চেটি চান্দ
চেটি চান্দ | |
---|---|
ঝুলেলাল, সিন্ধী হিন্দুসকলৰ ইষ্ট দেৱতা | |
অন্য নাম | সিন্ধী নৱবৰ্ষ |
পালন কৰে | সিন্ধী হিন্দু ধৰ্মালম্বী সকল |
প্ৰকাৰ | হিন্দু |
তাৰিখ | মাৰ্চ/এপ্ৰিল |
উদযাপন | দুদিন[1][2] |
আচাৰ | সিন্ধী নৱবৰ্ষ, মেলা, ৰাজহুৱা ভোজ, শোভাযাত্ৰা, নৃত্য-গীত[3] |
সম্পৰ্কিত | মেষ সংক্ৰান্তি, উগাদি, গুড়ি পড়ৱা |
চেটি চান্দ (ইংৰাজী: Cheti Chand) ভাৰত আৰু পাকিস্তানৰ হিন্দু সিন্ধী সকলে পালন কৰা উৎসৱ। এই উৎসৱে সিন্ধী হিন্দুসকলৰ বাবে চন্দ্ৰ হিন্দু নৱবৰ্ষৰ আৰম্ভণি চিহ্নিত কৰে।[3][4] এই উৎসৱৰ তাৰিখ চন্দ্ৰসৌৰ হিন্দু কেলেণ্ডাৰৰ চন্দ্ৰমাহৰ ওপৰত আধাৰিত। চেটি চান্দ সিন্ধী সকলৰ নৱবৰ্ষৰ দিন। সিন্ধি মাহ চেটৰ (চৈত্ৰ) প্ৰথম দিনা এই উৎসৱ পালন কৰা হয়।[3] ই সাধাৰণতে গ্ৰেগৰীয়ান দিনপঞ্জীৰ মাৰ্চৰ শেষ ভাগত বা এপ্ৰিলৰ আৰম্ভণিত পৰে। চেটি চান্দৰ দিনা মহাৰাষ্ট্ৰৰ গুড়ি পড়ৱা আৰু দক্ষিণ ভাৰতত উগাদি পালন কৰা হয়।
ইতিহাস
[সম্পাদনা কৰক]চেটি চান্দ উৎসৱে বসন্ত আৰু শস্যৰ আগমন চিহ্নিত কৰে। ১০০৭ চনত এই দিনতে সিন্ধী সম্প্ৰদায়সকলৰ ইষ্ট দেৱতা উদেৰোলাল না ঝুলেলালৰ জন্ম হৈছিল। সেইময়ত সিন্ধী সকলে সিন্ধু নদীৰ পাৰৰ হিন্দু দেৱতা বৰুণ দেৱক তেওঁলোকক অত্যাচাৰী মুছলমান শাসক মিৰ্খশ্বাহৰ উৎপীড়নৰ পৰা ৰক্ষা কৰিবলৈ প্ৰাৰ্থনা কৰিছিল।[4][5][6] বৰুণ দেৱে এজন যোদ্ধা আৰু বৃদ্ধ ব্যক্তিলৈ ৰূপান্তৰিত হৈছিল আৰু মিৰ্খশ্বাহক গৰিহণা দি বুজাইছিল যে মুছলমান আৰু হিন্দুসকলে একে ধৰ্মীয় স্বাধীনতাৰ যোগ্য। তেওঁ ঝুলেলাল হিচাপে দুয়ো ধৰ্মৰে সিন্ধী লোকসকলৰ মাজত জনপ্ৰিয় হৈ পৰিছিল।[4] চুফী মুছলিম অনুসৰণকাৰীসকলৰ ভিতৰত ঝুলেলালক "খাজা খিজিৰ" বা "শ্বেখ তাহিত" বুলি কোৱা হয়। কিংবদন্তি অনুসৰি সিন্ধী সকলে নতুন বছৰটো উধেৰোলালৰ জন্মদিন হিচাপে উদযাপন কৰে।[4][5]
চেটি চান্দ উদযাপন পৰম্পৰা সম্ভৱতঃ দৰিয়াপন্থী সকলৰ মাজত আৰম্ভ হৈছিল। ব্ৰিটিছ ঔপনিবেশিক শাসন কালত উদেৰোলাল আৰু জিন্দাপীৰত (পাকিস্তানৰ হায়দৰাবাদৰ ওচৰত) মুখ্য বাৰ্ষিক মেলা অনুষ্ঠিত হৈছিল।[3][7][3]
উদযাপন
