মুকুতা
![](http://upload.wikimedia.org/wikipedia/commons/thumb/5/56/Diad%C3%A8me_de_limp%C3%A9ratrice_Eug%C3%A9nie_%28mus%C3%A9e_du_Louvre%29_%287166066743%29.jpg/220px-Diad%C3%A8me_de_limp%C3%A9ratrice_Eug%C3%A9nie_%28mus%C3%A9e_du_Louvre%29_%287166066743%29.jpg)
মুকুতা (ইংৰাজী: Pearl) এবিধ মূল্যবান ৰত্ন। অতীজত ৰজা, মহাৰজাসকলে মুকুতাৰ মালা পিন্ধিছিল, তৰোৱাল, ৰাজমুকুট আদিত লগাই লৈছিল। এই মূল্যবান ৰত্নবিধৰ উৎপত্তি কিন্তু সাগৰীয় শামুকৰ দেহতহে। মুকুতাৰ ৰঙ সাধাৰণতে শামুক বাস কৰা পানীৰ তাপ, গভীৰতা আৰু পানীৰ নিমখীয়া গুনৰ ওপৰত নিৰ্ভৰ কৰে। শামুকৰ পেটৰ মুকুতা আটাইতকৈ সুন্দৰ আৰু মূল্যবান। মুকুতাৰ আকাৰ, ৰং আৰু উজ্জ্বলতাৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰ মূল্য নিৰ্ধাৰণ কৰা হয়। পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মুকুতাটোৰ ওজন ৬.৩৭ কেজি। ই দীঘলে ২৪ ছেণ্টিমিটাৰ আৰু ইয়াৰ ব্যাস ১৪ ছে:মি:। এই মুকুতাটো চানফ্ৰান্সিকোৰ এটা বেঙ্কত আচে। ইয়াৰ দাম প্ৰায় ৩ কোটি ২৫ লাখ টকা।[1]
![](http://upload.wikimedia.org/wikipedia/commons/thumb/f/fc/Pearls.jpg/220px-Pearls.jpg)
উৎপত্তিস্থল[সম্পাদনা কৰক]
বগা ৰূপালী মুকুতা মান্নাৰ উপসাগৰত থকা শামুকৰ পেটত পোৱা যায়। ক'লা মুকুতা মেক্সিকো আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ পশ্চিম উপকূলত পোৱা যায়। উত্তৰ মিছিছিপিৰ উপত্যকা অঞ্চলৰ পৰিষ্কাৰ পানীত থকা শামুকৰ পৰা ধুনীয়া মুকুতাৰ উৎপত্তি হয়।[1]
![](http://upload.wikimedia.org/wikipedia/commons/thumb/8/83/Pearl_Oysters.jpg/220px-Pearl_Oysters.jpg)
প্ৰস্তুত প্ৰক্ৰিয়া[সম্পাদনা কৰক]
খোলাধাৰী বা শামুক জাতীয় প্ৰাণীৰ পেলিচাইপডা (Pelecypoda) শ্ৰেণীৰ প্ৰাণীৰ দেহত বিভিন্ন ক্ৰিয়াৰ ফলত মুকুতা উৎপন্ন হয়। এটা শামুকে এটা জকমকীয়া মুকুতা প্ৰস্তুত কৰিবলৈ প্ৰায় ৫-৬ বছৰ সময় লয়। পেলিচাইপডা শ্ৰেণীৰ প্ৰাণীৰ খোলা আৰু ভিতৰৰ কোমল দেহৰ মাজত এটা ফাঁক থাকে। এই ফাঁকটোৰে বালিৰ খণ্ড, পৰজীৱি প্ৰাণী বা আন বাহিৰা পদাৰ্থ সোমাই যায়। এই বালিখণ্ড, পৰজীৱিবোৰে প্ৰাণীটোৰ দেহৰ আচ্ছাদক কলাৰে নিৰ্মিত বহি:আবৰণখন পোটোকা পেলাই তাৰ মাজত সোমাই পৰে। লাহে লাহে পোটোকা পৰা আৱৰণখন মূল আৱৰণৰপৰা বিচ্ছিন্ন হৈ বালিখণ্ডটোক আবৰি পেলায় আৰু ই সংযোজক কলাৰ মাজত সোমাই পৰে। বালিখণ্ডটোক আবৰি থকা আচ্ছাদক কলাৰ তৰপে এবিধ বিশেষ পদাৰ্থ নি:সৰিত কৰে আৰু এই বিশেষ পদাৰ্থবোৰৰ তৰপে বালিখণ্ডটোৰ আকাৰ ঘূৰণীয়া কৰে। এনেদৰে বছৰৰ পিছত বছৰ সেই বিশেষ পদাৰ্থৰ তৰপে বালিখণ্ডটোক এটা জকমকীয়া উজ্জ্বল মুকুতাত পৰিণত কৰে।[1]
কৃত্ৰিম মুকুতা[সম্পাদনা কৰক]
জাপানৰ মুকুতা গবেষকসকলে প্ৰায় ১০০ বছৰ আগৰপৰা কৃত্ৰিমভাবে মুকুতা প্ৰস্তুত কৰি আহিছে। জাপান আৰু শ্ৰীলংকাত আটাইতকৈ বেছি কৃত্ৰিম মুকুতা উৎপাদন কৰা হয়। সাগৰৰপৰা 'অইষ্টাৰ' (Oyster) নামৰ খোলাধাৰী প্ৰাণীটো সংগ্ৰহ কৰি তাক পৰীক্ষাগাৰলৈ নি তাৰ দেহত কৃত্ৰিমভাৱে বালিখণ্ড বা আন বাহিৰা পদাৰ্থ সুমুৱাই দিয়া হয়। তাৰ পিছত এই শামুকবোৰক তাঁৰেৰে নিৰ্মিত পিঁজৰাত ভৰাই সাগৰৰ পানীত ডুবাই ৰখা হয়। ৫-৬ বছৰৰ ভিতৰত এই শামুকবোৰৰ দেহত মুকুতা প্ৰস্তুত হয়। এইদৰে প্ৰস্তুত কৰা মুকুতা আৰু প্ৰাকৃতিক মুকুতাৰ পাৰ্থক্য উলিওৱা টান যদিও মুকুতা বিশেষজ্ঞসকলে এই পাৰ্থক্য ধৰিব পাৰে। মুকুতাৰ মূল্য খুউব বেছি হোৱা বাবে এই কৃত্ৰিম মুকুতা তৈয়াৰ কৰা কাৰখানাবোৰৰ যোগেদি জাপান চৰকাৰে বহুত অৰ্থ উপাৰ্জন কৰে।[1]
![](http://upload.wikimedia.org/wikipedia/commons/thumb/2/24/Black_pearl_and_his_shell.jpg/220px-Black_pearl_and_his_shell.jpg)
ব্যৱহাৰ[সম্পাদনা কৰক]
ভালদৰে ব্যৱহাৰ কৰিলে মুকুতা বহুত বছৰলৈ একেদৰে থাকে। ব্যৱহাৰৰ পাছত মুকুতাবোৰ কোমল পৰিষ্কাৰ কাপোৰেৰে মোহাৰি বাকচত ভৰাই থৈ দিব লাগে।