বহু ওপৰলৈ ক্ৰমশঃ উঠি যোৱা যথেষ্ট বহল এঢলীয়া পকী ৰাস্তাটোত একাদিক্ৰমে তিনিখন প্ৰবেশদ্বাৰ আছে। সেইকেইখন হৈছে-জয়পোল,লোহাপোল আৰু ফতেহপোল (Victory gate)। কেইবাটাও পাক ঘূৰি ওপৰলৈ যাব লাগে। দুৰ্গৰ ভিতৰৰ যাদুঘৰটোত পাল্কীখানা, শস্ত্ৰখানা, দৌলতখানা ইত্যাদি আছে। এটা কোঠাত আছে ৰাও শিৱাজীৰ (১২১১ চন) পৰা ৰাজা মানসিঙলৈকে (১৮০৪ চন) আঠাইছজন ৰজাৰ একাদিক্ৰমে নামৰ তালিকা এখন আৰু তেওঁলোকৰ ছবি। ভাৰতৰ একমাত্ৰ চামুণ্ডা মন্দিৰটো এই দুৰ্গতেই আছে। এই মন্দিৰত ২০০৮ চনত মহালয়াৰ দিনা ৰাতিপুৱা পূজা দিবলৈ আহি ঠেলা-হেঁচাত পদপিষ্টহৈ শ শ ভক্তই মৃত্যুক আঁকোৱালি লৈছিল।
জয়শালমেৰ নগৰ
[সম্পাদনা কৰক]১৯৫৬ চনত ৰাও জয়শালে এই নগৰ প্ৰতিষ্ঠা কৰে। সেয়ে তেওঁৰ নামেৰে এই নগৰৰ নাম জয়শালমেৰ হয়। দুৰ্গ, হাউলীৰে ভৰা জয়শালমেৰ নগৰক থৰ মৰুভূমিৰ সোণালী নগৰ বুলি কোৱা হয়। কিয়নো এই নগৰ থৰ মৰুভূমিৰ সোঁমাজত অৱস্থিত আৰু এই সকলো কিল্লা (দুৰ্গ), হাভেলী (হাউলী), প্ৰাসাদ-কাৰেং সোণালী ৰঙৰ। জয়শালমেৰ নগৰৰ উল্লেখযোগ্য স্থাপত্যবোৰ হ'ল- মন্দিৰ পেলেচ, পাট্টনকী হাভেলী আৰু সোণৰ কিল্লা।
মন্দিৰ পেলেচ
[সম্পাদনা কৰক]২০০ বছৰ আগেয়ে মহাৰাজ মুলৰাজ সিঙে ‘মন্দিৰ পেলেছ’ সজাইছিল। বৰ্তমান ইয়াত পূৰ্বৰ ৰাজপৰিয়ালৰ বংশধৰসকল থাকে। সোণালী ৰঙৰ কাৰেংটোৰ সন্মুখভাগ অতি সূক্ষ্মকৈ ফুল কটা। ওপৰমহলাৰ ভোজন কোঠাৰ কাৰুকাৰ্য্য বৰ্তমানৰ অভিজাত ৰেস্তোৰাঁৰ দৰে। চ'ৰাঘৰত এই ৰাজপৰিয়ালৰ পূৰ্বসুৰী ৰজাসকলৰ ছবি বন্ধাই থোৱা আছে।
সোণৰ কিল্লা
[সম্পাদনা কৰক]১১৫৬ চনত ৰাও জয়শালে ৭৬ মিটাৰ ওখ ত্ৰিকুট পাহাৰৰ ওপৰত এই কিল্লা সজাইছিল। এই দুৰ্গৰ নিৰ্মাণত কোনো ছিমেণ্ট, চূণ অথবা পানী ব্যৱহাৰ হোৱা নাই। ইটো-সিটো জোৰা লগা পদ্ধতিৰে (Interlocked System) এই দুৰ্গ নিৰ্মাণ কৰা হৈছে। জয়পুৰৰ আমিৰ ফ'ৰ্ট, যোধপুৰৰ মেহেৰানগড় ফ'ৰ্টৰ নিচিনাকৈ ইয়াত প্ৰকাণ্ড চাৰিখন প্ৰবেশদ্বাৰ আছে- গণেশপোল (Elephant Gate), সূৰজ পোল (Sun Gate), ভূতাপোল (Haunted Gate) আৰু হাৱা পোল (Wind Gate)। কিল্লাৰ ভিতৰত বহু হাভেলী আৰু ছশৰপৰা আঠশ বছৰীয়া পুৰণি হিন্দু আৰু জৈন মন্দিৰ আছে।
