সমললৈ যাওক

মিটচ্ এলবম: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ৱিকিউদ্ধৃতিৰ পৰা
Adding interwiki links to d:Q378878
টেগ্‌: উলটিওৱা হৈছে
১৯ টা সংশোধন: Importing from incubator
(কোনো পাৰ্থক্য নাই)

১৮:৫৭, ৪ জানুৱাৰী ২০২৩ৰ সংস্কৰণ

মিটচ্ এলবম

মিচেল ডেভিড এলবম (ইংৰাজী: Mitchell David Albom; জন্ম: ২৩ মে', ১৯৫৮) এগৰাকী ক্ৰীড়া লেখক, ঔপন্যাসিক, ডেট্ৰইট ফ্ৰী প্ৰেছ কাকতৰ স্তম্ভলেখক, ছিণ্ডিকেটেড ৰেডিঅ'ৰ আয়োজক, আৰু দূৰদৰ্শন ভাষ্যকাৰ।

উদ্ধৃতিসমূহ

টিউজডেইজ ৱিথ মৰি (১৯৯৭)

  1. হৃদয়ৰ পৰা অহা ধৰণৰ কামবোৰ কৰক। যেতিয়া আপুনি সেইটো কৰিব, আপুনি অসন্তুষ্ট নহ’ব, আপোনাৰ ঈৰ্ষা নাজাগিব, আপুনি আন কাৰোবাৰ বস্তুৰ বাবে হাহাকাৰ নকৰিব৷ ইয়াৰ বিপৰীতে যিখিনি ঘূৰাই পাব, তাক লৈ আপুনি আপ্লুত হ’ব৷[]
  1. যেতিয়া আপুনি কেনেকৈ মৰিব লাগে শিকে, আপুনি কেনেকৈ জীয়াই থাকিব লাগে, সেইটো শিকে।[]
  1. প্ৰেম অবিহনে আমি ডেউকা ভঙা চৰাই।
  1. মৃত্যুৱে এটা জীৱন শেষ কৰে, সম্পৰ্ক শেষ নকৰে।
  1. জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল প্ৰেম কেনেকৈ দিব লাগে সেইটো শিকা, আৰু ইয়াক গ্ৰহণ কৰিবলৈ শিকা।[]

দ্য ফাইভ পিপল ইউ মিট ইন হেভেন (২০০৩)

  1. "অচিনাকি মানুহবোৰো পৰিয়ালৰেই অংশ যাক আপুনি এতিয়াও জানিবলৈ বাকী আছে।"[]
  1. কেতিয়াবা আপুনি যদি কিবা এটা মূল্যৱান বস্তু ত্যাগ কৰে, আপুনি প্ৰকৃততে সেইটো হেৰুৱাই পেলোৱা নাই। আপুনি মাত্ৰ ইয়াক আন কাৰোবাৰ হাতলৈ যাব দিছে।

উৎস

  1. ১.০ ১.১ ১.২ Mitch Album (1997)। Tuesdays with Morry। Doubleday।
  2. Mitch Album (2003)। The Five People you meet in heaven। Hyperion।

সাঁচ:INTERWIKI