সমললৈ যাওক

ৱিকিপিডিয়া:ভিজুৱেল এডিটৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ভিজুৱেল এডিটৰ (VisualEditor)-লৈ আদৰণি জনাইছোঁ। ই ৱিকিমিডিয়া ফাউণ্ডেছনৰ দ্বাৰা বিকশিত ৱিকিপিডিয়াত সম্পাদনা কৰা এক নতুন পদ্ধতি। বৰ্তমান ৱিকিপিডিয়াত একেবাৰে সৰু কিবা সম্পাদনা কৰিবলৈকো ব্যক্তি এজনে ৱিকিসংকেত (wikimarkup) শিকাৰ আৱশ্যক যি কিছু পৰিমাণে জটিল। ২০০১ চনত ই গ্ৰহণযোগ্য আছিল; ২০১৩ চনত ই অৱদানকাৰীক ভীতিগ্ৰস্ত কৰি আঁতৰাই পঠিয়াইছে। ভিজুৱেল এডিটৰৰ সহায়ত মানুহে ৱিকিসংকেত নিশিকাকৈয়ে সম্পাদনা কৰিব পাৰিব আৰু ই মানুহক ৱিকিপিডিয়ালৈ অধিক অৱদান আগবঢ়াবলৈ উৎসাহিত কৰিব বুলি ভবা হৈছে।

ভিজুৱেল এডিটৰৰ বিষয়ে

ভিজুৱেল এডিটৰ ৱিকিপিডিয়াত সম্পাদনা কৰা এক নতুন "দৃশ্যগত" পদ্ধতি আৰি ইয়াৰ সহায়ত ৱিকিসংকেত নিশিকাকৈয়ে বৰঙণি আগবঢ়াব পাৰি। ইংৰাজী ৱিকিপিডিয়াত ই বৈকল্পিক পদ্ধতি হিচাপে ডিচেম্বৰ ২০১২ৰ পৰা, ১৬টা আন ভাষাত এপ্ৰিল ২০১৩ৰ পৰা, আৰু আন প্ৰায় সকলো ভাষাত জুনৰ প্ৰথমভাগৰ পৰা উপলব্ধ হৈছে। ১ জুলাইত ইংৰাজী ৱিকিপিডিয়াৰ পৰা আৰম্ভ কৰি জুলাইৰ শেষলৈকে প্ৰায় সকলো ৱিকিপিডিয়াত ইয়াক ডিফল্ট পদ্ধতি হিচাপে মুকলি কৰাৰ কথা ভবা হৈছে।

ভিজুৱেল এডিটৰ ব্যৱহাৰ কৰিব খুজিলে এই নিৰ্দেশিকা (ইং) পঢ়িব পাৰে, আৰু কেইটামান কীব'ৰ্ড চমুপথ শিকি ল'ব পাৰে। ভিজুৱেল এডিটৰ পৰীক্ষা কৰি চাই যিকোনো অসুবিধা পালে সেয়া আলোচনা পৃষ্ঠাত লিখি থওক।

বাহ্যিক লিংক