পাট্টন কী হাভেলী
[সম্পাদনা কৰক]জয়শালমেৰ হাভেলীৰ নগৰ। এই হাভেলীবোৰে জয়শালমেৰৰ সাংস্কৃতিক ঐতিহ্য বহন কৰি আহিছে। বিখ্যাত ‘পাট্টন কী হাভেলী’ অৰ্থাৎ পাটোৱাসকলৰ হাউলী। ধনী সদাগৰ গুমন চান্দ পাটোৱাৰ পাঁচজন পুত্ৰই এই পাঁচমহলীয়া প্ৰকাণ্ড হাভেলীটো সজাইছিল। ১৮০০ চনত আৰম্ভ কৰা এই হাভেলীটো সম্পূৰ্ণ কৰিবলৈ পঞ্চাছ বছৰ লাগিছিল। ৰাজপুতনা স্থাপত্যৰ ই এটা বিশুদ্ধ উদাহৰণ। কুন্দত কটা মস্ত মস্ত স্তম্ভযুক্ত হাভেলীটো সোণালী ৰঙৰ।
ৰাজস্থানী শিল্প আৰু কলা
[সম্পাদনা কৰক]ৰাজস্থানৰ পৰম্পৰাগত হস্তশিল্পৰ সামগ্ৰী ভাৰতবৰ্ষত অদ্বিতীয়।
গহনা আৰু অলংকাৰ শিল্প
[সম্পাদনা কৰক]ৰাজস্থানী জুৱেলাৰী সৰ্বখ্যাত। জয়পুৰ হেনো ‘হীৰা কটা’ত (Cutting of small diamonds) পৃথিৱীৰ ভিতৰতে অন্যতম ঠাই। মুন ষ্ট'ন, প্ৰবাল আদি বিভিন্ন ধৰণৰ পাথৰৰ ব্যৱসায়ৰ বাবে ৰাজস্থান বিখ্যাত। পান্না, হীৰা, মুকুতা, ডালিমা বাখৰ (Garnet), Lapis lazuli, Agate (উজ্জ্বল নীলা পাথৰ) আদি খটুৱাই জয়পুৰ আৰু যোধপুৰত ধুনীয়া অলংকাৰ তৈয়াৰ কৰা হয়। সম্প্ৰতি ৰাজস্থানী ‘কুণ্ডন’ৰ অলংকাৰে গোটেই পৃথিৱীতে বজাৰ দখল কৰিছে। এটা বিশেষ শৈলীৰ মীনা কৰা (The ‘Meenakari’ is the art of enameling on gold and silver), বাখৰ পতা আৰু মণি গঁথা অলংকাৰবোৰ দেশী-বিদেশী পৰ্যটকৰ অন্যতম আকৰ্ষণ। গহনাৰ এই শৈলী ৰাজস্থানৰ নিজস্ব বৈশিষ্ট্য।
বস্ত্ৰ কলা আৰু চিলাই কাম
[সম্পাদনা কৰক]ৰাজস্থানৰ বান্ধনী নক্সা (tie edge fabrics,tie and dye fabrics) আৰু কুণ্ড ছাপৰ (Block printed) শাৰী, ছেলোৱাৰ, কামিজ, ঘাগৰ-কাঞ্চলি, ওৰণা আৰু বিছনা চাদৰ ভাৰতবৰ্ষৰ সকলোতে জনপ্ৰিয়। অৱ্শ্যে এই শৈলীত কেঁচা ৰং ব্যৱহাৰ কৰা হয় বাবে ৰংবোৰ স্থায়ী নহয়। উৎকৃষ্ট বান্ধনীৰ কাম হয় যোধপুৰত। আনহাতে এই ভূমিত উৎপাদিত অতিকে পাতল ওজনৰ কোটা শাৰী ভাৰতবৰ্ষৰ সকলোতে জনপ্ৰিয়। ৰাজস্থানী মহিলাৰ বেজিসূতাৰ কামে সাত সাগৰৰ সিপাৰেও সমাদৰ লাভ কৰিছে। বিভিন্ন ধৰণৰ মণি, মাইকা, কড়ি, চুমকি আদি লগাই কৰা