সমললৈ যাওক

চিলি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Chileৰ পৰা পুনঃনিৰ্দেশিত)
চিলি
নীতিবাক্য
Por la razón o la fuerza
ৰাষ্ট্ৰীয় সঙ্গীত
"চিলি জাতীয় সংগীত"
চিলি-ৰ অৱস্থান
চিলি-ৰ অৱস্থান
ৰাজধানী
(আৰু বৃহত্তম নগৰ)
চেণ্টিয়াগো
33°26′S 70°40′W / 33.433°S 70.667°W / -33.433; -70.667
ৰাষ্ট্ৰভাষা (সমূহ) স্পেনীছ
জাতীয়তাসূচক বিশেষণ চিলিয়ান
চৰকাৰ একনায়কত্ববাদী ৰাষ্ট্ৰপতিশাসিত সাংবিধানিক গণতন্ত্ৰ
 -  ৰাষ্ট্ৰপতি মাইকেল বেচেলেট
স্বাধীনতা স্পেইনৰ পৰা 
 -  প্ৰথম জুন্‌টা চৰকাৰ ১৮ ছেপ্টেম্বৰ ১৮১০ 
 -  ঘোষণা ১২ ফেব্ৰুৱাৰী ১৮১৮ 
 -  স্বীকৃতি ২৫ এপ্ৰিল ১৮৪৪ 
 -  বৰ্তমানৰ সংবিধান ১১ ছেপ্টেম্বৰ ১৯৮০ 
মাটিকালি
 -  মুঠ ৭,৫৬,০৯৬.৩ বৰ্গ কিমি (৩৮তম)
২,৯১,৯৩০.৪ বৰ্গ মাইল 
 -  জলভাগ (%) ১.০৭b
জনসংখ্যা
 -  ২০১৪ আনুমানিক ১,৭৮,১৯,০৫৪'"`UNIQ--ref-০০০০০০০০-QINU`"' (৬২তম)
 -  ২০১২ লোকপিয়ল ১,৬৩,৪১,৯২৯'"`UNIQ--ref-০০০০০০০১-QINU`"' 
জিডিপি (পিপিপি) ২০১৪ আনুমানিক
 -  মুঠ $৪১০২৭৭ নিযুত[3] (৪২তম)
 -  জনমুৰি $২৩,১৬৫[3] (৫৩তম)
জিডিপি (নামমাত্ৰ) ২০১৪ আনুমানিক
 -  মুঠ $২৬৪০৯৫ নিযুত[3] (৩৮তম)
 -  জনমুৰি $১৪,৯১১[3] (৪৯তম)
জিনি সহগ? (২০১১) ৫০.৩ 
মানৱ উন্নয়ন সূচক (২০১৩) ০.৮২২ (৪১তম)
মুদ্ৰা পেছ' (CLP)
সময় অঞ্চল CLT আৰু EASTc (ইউটিচি−৪ আৰু −৬)
 -  গ্ৰীষ্মকালীন (ডিএছটি) CLST আৰু EASST (ইউটিচি−৩ আৰু −৫)
গাড়ী চলোৱা হয় সোঁহাতে
ইণ্টাৰনেট টিএলডি .cl
কলিং ক'ড +৫৬

চিলি (স্পেনীছ: Chile) হৈছে বিশ্বৰ দ্বিতীয় বৃহত্তম ৰাষ্ট্ৰ যি দক্ষিণ আমেৰিকাৰ দক্ষিণ-পশ্চিম অঞ্চল আৱৰি আছে। দেশখন প্ৰশান্ত মহাসাগৰৰ উপকূলৰ কাষৰ এক দীঘল ফিতাৰ দৰে প্ৰসাৰিত এক ভূখণ্ড। উত্তৰ-দক্ষিণে চিলিৰ দৈৰ্ঘ্য প্ৰায় ৪,২৭০ কিলোমিটাৰ, কিন্তু ইয়াৰ গড় প্ৰস্থ ১৮০ কিলোমিটাৰতকৈও কম। দেশখনৰ মধ্যভাগত এক উৰ্বৰ উপত্যকা অৱস্থিত। পূবে আন্দেচ পৰ্বতমালাই আৰ্জেণ্টিনাৰ সৈতে সীমান্তৰ সৃষ্টি কৰিছে। চিলিৰ ৰাজধানী আৰু বৃহত্তম চহৰ চেণ্টিয়াগো, যি মধ্যভাগৰ উপত্যকাত অৱস্থিত।

চিলিৰ অধিকাংশ জনসাধাৰণ মধ্যভাগৰ উৰ্বৰ কেন্দ্ৰীয় উপত্যকাত বাস কৰে। দেশৰ বেছি ভাগ লোক স্পেনীয় আৰু আদিবাসী আমেৰিকানসকলৰ মিশ্ৰ জাতিৰ লোক। ইয়াৰ প্ৰধান ধৰ্ম হৈছে ৰোমান কেথ'লিক ধৰ্ম। আনহাতে স্পেনিছ ভাষা চিলিৰ চৰকাৰী ভাষা।

চিলি দক্ষিণ আমেৰিকাৰ এক উন্নত শিল্পৰ দেশ। ইয়াৰ অৰ্থনীতি খনন শিল্প আৰু কৃষিভিত্তিক। চিলি বিশ্বৰ বৃহত্তম তাম উৎপাদক আৰু ৰপ্তানিকাৰক দেশ। ইয়াৰোপৰি দেশখন ফলমূল আৰু শাকপাচলি ৰপ্তানিটো বিশ্বৰ অন্যতম শীৰ্ষ দেশ। আনহাতে চিলিত উৎপাদিত ৱাইনে বিভিন্ন দেশত যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]