সংসাৰ (বৌদ্ধ ধৰ্ম)
বৌদ্ধ ধৰ্ম আৰু হিন্দু ধৰ্মত সংসাৰ (সংস্কৃত: संसार, পালি: saṃsāra) হৈছে জন্ম, স্বাভাৱিক অস্তিত্ব আৰু মৃত্যুৰ অন্তহীন চক্ৰ।[1] সংসাৰক দুঃখ জ্ঞান কৰা হয়: ই কষ্টকৰ, অবহনক্ষম আৰু দুখদায়ক।[2] ই টান আৰু অবিদ্যাৰ ফলত হোৱা কৰ্মৰ দ্বাৰা বৰ্তি থাকে।[3][4][5] সংসাৰত পুনৰ্জন্ম মানুহৰ ৰূপতেই হ'ব বুলি কোনো নিশ্চিতি নাই। ই ৬ গতিৰ যিকোনো এটাত হ'ব পাৰে। এই ৬ গতিৰ ৩ ভাল আৰু ৩ বেয়া। ভাল জগতকেইখন হ'ল স্বৰ্গ, দেৱ আৰু মানৱ। বেয়া জগতকেইখন হ'ল পশু, ভূত আৰু নৰক।[note 1]
সংসাৰৰ অন্ত তেতিয়া হয় যেতিয়া কোনো ব্যক্তিয়ে নিৰ্বাণ লাভ কৰে। নিৰ্বাণ লাভ কৰিবলৈ টান ত্যাগ কৰিব লাগিব। নিৰ্বাণ প্ৰাপ্তিত টান "উৰি যায়" আৰু বাস্তৱৰ অস্থায়ীত্ব তথা অনত্তা জ্ঞান লাভ হয়।[7][8][9]
পদ্ধতি
[সম্পাদনা কৰক]বৌদ্ধ ধৰ্মৰ মতে, যদিও জীৱ পুনৰ্জন্মৰ এক অন্তহীন চক্ৰত থাকে, এনে কোনো সনাতন আত্মা নাই যি এটি জীৱনৰ পৰা আন জীৱনলৈ যায়। এই দৃষ্টিভংগীয়ে বৌদ্ধ সংসাৰক হিন্দু আৰু জৈন সংসাৰতকৈ পৃথক কৰে।[10][11] এই তত্ত্বক বৌদ্ধ শাস্ত্ৰসমূহত অনত্তা (পালি শাস্ত্ৰসমূহত) বা অনাত্মন্ (সংস্কৃত শাস্ত্ৰসমূহত) বোলা হয়। অনত্তাৰ তত্ত্বৰ মতে, আত্মনৰ অস্তিত্ব নাই।[12][13]
পুৰণি বৌদ্ধ শাস্ত্ৰৰ পৰা অনুমান কৰিব পৰা যায় যে আত্মনৰ অস্তিত্বহীনতা বা অনত্তাৰ ধাৰণা প্ৰস্তুত কৰাৰ পাছত, গৌতম বুদ্ধই এই কথা বুজাবলৈ অলপ কষ্ট অনুভৱ কৰিছিল যে পুনৰ্জন্মত আছলতে কি পুনৰ্জীৱিত হয়।[14] পাছলৈ, প্ৰথম সহস্ৰাব্দীৰ পালি পণ্ডিত বুদ্ধঘোষৰ আৰু অন্যান্য বৌদ্ধ পণ্ডিতে যুক্তি দাঙি ধৰিলে যে আত্মাৰ অস্তিত্বহীনতাই ধাৰাবাহিকতাৰ অস্তিত্বহীনতা নুবুজায়। ৬ জগতৰ এটিৰ পৰা আনত হোৱা পনৰ্জন্ম ঠিক তেনেদৰেই হয় যিদৰে এটি মমবাটিৰ পৰা আন মমবাটিলৈ জুইৰ শিখা স্থানান্তৰ কৰিব পৰা যায়।[15][16] বুদ্ধঘোষে পুনৰ্জন্মৰ প্ৰক্ৰিয়াক এই ধৰণে বুজাবলৈ চেষ্টা কৰিছিল যে এটি "পুনৰ্জন্ম সংযোজিত কৰা বিজ্ঞান" আছে, যাক পতিসন্ধি বোলা হয়।[17][18]
বৌদ্ধ পৰম্পৰা ভেদে সংসাৰৰ যান্ত্ৰিক বিৱৰণ সলনি হোৱা দেখা যায়। থেৰবাদৰ মতে, পুনৰ্জন্ম তৎক্ষণাত সংঘটিত হয়। তাৰ বিপৰীতে, তিব্বতী বৌদ্ধ ধৰ্মৰ মতে মৃত্যু আৰু পুনৰ্জন্মৰ মাজত এক অন্তৱৰ্তী অৱস্থা আছে, যাক তিব্বতী ভাষাত বাৰ্ড' আৰু সংস্কৃত ভাষাত অন্তৰাভৱ বোলা হয়। ই ৪৯ দিনলৈকে থাকিব পাৰে।[19][20][21] মহাযান বৌদ্ধ ধৰ্মৰ মতে, সংসাৰ আৰু নিৰ্বাণ একেই। প্ৰাচীন ভাৰতীয় মহাযান বৌদ্ধ পণ্ডিত নাগাৰ্জুনে বুজাইছিল, "সংসাৰৰ কোনো বস্তুৱেই নিৰ্বাণতকৈ বেলেগ নহয়, নিৰ্বাণৰ কোনো বস্তুৱেই সংসাৰতকৈ বেলেগ নহয়। যি নিৰ্বাণৰ সীমা, সেয়াই সংসাৰৰো সীমা, দুয়োৱে মাজত কোনো পাৰ্থক্য নাই।"[22]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Wilson 2010.
