সমললৈ যাওক

কাঠনি‍ বোৱাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কাঠনি‍ বোৱাৰী
Harpactes erythrocephalus
মতা কাঠনি‍ বোৱাৰী
মাইকী কাঠনি‍ বোৱাৰী
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Trogoniformes
পৰিয়াল: Trogonidae
গণ: Harpactes
প্ৰজাতি: H. erythrocephalus
বৈজ্ঞানিক নাম
Harpactes erythrocephalus
(গুল্ড, ১৮৩৪)
সমাৰ্থক

Trogon erythrocephalus

কাঠনি‍ বোৱাৰী (ইংৰাজী: Red-headed Trogon), কাঠনি‍ বোৱাৰী বা ৰঙামূৰীয়া ট্ৰোগন ট্ৰোগনিডি গোত্ৰ বা পৰিয়ালৰ অন্তৰ্গত হাৰ্পাক্টিস গণৰ সুন্দৰ, জুইৰঙী এটি‍ চৰাই।[1][2] কাঠনি ৱোৱাৰীৰ বৈজ্ঞানিক নামৰ অৰ্থ ৰঙামূৰীয়া ফলচোৰ (গ্ৰিক: harpactes = ফলচোৰ; eruthro = ৰঙা; kephalos = মূৰ)।[2] প্ৰায় ২৫ লাখ ২০ হাজাৰ বৰ্গ কিলোমিটাৰ এক বিশাল এলেকা সামৰি সমগ্ৰ পৃথিৱীত ইহঁতৰ আৱাসস্থল।[3] আৱাসস্থল ইমান বিশাল হোৱা সত্ত্বেও সমগ্ৰ অঞ্চলৰ মাত্ৰ সামান্য অংশতহে‍ বিচ্ছিন্নভাৱে‍ ইহঁতৰ বিস্তৃতি আছে‍। আনহাতে‍ বিগত কেইটামান দশকত ইহঁতৰ সংখ্যা ক্ৰমাগতভাৱে‍ হ্ৰাস পাইছে‍। অৱশ্য‍ে ইহঁতৰ মুঠ সংখ্যা এতিয়াও আশঙ্কাজনক পৰ্যায়লৈ যোৱা নাই। সেয়ে‍ আই. ইউ. চি‍. এন.-এ এই প্ৰজাতিটোক Least concern বা ন্যূনতম বিপদগ্ৰস্ত বুলি‍ ঘোষণা কৰিছে‍।[4] বৰ্তমান কাঠনি ৱোৱাৰী বাংলাদেশেৰ দুৰ্লভ আৱাসিক পক্ষী। বাংলাদেশৰ বন্যপ্ৰাণী আইনত এই প্ৰজাতিটো সংৰক্ষিত।[2]

সমগ্ৰ বিশ্বত ১০ হাজাৰতকৈও কম পূৰ্ণবয়স্ক কাঠনি বোৱাৰী চৰাই আছে বুলি অনুমান কৰা হৈছে।[3]

বিস্তৃতি

[সম্পাদনা কৰক]

বাংলাদেশ, ভাৰত, ভূটান, নেপাল, ম্যানমাৰ, মালয়েছিয়া, লাওছ, কম্বোডিয়া, থাইলেণ্ড, ভিয়েটনাম, ইণ্ডোনেছিয়া আৰু চীনৰ ঘন চিৰসেউজ অৰণ্য কাঠনি বোৱাৰীৰ আৱাসস্থল।[4] ইহঁতৰ বঙ্গীয় উপভাষিক নাম কুচকুচিয়া বা কুচকুইচ্যৰ পৰা অনুমান কৰিব পাৰি যে এসময়ত বাংলাদেশত এই প্ৰজাতিৰ চৰাইবিধ সহজলভ্য আৰু সুপৰিচিত আছিল। তাৰ কাৰণ হ’ল, সাধাৰণতে জনসাধাৰণৰ চকুত ধৰা নপৰা চৰাইবোৰৰ বাংলা নাম পোৱা নাযায়। বিশ্বাস কৰা হয় যে কাঠকটীয়াসকলে‍ এসময়ত এই চৰাইবিধ প্ৰায়ে দেখা পাইছিল।[5] কিন্তু বাংলাদেশৰ বনাঞ্চল ব্যাপক হাৰত ধ্বংস হোৱাৰ ফলত এই চৰাইবিধ এতিয়া বিৰল আৰু বিলুপ্তপ্ৰায় বুলি বিবেচিত হৈছে। বাংলাদেশৰ লাউৱাছড়া আৰু কাপ্তাই ৰাষ্ট্ৰীয় উদ্যানতহে এই চৰাইবিধ কেতিয়াবা দেখিবলৈ পোৱা য়ায়।

