সমললৈ যাওক

ৰাষ্ট্ৰীয় যুৱ দিৱস

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰাষ্ট্ৰীয় যুৱ দিৱস
ৰাষ্ট্ৰীয় যুৱ দিৱস
পালন কৰে  ভাৰত আৰু গোটেই বিশ্বৰ ৰামকৃষ্ণ মঠৰ কেন্দ্ৰ সমূহত
প্ৰকাৰ ৰাষ্ট্ৰীয়
মহত্ব স্বামী বিবেকানন্দৰ জন্মদিন
আৰম্ভ হয় ১৯৮৪[1]
তাৰিখ ১২ জানুৱাৰী
উদযাপন সভা-সমিতি, বক্তৃতানুষ্ঠান
শিশু সকলৰ খেল ধেমালি
পৰৱৰ্তী তাৰিখ প্ৰতি বছৰে একে দিনে
অৱধি এদিন
সংঘটন বাৰ্ষিক

ৰাষ্ট্ৰীয় যুৱ দিৱস ভাৰতত প্ৰতি বছৰে ১২ জানুৱাৰী তাৰিখে স্বামী বিবেকানন্দৰ জন্মজয়ন্তী উপলক্ষে পালন কৰা হয়। ১৯৮৪ চনত ভাৰত চৰকাৰে স্বামী বিবেকানন্দৰ জন্মদিন ৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে পালন কৰা হব বুলি ঘোষণা কৰিছিল। ১৯৮৫ চনৰ পৰা প্ৰতি বছৰে এই দিৱস উদযাপন কৰা হয়। ভাৰতৰ লগতে গোটেই পৃথিৱীত সিঁচৰত হৈ থকা ৰামকৃষ্ণ মঠত এই দিৱস পালন কৰা হয়।

১৯৮৪ চনত ভাৰত চৰকাৰে স্বামী বিবেকানন্দৰ জন্মদিন ৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে পালন কৰা হব বুলি ঘোষণা কৰিছিল। তাৰ পিছৰ বৰ্ষ অৰ্থাৎ ১৯৮৫ চনৰ পৰা প্ৰতি বছৰে ১২ জানুৱাৰী তাৰিখে এই দিৱস পালন কৰি অহা হৈছে। ভাৰতীয় যুৱসমাজক স্বামীজীৰ দৰ্শন আৰু শিক্ষায়ে অনুপ্ৰাণিত কৰি আহিছে। তেওঁৰ জ্ঞান মাৰ্গত ভাৰতীয় যুৱক যুৱতী সকলক আগবাঢ়িবলৈ এই দিৱসৰ পাতনি কৰা হৈছিল।[2]

২০১৩ চনৰ ১২ জানুৱাৰী তাৰিখে ভাৰতৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙে চাৰি বছৰ ধৰি উদযাপন হোৱা স্বামী বিবেকানন্দৰ ১৫০তম জন্ম জয়ন্তী উৎসৱৰ উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰসংগত কৈছিল— [3]

গান্ধীজীয়ে যুৱ সমাজত স্বামী বিবেকানন্দৰ বাণী আৰু শিক্ষা সমূহৰ গুৰুত্বৰ কথা কৈছিল। লগতে তেওঁ স্বামীজীৰ দৰ্শনৰ প্ৰচাৰ আৰু প্ৰসাৰৰ মত পোষণ কৰিছিল। তেওঁৰ শিকনী সমূহে যুৱশক্তিক সত্যৰ পথত অগ্ৰসৰ হোৱা সঠিক দিশ প্ৰদান কৰে। এই নীতিতে ভাৰত চৰকাৰে ১২ জানুৱাৰী তাৰিখ ৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে ঘোষণা কৰিছিল। ভাৰত মাতাৰ এই সুযোগ্য সন্তানৰ বাৰ্তা বিশ্ববাসীৰ মাজলৈ বিলাই দিবলৈ আমি কৰ্ম কৰা উচিত।

ৰাষ্ট্ৰীয় যুৱ দিৱস গোটেই ভাৰতৰ অনুষ্ঠান-প্ৰতিষ্ঠান আদিৰ লগতে ৰাজহুৱা স্থানত উদযাপন কৰা হয়। বিদ্যালয় মহাবিদ্যালয় সমূহত শোভাযাত্ৰা, বক্তৃতা অনুষ্ঠান, সাংস্কৃতিক অনুষ্ঠান, আলোচনা সত্ৰ আদি পতা হয়। শিশু সকলৰ মাজত বিভিন্ন খেল ধেমালি অনুষ্ঠিত কৰা হয়। সভা সমিতিত বিবেকানন্দৰ দৰ্শন আৰু শিক্ষাৰে যুৱশক্তিক জাগ্ৰত কৰিবলৈ চেষ্টা কৰা হয়।[4] ৰামকৃষ্ণ মঠ সমূহত যুৱ সমাজৰ বাবে বিভিন্ন প্ৰকল্প হাতত লোৱা হয়। লগতে এই দিনা মঠত বিশেষ পূজা অৰ্চনা অনুষ্ঠিত কৰাহয়।

তথ্য উৎস

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]