- ↑ Juergensmeyer & Roof 2011, পৃষ্ঠা. 271-272.
- ↑ McClelland 2010, পৃষ্ঠা. 172, 240.
- ↑ Williams, Tribe & Wynne 2012, পৃষ্ঠা. 18–19, chapter 1.
- ↑ Buswell 2004, পৃষ্ঠা. 711-712.
- ↑ Buswell & Gimello 1992, পৃষ্ঠা. 7–8, 83–84.
- ↑ Choong 1999, পৃষ্ঠা. 28–29, Quote: "Seeing (passati) the nature of things as impermanent leads to the removal of the view of self, and so to the realisation of nirvana.".
- ↑ Rahula 2014, পৃষ্ঠা. 51-58.
- ↑ Naomi Appleton (2014). Narrating Karma and Rebirth: Buddhist and Jain Multi-Life Stories. Cambridge University Press. পৃষ্ঠা. 76–89. ISBN 978-1-139-91640-0. https://books.google.com/books?id=AhT7AgAAQBAJ.
- ↑ Anatta Buddhism, Encyclopædia Britannica (2013)
- ↑ [a] Christmas Humphreys (2012). Exploring Buddhism. Routledge. পৃষ্ঠা. 42–43. ISBN 978-1-136-22877-3. https://books.google.com/books?id=V3rYtmCZEIEC. [b] Brian Morris (2006). Religion and Anthropology: A Critical Introduction. Cambridge University Press. পৃষ্ঠা. 51. ISBN 978-0-521-85241-8. https://books.google.com/books?id=PguGB_uEQh4C&pg=PA51., Quote: "(...) anatta is the doctrine of non-self, and is an extreme empiricist doctrine that holds that the notion of an unchanging permanent self is a fiction and has no reality. According to Buddhist doctrine, the individual person consists of five skandhas or heaps - the body, feelings, perceptions, impulses and consciousness. The belief in a self or soul, over these five skandhas, is illusory and the cause of suffering." [c] Richard Gombrich (2006). Theravada Buddhism. Routledge. পৃষ্ঠা. 47. ISBN 978-1-134-90352-8. https://books.google.com/books?id=jZyJAgAAQBAJ., Quote: "(...) Buddha's teaching that beings have no soul, no abiding essence. This 'no-soul doctrine' (anatta-vada) he expounded in his second sermon."
- ↑ David J. Kalupahana (1975). Causality: The Central Philosophy of Buddhism. University Press of Hawaii. পৃষ্ঠা. 115–119. ISBN 978-0-8248-0298-1. https://books.google.com/books?id=GOYGAAAAYAAJ.
- ↑ David J. Kalupahana (1975). Causality: The Central Philosophy of Buddhism. University Press of Hawaii. পৃষ্ঠা. 83. ISBN 978-0-8248-0298-1. https://books.google.com/books?id=GOYGAAAAYAAJ.
- ↑ William H. Swatos; Peter Kivisto (1998). Encyclopedia of Religion and Society. Rowman Altamira. পৃষ্ঠা. 66. ISBN 978-0-7619-8956-1. https://books.google.com/books?id=6TMFoMFe-D8C.
- ↑ Bruce Mathews (1986). Ronald Wesley Neufeldt. ed. Karma and Rebirth: Post Classical Developments. State University of New York Press. পৃষ্ঠা. 123–126. ISBN 978-0-87395-990-2. https://books.google.com/books?id=iaRWtgXjplQC.
- ↑ James McDermott (1980). Wendy Doniger. ed. Karma and Rebirth in Classical Indian Traditions. University of California Press. পৃষ্ঠা. 168–170. ISBN 978-0-520-03923-0. https://archive.org/details/bub_gb_4WZTj3M71y0C.
- ↑ Buswell & Lopez 2013, পৃষ্ঠা. 49-50, 708-709.
- ↑ Macmillan Encyclopedia of Buddhism. Vol. 1, p. 377
- ↑ The Connected Discourses of the Buddha. A Translation of the Samyutta Nikaya, Bhikkhu Bodhi, Translator. Wisdom Publications. Sutta 44.9
- ↑ Loy, David (1983). "The difference between samsara and nirvana". Philosophy East and West. University of Hawai'i Press. পৃষ্ঠা. 355.
উদ্ধৃতি ত্ৰুটি: <ref>
টেগ্সমূহ "note" নামৰ এটা গোটৰ বাবে আছে, কিন্তু তাৰ <references group="note"/>
টেগ্ পোৱা নগ'ল