উপপ্ৰজাতি

[সম্পাদনা কৰক]

এতিয়ালৈকে কাঠনি বোৱাৰীৰ মুঠ দহটা উপপ্ৰজাতি চিনাক্ত কৰা হৈছে।[6] সেই উপপ্ৰজাতিসমূহ হ'ল:

  • H. e. erythrocephalus (Gould, 1834) - হিমালয়ৰ পাদদেশৰ নেপালৰ পৰা উত্তৰ-পূব ভাৰত, বাংলাদেশ হৈ‍ ম্যানমাৰ আৰু পশ্চিম থাইলেণ্ডলৈকে ইহঁত বিস্তৃত।
  • H. e. helenae (Mayr, 1941) - ম্যানমাৰ উত্তৰ অংশ আৰু দক্ষিণ চীন (পশ্চিম ইউনান প্ৰদেশ )সামৰি ইহঁত বিস্তৃত।
  • H. e. yamakanensis (Rickett, 1899) - দক্ষিণ-পূব চীন (দক্ষিণ-পূব চিচুয়ান প্ৰদেশৰ পৰা ফুজিয়ান প্ৰদেশলৈকে‍ )
  • H. e. rosa (Stresemann, 1929) - গুৱাংজি‍ প্ৰদেশ
  • H. e. intermedius (Kinnear, 1925) - দক্ষিণ-পূব ইউনান, টংকিং, উত্তৰ আন্নাম আৰু উত্তৰ লাওছ সামৰি ইহঁত বিস্তৃত
  • H. e. hainanus (Ogilvie-Grant, 1900) - ইহঁতৰ মূল আৱাসস্থল হাইনান দ্বীপ
  • H. e. annamensis (Robinson & Kloss, 1919) - উত্তৰ-পূব থাইলেণ্ড, দক্ষিণ লাওছ আৰু দক্ষিণ আন্নাম ইহঁতৰ মূল আৱাসস্থল
  • H. e. klossi (Robinson, 1915) - পশ্চিম কম্বোডিয়া, দক্ষিণ আৰু পূব থাইলেণ্ডত ইহঁতক দেখিবলৈ পোৱা যায়
  • H. e. chaseni (Riley, 1934) - মালয় উপদ্বীপ
  • H. e. flagrans (S. Müller, 1835) - ইণ্ডোনেছিয়াৰ সুমাত্ৰা।
ৰঙা মূৰৰ মতা চিকাডিৰ ক্ল’জ-আপ; চকুৰ চাৰিওফালে নীলা-বেঙুনীয়া ৰঙৰ বৃত্ত আৰু নীলা ৰঙৰ ঠোঁট স্পষ্টকৈ দেখা যায়