মোনা (Vanity bag, Purse etc.), শাৰী, স্কাৰ্ট আদিৰ উপৰিও শৃংখল চিলাই, কাঁথা সীয়া চিলাই আদিৰে কৰা গাৰু গিলিপ (Pillow cover) দলিচা, ছোফা ঢকা, মেজ ঢকা, ৱাল হেঙিং (বেৰ সজাবলৈ ওলমোৱা ডাঙৰ কাপোৰ) আদি পৰ্যটকৰ আকৰ্ষণৰ বস্তু। মেজ ঢকা, ৱাল হেঙিং আদিৰ ফুলৰ চানেকিত হাতী আৰু গণেশৰ প্ৰাধান্য বেছি দেখা যায়। আনহাতে দলিচা, কুশ্যন (Cushion) আদিত Applique, Patch work আদি জ্যামিতিক আৰ্হিৰ প্ৰাধান্য দেখা যায়।
চিত্ৰকলা
[সম্পাদনা কৰক]ৰাজস্থানী হস্থশিল্পবোৰৰ ভিতৰত চিত্ৰকৰ্ম অন্যতম। এবিধ বিশেষ ধৰণৰ ক'লা কাপোৰত অঁকা চিত্ৰবোৰে মূলতঃ ৰাজস্থানী ঐতিহ্য আৰু সংস্কৃতিকে আলোকিত কৰিছে। এই চিত্ৰবোৰৰ ভিতৰত হাতী আৰু গণেশৰ উপৰিও উট, ঘোঁৰা, শ্ৰীকৃষ্ণৰ ৰাসলীলা আৰু বিভিন্ন ভংগী, ৰজা-ৰাণী, মটকা লোৱা ৰাজস্থানী মহিলা, বিয়াৰ দোলাভাৰী, যুঁজৰ সৈনিক, বীৰ আদিৰ প্ৰাধান্য বেছি। হাতী হৈছে জয়পুৰ নগৰৰ প্ৰতীক। ঘোঁৰা উদয়পুৰ আৰু উট জয়শালমিৰ নগৰৰ প্ৰতীক। কাপোৰৰ উপৰিও কাঠ আৰু পকীঘৰৰ নতুন প্লাষ্টাৰৰ ওপৰতো (Fresco) এই চিত্ৰকৰ্ম কৰা হয়। ক্ষুদ্ৰ ক্ষুদ্ৰ চিত্ৰকৰ্মবোৰ ৰাজস্থানত ৰাজকীয় উৎসাহত ১৬ শতিকাৰপৰাই আৰম্ভ হৈছিল। তেতিয়াৰ পৰাই বহু পৰিয়াল চিত্ৰকৰ্মত নিয়োজিত হয়। ক্ষুদ্ৰ চিত্ৰকৰ্মৰ আন এটা উদাহৰণ কাঠৰ মুখাবোৰ।
চামৰা শিল্প
[সম্পাদনা কৰক]উটৰ চামৰাৰে সজা মোনা, জোতা, পেটি, টুপী আৰু হাড়েৰে তৈয়াৰ কৰা বুতাম, গহনা থোৱা বাকচ আদিয়ে পৰ্যটকসকলক হাত বাউলি মাতে। উটৰ চামৰাৰে তৈয়াৰ কৰা আগজোঙা জোতাবোৰে (জুটি) সগৌৰৱে ৰজা-মহাৰজাৰ কথা ঘোষণা কৰি আছে।
টেৰাকোটা
[সম্পাদনা কৰক]ৰং-বিৰঙৰ অকণি অকণি সেন্দূৰৰ টেমা,চাবিৰ ঘেৰত (Key ring) ওলমোৱা হাতী, ঘোঁৰা, উট আদি ৰাজস্থানী টেৰাকোটাৰ নব্য উল্লেখযোগ্য সামগ্ৰী। টেৰাকোটা শিল্পৰ এই সামগ্ৰীবোৰত সোণত সুৱগা চৰাইছে সেইবোৰৰ গাত লগোৱা সৰু সৰু বগা পাথৰবোৰে। সূক্ষ্ম কলাই অদ্বিতীয় কৰি তুলিছে ৰাজস্থানী শিল্পক। অৱশ্যে পূৰ্বতে বেৰত লগাবলৈ প্ৰভু গণেশ বা বীৰ মহাৰাজ যুক্ত ফলিহে (Wall Plaques) টেৰাকোটাত তৈয়াৰ কৰা হৈছিল। টেৰাকোটা শিল্পৰে তেওঁলোকে সুকীয়া অলংকাৰো তৈয়াৰ কৰে।
