সমললৈ যাওক

লুই ই. ব্ৰুচ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
লুই ইউজিন ব্ৰুচ

২০০৮ চনত ব্ৰুচ
জন্ম ১০ আগষ্ট, ১৯৪৩ (৮১ বছৰ)
ক্লিভলেণ্ড, অহাইঅ’, আমেৰিকা যুক্তৰাষ্ট্ৰ
ক্ষেত্ৰ ৰসায়ন বিজ্ঞান
ৰাসায়নিক পদাৰ্থ বিজ্ঞান
নেন’প্ৰযুক্তিবিদ্যা
কৰ্মস্থান আমেৰিকাৰ নৌসেনাৰ গৱেষণা পৰীক্ষাগাৰ
বেল টেলিফোন পৰীক্ষাগাৰ, কলম্বিয়া বিশ্ববিদ্যালয়
ডক্তৰেল পৰামৰ্শদাতা ৰিচাৰ্ড বেৰ্শন
জনা যায় কোৱাণ্টাম ডট
ব্ৰুচ সমীকৰণ
উল্লেখনীয় বঁটা ৰাসায়নিক পদাৰ্থ বিজ্ঞানত ইৰভিং লেংমুয়াৰ বঁটা (২০০১)
নেচনেল একাডেমী অৱ চাইন্সেছ (২০০৪)
আৰ ডব্লিউ উড বঁটা (২০০৬)
কাৱলী বঁটা (২০০৮)

উইলাৰ্ড গিবছ বঁটা (২০০৯)
ৰাসায়নিক বিজ্ঞানত এন এ এছ বঁটা (২০১০)
বিজ্ঞানত কৃতিত্বৰ বাবে বাৱাৰ বঁটা আৰু বঁটা (২০১২)

ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা (২০২৩)

লুই ইউজিন ব্ৰুচ (ইংৰাজী: Louis Eugene Brus; জন্ম: ১০ আগষ্ট ১৯৪৩) এগৰাকী আমেৰিকান ৰসায়নবিদ।[1][2] তেওঁ বৰ্তমান কলম্বিয়া বিশ্ববিদ্যালয়ৰ চেমুৱেল লেথাম মিচেল আসনৰ ৰসায়ন বিজ্ঞানৰ অধ্যাপক। তেওঁ কোৱাণ্টাম ডট নামেৰে জনাজাত কলয়ডেল অৰ্ধপৰিবাহী নেন'স্ফটিকৰ সহ-আৱিষ্কাৰক।[3] ২০২৩ চনত তেওঁ এই আৱিষ্কাৰৰ বাবে এলেক্সি একিম'ভ আৰু মুঞ্জী বাৱেণ্ডিৰ সৈতে যুটীয়াভাৱে ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

১৯৪৩ চনত আমেৰিকাৰ অহাইঅ’ৰ ক্লিভলেণ্ডত লুই ইউজিন ব্ৰুচৰ জন্ম হৈছিল। কানছাছৰ ৰ'লেণ্ড পাৰ্কত হাইস্কুলীয়া শিক্ষা গ্ৰহণৰ সময়ত তেওঁৰ ৰসায়ন বিজ্ঞান আৰু পদাৰ্থ বিজ্ঞানৰ প্ৰতি আগ্ৰহ জন্মিছিল।[4]

১৯৬১ চনত নেভাল ৰিজাৰ্ভ অফিচাৰ্ছ ট্ৰেইনিং কৰ্পছ (এন আৰ অ’ টি চি) কলেজৰ বৃত্তিৰে ৰাইচ বিশ্ববিদ্যালয়ত ভৰ্তি হয়। তেওঁ মিডশ্বিপমেন হিচাপে সাগৰত এন আৰ অ’ টি চিৰ কাৰ্য্যকলাপত অংশগ্ৰহণ কৰিবলগীয়া হয়। ১৯৬৫ চনত তেওঁ ৰাইচ বিশ্ববিদ্যালয়ৰ পৰা ৰাসায়নিক পদাৰ্থ বিজ্ঞানত বিএছ ডিগ্ৰী লাভ কৰে আৰু তাৰ পিছত তেওঁ ডক্টৰেট ডিগ্ৰীৰ গৱেষণাৰ বাবে কলম্বিয়া বিশ্ববিদ্যালয়লৈ যায়। তেওঁৰ গৱেষণা পত্ৰৰ বাবে তেওঁ ৰিচাৰ্ড বেৰ্শনৰ তত্বাৱধানত ছডিয়াম আয়'ডাইড বাষ্পৰ আলোকবিভাজনৰ গৱেষণা কৰিছিল। পি এইচ ডি লাভ কৰাৰ পিছত ১৯৬৯ চনত ব্ৰুচে নৌসেনালৈ লেফটেনেণ্ট হিচাপে উভতি আহে আৰু ৱাশ্বিংটন ডি.চি.ৰ আমেৰিকাৰ নৌসেনাৰ গৱেষণা পৰীক্ষাগাৰত লিন মিং-চাঙৰ সহযোগত বৈজ্ঞানিক কৰ্মচাৰী বিষয়া হিচাপে কৰ্মজীৱন কৰে।

বেৰ্শনৰ পৰামৰ্শ অনুসৰি ব্ৰুছে নৌসেনা স্থায়ীভাৱে এৰি ১৯৭৩ চনত এ টি এণ্ড টি বেল লেবৰেটৰীত যোগদান কৰে আৰু তাত তেওঁ কোৱাণ্টাম ডটৰ আৱিষ্কাৰ সম্পৰ্কীয় গৱেষণা আৰম্ভ কৰে। ১৯৯৬ চনত ব্ৰুছে বেল লেবছ এৰি কলম্বিয়া বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগত অধ্যাপক হিচাপে যোগদান কৰে।

তথ্য উৎস

[সম্পাদনা কৰক]
  1. "Louis Eugene Brus" (en ভাষাত). American Academy of Arts & Sciences. September 13, 2023. https://www.amacad.org/person/louis-eugene-brus। আহৰণ কৰা হৈছে: October 4, 2023. 
  2. Profile of Louis Eugene Brus
  3. Brus, Louis E. (1984). "Electron–electron and electron-hole interactions in small semiconductor crystallites: The size dependence of the lowest excited electronic state". The Journal of Chemical Physics খণ্ড 80 (4403): 4403–4409. doi:10.1063/1.447218. http://scitation.aip.org/content/aip/journal/jcp/80/9/10.1063/1.447218। আহৰণ কৰা হৈছে: January 30, 2015. 
  4. Davis, Tinsley (February 2005). "Biography of Louis E. Brus" (en ভাষাত). Proceedings of the National Academy of Sciences খণ্ড 102 (5): 1277–1279. doi:10.1073/pnas.0409555102. ISSN 0027-8424. PMID 15677326.