সমললৈ যাওক

হান কাং

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হান কাং

২০১৭ চনত হান কাং
জন্ম ২৭ নৱেম্বৰ, ১৯৭০ (৫৩ বছৰ)
গোৱেংজু, দক্ষিণ কোৰিয়া
পেচা লেখক
ভাষা কোৰিয়ান
মাতৃশিক্ষায়তন য়ুনচেই বিশ্ববিদ্যালয়
ধৰণ ফিকচন
উল্লেখনীয় কৰ্মৰাজি দ্য ভেজিটেৰিয়ান
হিউমেন এক্টচ্‌
উল্লেখযোগ্য বঁটা য়ি চেং লিটাৰেৰী এৱাৰ্ড
২০০৫
বুকাৰ বঁটা
২০১৬
Prix Médicis étranger
২০২৩
সাহিত্যৰ ন’বেল বঁটা
২০২৪
দাম্পত্যসংগী হং য়ং-হী
সন্তান ১ (পুত্ৰ)

স্বাক্ষৰ
ৱেবছাইট www.han-kang.net
পিতৃ-মাতৃ হান চিউং ৱন (পিতৃ)
Lim Kam-o (mother)
কোৰিয়ান নাম
হাংগুল 한강
হাঞ্জা
অসমীয়াকৰণ হান গাং
মেক-ক্যুন ৰেইস্কাৱাৰ হান কাং

হান কাং (ইংৰাজী: Han Kang; কোৰিয়ান: 한강; জন্ম:২৭ নৱেম্বৰ, ১৯৭০) এগৰাকী দক্ষিণ কোৰিয়ান লেখক। তেওঁক বিশেষকৈ তেওঁৰ দ্য ভেজিটেৰিয়ান উপন্যাসখনৰ বাবে জনা যায়; য’ত এগৰাকী মহিলাৰ মানসিক স্বাস্থ্য আৰু পৰিয়ালৰ পৰা পোৱা উপেক্ষাৰ বিষয়ে বৰ্ণিত হৈছে। ২০১৬ চনত ইয়াৰ ইংৰাজী অনুবাদটো প্ৰকাশ পোৱাৰ পিছত উপন্যাসখনে কল্পকাহিনীৰ বাবে আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা অৰ্জন কৰা প্ৰথমখন কোৰিয়ান ভাষাৰ উপন্যাস ৰূপে স্বীকৃতি লাভ কৰে। ২০২৪ চনত প্ৰথমগৰাকী কোৰিয়ান লেখক ৰূপে হানে সাহিত্যৰ ন’বেল বঁটা লাভ কৰে।[1] ন’বেল বঁটা লাভ কৰা হান প্ৰথমগৰাকী এছীয় মহিলা লেখক। তেওঁৰ সাহিত্যত উপলব্ধ কাব্যিক গদ্যৰ বাবে তেওঁক এই সন্মানেৰে সন্মানিত কৰা হয়।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

১৯৭০ চনৰ নৱেম্বৰ মাহৰ ২৭ তাৰিখে গোৱেংজুত হানৰ জন্ম হয়।[2] তেওঁ সাহিত্য ক্ষেত্ৰত এটা নাম থকা পৰিয়ালৰ সন্তান আছিল। হানৰ দেউতাক হান চিউং ৱন এগৰাকী ঔপন্যাসিক। সমান্তৰালকৈ ডাঙৰ ককায়েক হান ডং-ৰিম এগৰাকী ঔপন্যাসিক আৰু ভায়েক হান কং-ইন এগৰাকী ঔপন্যাসিক তথা কাৰ্টুনিষ্ট।[3]