পুতলা শিল্প
[সম্পাদনা কৰক]কাপোৰৰ পুতলা তৈয়াৰ কৰাত ৰাজস্থানী মহিলা নিপুণা। কাপোৰেৰে তৈয়াৰ কৰা হাতী, ঘোঁৰা, উট, ৰজা ৰাণীৰ পুতলা লৈ বেচিবলৈ বহি থকা ৰাজস্থানী মহিলা ৰাজস্থানৰ য'তে-ত'তে দেখা যায়।
মৃৎশিল্প
[সম্পাদনা কৰক]ৰাজস্থানী মৃৎশিল্পত উৎপাদিত ‘মটকা’ৰ সমগ্ৰ ভাৰতত বিশেষ স্থান আছে। পাৰস্যৰপৰা আমদানিকৃত নীলা মৃৎশিল্পই জয়পুৰত ১৭ শতিকাত মহাৰাজ ৰামসিংহৰ ৰাজত্বকালত উৎকৃষ্টতা অৰ্জন কৰিছিল। আনহাতে চিত্ৰ অংকিত মৃৎশিল্পই বিকানিৰত প্ৰসাৰ লাভ কৰিছিল।
ধাতৱ শিল্প
[সম্পাদনা কৰক]পিতলৰ বাচনত ফুল কটা, নক্সা কটা আৰু মীনা কৰা শিল্পত জয়পুৰ বিখ্যাত। পৰম্পৰাগত ৰূপৰ বাচন, যেনে- ‘হুণ্ডাচ’ (Water container) মছলাৰ টেমা, থাল (Tray), গহনা থোৱা বাকচ আদি অতিকে আকৰ্ষণীয়। ৰাজস্থানী হোৱাইত মেটেলৰ সমগ্ৰীবোৰ বাহিৰলৈ ৰপ্তানিও হয়।
শিলত কটা ভাস্কৰ্য
[সম্পাদনা কৰক]‘ৰাজস্থান কলা মন্দিৰ’ত বগা মাৰ্বল পাথৰত কটা মূৰ্তি আৰু অন্যান্য সামগ্ৰীৰ ভাস্কৰ্য শিল্প দেখা যায়।
সংস্কৃতি
[সম্পাদনা কৰক]সাজ-পোছাক
[সম্পাদনা কৰক]ৰাজস্থানী পুৰুষ-মহিলাৰ আকৰ্ষণীয় পোছাক আৰু ৰাজকীয় খাদ্য হয় ৷এই কথাৰ উমান দিয়ে। ঘৰুৱাভাৱে ৰাজস্থানী পুৰুষে ধুতি আৰু আংগাৰখা পিন্ধে। আনুষ্ঠানিকভাৱে চুৰিদাৰ-পায়জামা আৰু কুৰ্তা পিন্ধে। মহিলাসকলে কঁকালত ঘাগৰা, বুকুত কাঞ্চালি (a half sleeved bodice) তাৰ ওপৰত পেটলৈকে পৰা হাত চুটি চোলা (sleeveless top) আৰু মূৰত ‘চুনৰী’ লয়। ৰাজস্থানী মহিলাই মূৰৰপৰা ভৰিলৈকে অলংকাৰেৰে নিজকে সজ্জিত কৰে। পৰম্পৰাগতভাৱে ৰূপৰ গহনাৰ প্ৰাধান্য বেছি। কপাল, নাক, কাণ, ডিঙি, বাহু, মনিবন্ধ, কঁকাল, ভৰিৰ সৰু গাঁঠি, ভৰিৰ পতা, আঙুলি – প্ৰত্যেক অংগতে সুকীয়াকৈ অলংকাৰ পিন্ধে। বিবাহিতা মহিলাই হাতীদাঁতৰ বালা পিন্ধে। হাতীদাঁতৰ অলংকাৰক শুভ জ্ঞান কৰা হয়। কাণত ঘণ্টাকৃতিৰ গধুৰ ঝুমকা পিন্ধে। কাণত সাতটা পৰ্যন্ত বিন্ধা কৰা নিয়ম আছে। ডিঙিত ৰূপৰ হাঞ্চালি (hansli) পিন্ধে। কপালত পিন্ধে উঠঙাকৈ ফুল কটা ‘বৰলা’ অথবা ‘চিচ ফুল’। বাহুত ‘বাজুবন্ধ’, ভৰিৰ পতাত গধুৰ ‘পায়েল’, আঙুলিত ‘বেণ্টি’ আৰু কঁকালত ‘কৰধনি’ পিন্ধে। ‘হাঞ্চলি’ৰ উপৰিও ডিঙিত এনে এধাৰ মণিহাৰ পিন্ধে যিধাৰৰ মাজে মাজে মুদ্ৰাৰ নিচিনা গোল অথবা চাৰিকোণীয়া পদক থাকে। এই মনিধাৰক ‘টায়েট’ বুলি কয়। ল'ৰাবিলাকে এখন কাণত ফুটা কৰে আৰু ‘লং’ বুলি এবিধ ফুলি পিন্ধে।
আহাৰ
[সম্পাদনা কৰক]ৰাজস্থানী আহাৰৰ প্ৰধান বৈশিষ্ট্য হৈছে মাখন আৰু ঘিঁউৰে কৰা ৰন্ধা-বঢ়া।
, ইয়াত প্ৰত্যেকবিধ খাদ্য ঘিঁউৰে ৰন্ধা হয়। ঘিঁউৰ উপৰিও গাখীৰ, বিশেষকৈ ‘কেশৰীয়া দুধ’ আৰু গাখীৰৰ পৰা উৎপাদিত দৈ, পনিৰ, মাখন আদি সামগ্ৰীৰ প্ৰচলন বেছি । ৰাজস্থানী হিন্দুসকল মূলতঃ নিৰামিষভোজী। প্ৰধান আহাৰ ভাত আৰু ৰুটী। ঘেঁহুৰ উপৰিও মিচিৰ ৰুটী আৰু বজাৰৰ ৰুটীও তেওঁলোকৰ প্ৰধান খাদ্য। প্ৰত্যেক সাঁজ ভাততে পাপৰ সেকা আৰু দৈ অথবা ৰাইতা থাকে। বজৰাৰ খিচিৰি আন এবিধ প্ৰিয় ব্যঞ্জন।
নৃত্য-গীত
[সম্পাদনা কৰক]সংগীত-নৃত্য কৰি ফুৰা দলবোৰ ৰাজস্থানী সংস্কৃতিৰ অন্যতম অংগ। পৰম্পৰাগত সাজ-পোছাকেৰে চাৰি-পাঁচজনীয়া মানুহৰ দল একোটাই হাতে হাতে থলুৱা বাদ্যযন্ত্ৰ, যেনে- সাৰাংগী, চেহনাই, সুৰনাই, ঢোলক, ঘণ্টা, ডমৰু, নাদ, খৰতাল লৈ ঠায়ে ঠায়ে বহি থাকে। সেই বাদ্যযন্ত্ৰত তেওঁলোকে ৰাজস্থানী লোকসংগীতৰ সুৰ তোলে। কেতিয়াবা সেই দলত পৰম্পৰাগত সাজ আৰু অলংকাৰ পিন্ধা মহিলাও থাকে। মহিলাসকলে সেই সুৰৰ তালে তালে লোকনৃত্য কৰে। সাধাৰণতে ভোপা, লাংগা, মাংগানিয়াৰ, কালবেলিয়া, যোগী, নায়ক, থোড়ী, ভাৱাৰী আদি সম্প্ৰদায়ৰ মানুহে এনে ধৰণে দল বান্ধি সংগীত নৃত্য কৰি ফুৰে। লাংগা আৰু মাংগানিয়াৰসকল মৰুৰ বুকুৰ থলুৱা শিল্পী। বিবাহ, হোলী আদি প্ৰত্যেক অনুষ্ঠান আৰু উৎসৱৰে সুকীয়া সুকীয়া সংগীত আছে। কালবেলিয়া, মটকা ভাৱাই, কাঠপুতলি (পুতলা নাচ), চাৰী (pot dance), কাচ্চী ঘোড়ী (dummy horse dance) আদি জনপ্ৰিয় নৃত্য। নৃত্য আৰু সংগীত এই লোকসকলৰ জীৱনৰ অবিচ্ছেদ্য অংগ। কালবেলিয়া সম্প্ৰদায়ৰ মহিলাসকলে কালবেলিয়া নৃত্য প্ৰদৰ্শন কৰে। এই সম্প্ৰদায়টো মূলতঃ সাপ বাজীকৰ আৰু সাপৰ বিষৰ ব্যৱসায়ী হোৱা হেতুকে এই নৃত্যৰ সাজ-পোছাকবোৰ সাপৰ দৰে কৰা হয়। ভীল জনজাতিসকলে ঘুমৰ নৃত্য কৰে।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ The Territories and States of India By Tara Boland-Crewe, David Lea, pg 208