[সম্পাদনা কৰক]সমসাময়িক সময়ত সিন্ধী সম্প্ৰদায়ে চেটি চান্দ উৎসৱ মুখ্য মেলা, ৰাজহুৱা ভোজ, ঝুলেলাল আৰু অন্যান্য হিন্দু দেৱতাৰ ঝাল্কীৰ সৈতে শোভাযাত্ৰা আৰু সামাজিক নৃত্যৰ সৈতে উদযাপন কৰা হয়। এই দিনটোতে বহুতো সিন্ধী লোকে ঝুলেলালৰ প্ৰতিনিধিত্ব কৰা বাহাৰানা চাহিবক ওচৰৰ নদী বা হ্ৰদলৈ লৈ যায়। বাহৰানা চাহিবে হৈছে জৌত বা তেলৰ চাকি, মিচিৰি, ফোটা বা ইলাচী, ফল আৰু আখা থাকে। পিছফালে পানীৰে পূৰ্ণ এটা কলহ আৰু ইয়াত এটা নাৰিকল, কাপোৰ, ফুল আৰু পাতৰে সৈতে মাংগলিক কলহ সজোৱা হয়। ইয়াত পূজ্য ঝুলেলাল দেৱতাৰ এটা মূৰ্তি প্ৰতিষ্ঠা কৰা হয়। চেটি চান্দ ভাৰত আৰু পাকিস্তানৰ সিন্ধী হিন্দুসকলৰ এক মুখ্য উৎসৱ আৰু ইয়াক বিশ্বৰ হিন্দু সিন্ধী প্ৰবাসী সকলেও উদযাপন কৰে।[3][6]
চেটি চান্দত ঝুলেলালৰ পূজা-অৰ্চনা কৰা হয় আৰু টেহৰী (মিঠা ভাত) আৰু শাই ভাজা (দাইলত দিয়া পালেং শাক) প্ৰস্তুত কৰা হয়।
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ S. Ramey (2008). Hindu, Sufi, or Sikh: Contested Practices and Identifications of Sindhi Hindus in India and Beyond. Palgrave Macmillan. পৃষ্ঠা. 125–127. ISBN 978-0-230-61622-6. https://books.google.com/books?id=Bv2ADAAAQBAJ.
- ↑ "Sindhi : Sindhi Festivals: Festival Calendar 2018 : List Sindhi Festivals | The Sindhu World" (en-US ভাষাত). thesindhuworld.com. http://thesindhuworld.com/sindhi-festivals/। আহৰণ কৰা হৈছে: 2018-02-22.
- ↑ 3.0 3.1 3.2 3.3 3.4 3.5 Mark-Anthony Falzon (2004). Cosmopolitan Connections: The Sindhi Diaspora, 1860–2000. BRILL. পৃষ্ঠা. 60-63. ISBN 90-04-14008-5. https://books.google.com/books?id=ljbS-I5Y8WMC&pg=PA62.
- ↑ 4.0 4.1 4.2 4.3 S. Ramey (2008). Hindu, Sufi, or Sikh: Contested Practices and Identifications of Sindhi Hindus in India and Beyond. Palgrave Macmillan. পৃষ্ঠা. 8, 36. ISBN 978-0-230-61622-6. https://books.google.com/books?id=Bv2ADAAAQBAJ.
- ↑ 5.0 5.1 Mark-Anthony Falzon (2004). Cosmopolitan Connections: The Sindhi Diaspora, 1860–2000. BRILL. পৃষ্ঠা. 58-60. ISBN 90-04-14008-5. https://books.google.com/books?id=ljbS-I5Y8WMC&pg=PA59.
- ↑ 6.0 6.1 P. Pratap Kumar (2014). Contemporary Hinduism. Routledge. পৃষ্ঠা. 120–124. ISBN 978-1-317-54636-8. https://books.google.com/books?id=7Wd_BAAAQBAJ&pg=PA120.
- ↑ Mark-Anthony Falzon (2004). Cosmopolitan Connections: The Sindhi Diaspora, 1860–2000. BRILL. পৃষ্ঠা. 60. ISBN 90-04-14008-5. https://books.google.com/books?id=ljbS-I5Y8WMC&pg=PA62.