ন বছৰ বয়সত, হানৰ দেউতাকে যেতিয়া লেখাকে বৃত্তি হিচাপে গ্ৰহণ কৰাৰ সিদ্ধান্তৰে তেওঁৰ শিক্ষকতাৰ চাকৰি এৰে; হান চিউলৰ চুয়ু-ৰিলৈ আহে। এয়া আছিল গোৱেংজু বিদ্ৰোহৰ চাৰি মাহৰ আগৰ সময়; সামৰিক বাহিনীৰ হাতেৰে ছাত্ৰ আৰু নাগৰিক হত্যাৰে, গণতন্ত্ৰৰ সমৰ্থনত হোৱা এই বিদ্ৰোহৰ অন্ত পৰিছিল। ১২ বছৰ বয়সত, এগৰাকী বিদেশী সাংবাদিকে তোলা আলোকচিত্ৰৰে গোপনে প্ৰকাশ হোৱা এখন স্মৰণিকা ঘৰতে আৱিস্কাৰ কৰাৰ পিছত হানে এই হত্যাকাণ্ডৰ বিষয়ে গম পায়। এই আৱিস্কাৰে মানৱতা সম্পৰ্কে হানৰ দৃষ্টিভংগী তথা তেওঁৰ সাহিত্যক গভীৰভাৱে প্ৰভাৱিত কৰিছিল।[2][4]

লেখা-মেলাৰে জীৱন নিৰ্বাহ কৰিবলৈ গৈ হানৰ দেউতাকে যথেষ্ট সংগ্ৰাম কৰিছিল আৰু স্বাভাৱিকতে পৰিয়ালটোৰ ওপৰত ইয়াৰ নেতিবাচক প্ৰভাৱ পৰিছিল। হানে এই বিষয়ে উল্লেখ কৰি কৈছে যে; যদিও চাৰিওফালৰপৰা আৱৰি থকা কিতাপবোৰে তেওঁ সকাহ দিছিল, তথাপি এটি কনমানি শিশু হিচাপে তেওঁৰ শৈশৱ যথেষ্ট সংঘৰ্ষময় আছিল।[5] ১৯৯৩ চনত কোৰিয়ান ভাষা সাহিত্যত অনাৰ্চসহ হানে য়ুনচেই বিশ্ববিদ্যালয়ৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে[2] আৰু ১৯৯৮ চনত তেওঁ লোৱা বিশ্ববিদ্যালয়ৰ আন্তঃৰাষ্ট্ৰীয় লেখন কৰ্যসূচীত অন্তৰ্ভুক্ত হয়।[2][6]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Lee, Dae Woong (11 October 2024). "소설가 한강, 노벨문학상 수상 쾌거… 아시아 여성 작가 최초" (ko ভাষাত). Christian Today. https://www.christiantoday.co.kr/news/364303. 
  2. 2.0 2.1 2.2 2.3 "Han Kang". Literary Encyclopedia. https://www.litencyc.com/php/speople.php?rec=true&UID=14035। আহৰণ কৰা হৈছে: October 10, 2024. "Ed. by Helen Rachel Cousins, Birmingham Newman University: The Literary Encyclopedia. Volume 10.2.3: Korean Writing and Culture. Vol. editors: Kerry Myler (Birmingham Newman University)" 
  3. ""딸이 쓴 문장에 질투심이 동했다"...아버지 한승원 작가의 고백" (ko ভাষাত). 매일경제. October 11, 2024. https://www.mk.co.kr/news/culture/11137068। আহৰণ কৰা হৈছে: October 13, 2024. 
  4. Armitstead, Claire (2016-02-05). "Han Kang: ‘Writing about a massacre was a struggle. I’m a person who feels pain when you throw meat on a fire’" (en-GB ভাষাত). The Guardian. ISSN 0261-3077. https://www.theguardian.com/books/2016/feb/05/han-kang-interview-writing-massacre. 
  5. Alter, Alexandra (February 2, 2016). "'The Vegetarian,' a Surreal South Korean Novel". The New York Times. https://www.nytimes.com/2016/02/03/books/the-vegetarian-a-surreal-south-korean-novel.html। আহৰণ কৰা হৈছে: October 11, 2024. 
  6. "HAN Kang". The International Writing Program. https://iwp.uiowa.edu/writers/han-kang। আহৰণ কৰা হৈছে: March 8, 2019.