ৰং আৰু উজ্জ্বলতাৰ দিশত পখীৰ জগতখনত সৰু সৰু পখীবোৰৰহে‍ স্থান প্ৰথম। সেই ক্ষেত্ৰত কাঠনি বোৱাৰী ব্যতিক্ৰম। ইয়াৰ আকাৰ পাতি কাউৰীৰ সৈতে প্ৰায় সমান যদিও উজ্জ্বলতাৰ দিশত ই আন সকলো সৰু সৰু ৰঙীন পখীকো পৰাজিত কৰে‍। ইহঁতৰ দৈৰ্ঘ্য ৩৫ চে.মি., ডেউকা ১৪.৫ চে.মি., ঠোঁট ২.২ চে.মি., ভৰি ১.৯ চে.মি., নেজ ১৯.২ চে.মি. আৰু ওজন ৭৫ গ্ৰাম।[2] মতা কাঠনি বোৱাৰীৰ চেহেৰা মাইকী কাঠনি বোৱাৰীৰ পৰা অলপ পৃথক। মতা কাঠনি বোৱাৰীৰ মূৰ, কান্ধ, ডিঙি আৰু বুকুৰ ৰং সেন্দূৰৰ নিচিনা ৰঙা। পেটৰফালৰ বাকী অংশ উজ্জ্বল গোলপীয়া। বুকুৰ ৰঙা আৰু গোলাপী ৰঙৰ মাজত এক বগা অৰ্ধবলয় থাকে। নেজডাল ক্ৰমান্বয়ে সৰুৰ পৰা ডাঙৰ পাখিৰে‍ গঢ় লোৱা, অৰ্থাৎ থাক থাককৈ সজোৱা। পিঠিৰ পৰা নেজডাল পাতল ডালচেনি বা মামৰে ধৰা বাদামী ৰঙৰ নিচিনা। ডেউকাৰ পাখিবোৰ অতি মিহি হোৱাৰ লগতে‍ বগা আৰু ধূসৰ ৰেখাযুক্ত। ডেউকা দুখন প্ৰধানকৈ ক’লা আৰু পাখিৰ মাজভাগৰ কিছু অংশ বগা। দীঘল নেজডালৰ কাষৰ অংশ ক'লা আৰু আগডোখৰ ক'লা বলয়যুক্ত। কিন্তু বাহিৰৰফালৰ প্ৰতিটো পাখিৰ আগডোখৰ বগা, যাৰবাবে‍ নেজৰ কাষ ঢৌখেলা যেন ধাৰণা হয়। চকুৰ মণি সেন্দূৰী ৰঙা, চকুৰ চৌপাশৰ ছাল নীলাভ-বেগুনীয়া। চকুৰ মণিৰ ছাল বেঙুনীয়া-নীলা। মাইকী চৰাইটোৰ চকুৰ ৰং শেঁতা নীলা হয়। ঠোঁটৰ কোণ, ভৰি আৰু ভৰিৰ পতা বেঙুনীয়া ৰঙৰ। ঠোঁটৰ ওপৰৰ অংশ বেঙুনীয়া-নীলা আৰু তলৰ অংশ ক’লা। মাইকী কাঠনি বোৱাৰীৰ গোটেই শৰীৰটো ডালচেনি ৰঙৰ। এনেয়ে শৰীৰৰ বাকী অংশৰ গঠন মতা মাইকী উভয় কাঠনি বোৱাৰীৰ একেই। অপ্ৰাপ্তবয়স্ক কাঠনি বোৱাৰীৰ বুকু, ডেউকাৰ তলভাগ আৰু পেটৰ তলৰ অংশ হালধীয়া-বগা।[1][2][7]

প্ৰকৃতি

[সম্পাদনা কৰক]

কাঠনি বোৱাৰী এবিধ শান্ত আৰু লাজকুৰীয়া প্ৰকৃতিৰ চৰাই। ঘন চিৰসেউজ অৰণ্য আৰু মিশ্ৰিত বাঁহনি ইহঁতৰ বিচৰণ ভূমি‍। ইহঁত অপৰিৱৰ্তিত পাহাৰীয়া অৰণ্যত বাস কৰে; কিন্তু দুহাজাৰ মিটাৰতকৈ ওখ পাহাৰত ইহঁত নাথাকে‍। ইহঁত অতি স্থানীয় আৰু একেটা অঞ্চলতে বছৰ বছৰ ধৰি‍ কটায়। সাধাৰণতে ইহঁতক এককভাৱে বা যোৰপাতি থকা দেখা যায়। অৰণ্যৰ ৪-৬ মিটাৰ উচ্চতাৰ ছাঁ-পোহৰে আৱৰা ডালবোৰত বহু সময় ধৰি ইহঁত নীৰৱে বহি থাকে। ঘন অৰণ্যৰ আচ্ছাদনৰ তলত উৰি উৰি‍ উৰন্ত পখিলা আৰু মথ চিকাৰ কৰে আৰু পাতৰ তলত থকা কেটাৰপিলাৰ ধৰাৰ বাবে পাতত জঁপিয়াই পৰে‍। পোক-পৰুৱাৰ অভাৱ হ'লে‍ মাটিলৈ‍ নামি বনৰীয়া ৰসাল ফল আৰু বাঁহৰ কুমলীয়া পাত খায়। সেইবাবেই ইয়াৰ আন এটা নাম "ফলচোৰ।" [5] ইহঁত গছৰ ডালত আনে নেদেখাকৈ বহি‍ সুৰীয়া মাতেৰে‍ কিউ...কিউ... কৈ মাতে‍। মাজে সময়ে টিয়াউপ্......টিয়াউপ্ কৈ গীত জুৰে‍[2] কণ্ঠ সুৰীয়া হ’লেও ইহঁত আচলতে গীত গোৱা চৰাই নহয়। কাৰণ কাঠনি বোৱাৰীৰ ভইচ বক্স নাথাকে। আমোদজনক কথাটো হ’ল, কুলি চৰাইৰো ভইচ বক্স বা টোন বক্স নাই। সেইবাবেই পক্ষীবিজ্ঞানৰ দৃষ্টিত ইহঁত গীত গোৱা চৰাই নহয়। পক্ষীবিজ্ঞানৰ দৃষ্টিত কাউৰী আচলতে এবিধ গীত গোৱা চৰাই, কাৰণ ইহঁতৰ ভইচ বক্স আছে‍।