- ↑ Rai, Vinay; William L. Simon (2007). Think India: the rise of the world's next superpower and what it means for every American. Dutton. পৃষ্ঠা. 194. ISBN 0-525-95020-6. http://books.google.com/books?id=JCx8OtS2ADIC&pg=PA194&dq=Hawa+Mahal&ei=7UYbS9ahA5nUkgS80fXiCw#v=onepage&q=Hawa%20Mahal&f=false। আহৰণ কৰা হৈছে: 2009-12-06.
- ↑ "Hawa Mahal". http://www.iloveindia.com/indian-monuments/hawa-mahal.html। আহৰণ কৰা হৈছে: 2009-12-06.
- ↑ "Japiur, the Pink City". http://www.jaipur.org.uk/forts-monuments/hawa-mahal.html। আহৰণ কৰা হৈছে: 2009-12-06.
- ↑ "Jantar Mantar, Jaipur". UNESCO. http://whc.unesco.org/en/list/1338। আহৰণ কৰা হৈছে: 2010-10-07.
- ↑ "Jantar Mantar, Jaipur" (pdf). UNESCO. http://whc.unesco.org/archive/advisory_body_evaluation/1338.pdf। আহৰণ কৰা হৈছে: 2010-10-07.
- ↑ "Jaipur City (or Jainagar)". The Imperial Gazetteer of India. 1909. পৃষ্ঠাসমূহ: 402. http://dsal.uchicago.edu/reference/gazetteer/pager.html?objectid=DS405.1.I34_V13_408.gif.
- ↑ "ৰাজস্থান:ঐতিহ্য,শিল্প আৰু সংস্কৃতি" লেখক- তৰালি দেৱী চক্ৰৱতী। প্ৰান্তিক- (৩২শ বছৰ ১৫শ সংখ্যা। ১-১৫ জুলাই ২০১৩)
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]ৱিকিমিডিয়া কমন্সত ৰাজস্থান সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
ৱিকিনিউজত ৰাজস্থান বিষয়ক বাতৰি চাওক। |
- ৰাজস্থান বিষয়ে Curlie (DMOZ)-ত থকা তথ্য
- ৰাজস্থান ভ্ৰমণ নিৰ্দেশিকা, ৱিকিভয়াজৰ পৰা
পঞ্জাব, পাকিস্তান | পঞ্জাব | হাৰিয়ানা | ||
সিন্ধ, পাকিস্তান | উত্তৰ প্ৰদেশ | |||
ৰাজস্থান | ||||
গুজৰাট | মধ্য প্ৰদেশ |
|