২৩ জুলাই (ইংৰাজী: 23 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২০৪তম (অধিবৰ্ষত ২০৫তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৬১টা দিন বাকী থাকে।
- ১৫৫৫ - হুমায়ুনে চিকন্দৰ শ্বাহ চুৰিক ছিৰহিন্দ যুদ্ধত পৰাস্ত কৰি দিল্লী অধিকাৰ কৰে। [1]
- ১৯২৭ - মুম্বাই আৰু কলকাতাত ভাৰতৰ প্ৰথম অনাতাঁৰ কেন্দ্ৰ স্থাপন আৰু নিয়মীয়া সম্প্ৰচাৰ আৰম্ভ হয়।
- ১৯৩৭ - য়েন বিশ্ববিদ্যালয়ৰ গৱেষণাগাৰত ‘‘পিটুইটাৰী’’ হৰ’মন আৱিষ্কৃত হৈছিল।
- ১৯৯৩ - ভাৰতৰ ‘‘ইনছাট—২ বি’’ নামৰ কৃত্ৰিম উপগ্ৰহটো উৎক্ষেপন কৰা হৈছিল।
- ১৯৯৯ - টেলিস্কোপ 'চন্দ্ৰ' মহাকাশত স্থাপন কৰা হৈছিল।
- ২০০৫ - ইজিপ্তত অল-কায়দাৰ আত্মঘাতী আক্ৰমণৰ ফলত শতাধিক লোক নিহত হয় আৰু ডেৰ শতাধিক লোক আহত হয়।
- ২০০৮ - ভাৰতৰ কেন্দ্ৰত থকা ইউ পি এ চৰকাৰ আস্থা ভোটত পুনৰ জয়ী হয়।
- ২০১৩ - লখিমপুৰ জিলাৰ সদৰৰ তিনি ঠাইত গ্ৰেণেড বিস্ফোৰণ সংঘটিত হয়।
- ১৮৫৬ - বাল গঙ্গাধৰ তিলক, ভাৰতীয় স্বাধীনতা সংগ্ৰামী। স্বৰাজ মোৰ জন্মস্বত্ব শীৰ্ষক বাণীৰ স্ৰষ্টা ৰূপে তিলক বিখ্যাত।
- ১৮৯৮ - তাৰাশংকৰ বন্দ্যোপাধ্যায়, ভাৰতীয় বাংলা সাহিত্যিক।
- ১৯০৬ - চন্দ্ৰশেখৰ আজাদ, ভাৰতীয় স্বাধীনতা সংগ্ৰামী।
- ১৯৩৪ - চিষ্টাৰ নিৰ্মলা, ভাৰতীয় ৰোমান কেথলিক ধৰ্মীয় চিষ্টাৰ।
- ১৯৫৩ - গ্ৰাহাম গুছ, ইংলেণ্ডৰ ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক।
- ১৯৭৩ - মণিকা লিৱিনস্কি, ক্লিন্টন-লিৱিনস্কি কেলেংকাৰীৰ বাবে বিখ্যাত।
- ১৯৮৯ - ডেনিয়েল ৰেডক্লিফ, ইংৰাজ অভিনেতা, চলচ্চিত্ৰ শৃংখলাৰ হেৰী পটাৰৰ ভূমিকাত অভিনয় কৰি বিশেষভাবে পৰিচিত।
- ১৭৯৩ - ৰ'জাৰ ছেৰমান, আমেৰিকা যুক্তৰাষ্ট্ৰৰ আঠজন প্ৰতিষ্ঠাপক জাতিৰ পিতাৰ মাজৰ এজন।
- ১৮৭৫ - আইজাক মেৰিট ছিংগাৰ, আমেৰিকান উদ্ভাৱক তথা ব্যৱসায়ী। ব্যৱসায়িক ভিত্তিত চিলাই কলৰ উৎপাদন আৰম্ভ কৰে।
- ১৯৯৪ - ড॰ লীলা গগৈ, অসমীয়া সাহিত্যিক, বুৰঞ্জীবিদ, গ্ৰন্থকাৰ, শিক্ষাবিদ, অসম সাহিত্য সভাৰ সভাপতি, সম্পাদক, উপ-সভাপতি, অসম প্ৰকাশন পৰিষদৰ সদস্য, সৰ্বভাৰতীয় পাঠ্যপুথি প্ৰণয়ন আৰু কাৰ্যকৰী সমিতিৰ সদস্য, সৰ্বভাৰতীয় পৰিভাষা প্ৰণয়ন সমিতিৰ সদস্য, অসম পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমৰ সঞ্চালক।
- ২০০৪ - মেহমুদ আলি, ভাৰতীয় অভিনেতা, পৰিচালক তথা প্ৰযোজক।
- ২০১২ - লক্ষ্মী সেহগল, ভাৰতীয় স্বাধীনতা সংগ্ৰামী।
তথ্য সূত্ৰ
- ↑ "Battle of Sirhind (1555)". wikipediahttps://en.wikipedia.org/. https://en.wikipedia.org/wiki/Battle_of_Sirhind_(1555).