১৮৬১-১৮৬৫ চনৰ ভিতৰতজন গৌল্ডৰ দ্বাৰা অঙ্কিত কাঠনি বোৱাৰীৰ চিত্ৰ

এপ্ৰিলৰ পৰা জুলাই মাহ হ'ল ইহঁতৰ প্ৰজনন কাল। এই সময়ত ইহেঁত ঘন অৰণ্যত প্ৰাকৃতিকভাৱে সৃষ্ট গছৰ খোৰোং বা বাঢ়ৈটোকাই এৰি যোৱা শূন্য বাহত আশ্ৰয় লয়। ৩-৪টা কণী পাৰে। কণীবোৰ হালধীয়া আভাযুক্ত আৰু কণীৰ আকাৰ ২.৮ × ২.৪ চে.মি.।[2] কিমান দিনত কণী ফুটে, পোৱালিবোৰে‍ কিমান দিনৰ মূৰত বাহ এৰি গুছি যায়, পোৱালিবোৰ কি হাৰত মৰে ইত্যাদি বিষয়ত বিশেষ একো তথ্য নাই। ১০-১২খন উন্নয়নশীল দেশৰ ভিতৰতেই এই চৰাইবিধৰ বিচৰণ সীমিত, গতিকে এই বিষয়ত গৱেষণামূলক কাম-কাজ এতিয়াও পৰ্যাপ্ত নহয়।[5]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 ৰেজা খান (২০০৮). বাংলাদেশেৰ পাখি. ঢাকা: বাংলা একাডেমী. পৃষ্ঠা. ৩৪৩-৪৪. 
  2. 2.0 2.1 2.2 2.3 2.4 2.5 2.6 জিয়া উদ্দিন আহমেদ (সম্পা.) (২০০৯). বাংলাদেশ উদ্ভিদ ও প্ৰাণী জ্ঞানকোষ: পাখি, খণ্ড: ২৬. ঢাকা: বাংলাদেশ এশিয়াটিক সোসাইটি. পৃষ্ঠা. ৬৭. 
  3. 3.0 3.1 "Harpactes erythrocephalus". Archived from the original on 5 March 2016. https://web.archive.org/web/20160305042727/http://www.birdlife.org/datazone/speciesfactsheet.php?id=1031। আহৰণ কৰা হৈছে: 7 November 2024. 
  4. 4.0 4.1 "Harpactes erythrocephalus". https://www.iucnredlist.org/apps/redlist/details/106001031/0। আহৰণ কৰা হৈছে: 7 November 2024. 
  5. 5.0 5.1 5.2 ইনাম আল হক. "লালমাথা কুচকুচি". Archived from the original on 31 May 2018. https://web.archive.org/web/20180531172228/http://archive.prothom-alo.com/detail/news/89477। আহৰণ কৰা হৈছে: 7 November 2024. 
  6. "Red-headed Trogon (The Internet Bird Collection)". https://www.macaulaylibrary.org/2020/02/28/the-internet-bird-collection-joins-the-macaulay-library/species/red-headed-trogon-harpactes-erythrocephalus। আহৰণ কৰা হৈছে: 7 November 2024. [সংযোগবিহীন উৎস]
  7. Forshaw, J.M.; Gilbert, A.E. (2009). Trogons: A Natural History of the Trogonidae. প্ৰকাশক Princeton, New Jersey: Princeton University Press.