প্ৰফুল্ল কুমাৰ সাহা
প্ৰফুল্ল কুমাৰ সাহা এজন অসমৰ বিখ্যাত ভাৰত স্বাধীনতা সংগ্ৰামী।
জন্ম আৰু শিক্ষা
অসমৰ কোকৰাঝাৰ জিলাৰ বাউলাগুৰিৰ এজন বিখ্যাত স্বাধীনতা সংগ্ৰামী প্ৰফুল্ল কুমাৰ সাহা। তেওঁৰ জন্ম ১৯১৯ চনত অবিভক্ত ভাৰতবৰ্ষৰ ঢাকাৰ গাইগুটীয়া জিলাৰ পূৰ্ণসাহা নামৰ ঠাইত হৈছিল। বলিয়াৰী হাইস্কুলত পঢ়িছিল আৰু একাদশ শ্ৰেণীত নামভৰ্তি কৰিছিল। বিদ্যালয়খনৰ অধ্যক্ষ অযোধ্যা চক্ৰৱৰ্তীয়ে ডেকা প্ৰফুল্ল কুমাৰ সাহাৰ হৃদয়ত স্বাধীনতাৰ শিখা জ্বলাই দিলে আৰু চক্ৰৱৰ্তীৰ নিৰ্দেশনাত তেওঁ ভাৰতীয় স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰিল।[1]
সংগ্ৰাম
১৯৩০ চনত নাগৰিক অবাধ্যতা জ্বলোৱাৰ(igniting Civil Disobedience) অপৰাধত প্ৰফুল্ল কুমাৰক ঢাকাৰ কাৰাগাৰত বন্দী কৰা হৈছিল। প্ৰায় তিনি বছৰতকৈ অধিক সময় কাৰাগাৰত কটালে। কাৰাবাসৰ পৰা মুক্তিৰ পিছত প্ৰফুল্ল কুমাৰে পুনৰ স্বাধীনতা সংগ্ৰামীসকলৰ লগত যোগদান কৰে। ফলত ১৯৩৪ চনত পুনৰ ব্ৰিটিছ চৰকাৰে গ্ৰেপ্তাৰ কৰে আৰু এইবাৰ কেন্দ্ৰীয় কাৰাগাৰলৈ লৈ যায়। সেই সময়ত তেওঁ আন বিপ্লৱীসকলৰ সৈতে নৱাবগঞ্জ, কাৰাকোপা, বেণ্ডেলিয়াৰত অনুষ্ঠিত হোৱা ৰেলী আৰু প্ৰতিবাদী কাৰ্যসূচীত যোগদান কৰিছিল। ১৯৩৬ চনত কাৰাগাৰৰ পৰা মুক্তি পোৱাৰ পিছত তেওঁ কলকতাত নেতাজী সুভাষ চন্দ্ৰ বসুক লগ পায়। তেওঁ ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু দেশবন্ধু চিত্তৰঞ্জন দাসক লগ পোৱাৰ সুযোগ পাইছিল। ১৯৪২ চনত ভাৰত ত্যাগ আন্দোলনত যোগদান কৰি পুনৰ কলিকতাত গ্ৰেপ্তাৰ হয়। তিনি বছৰৰো অধিক সময় কাৰাবাস খাটিছিল।
স্বাধীনতাৰ পিছৰ সময়
দেশখনে স্বাধীনতা লাভ কৰাৰ পাছত তেওঁ দিনহাটা, কুচবিহাৰ, আৰু পশ্চিমবংগৰ আন আন ঠাইত থাকে। অৱশেষত শেষ দিনলৈকে অসমৰ কোকৰাঝাৰ জিলাৰ নিচেই ওচৰতে বসতি স্থাপন কৰে।
সন্মান
তথ্যসূত্ৰ
- ↑ "Prafulla Kumar saha". Amritmahotsav. https://amritmahotsav.nic.in/unsung-heroes-detail.htm?11023#:~:text=Prafulla%20Kumar%20Saha%2C%20a%20noted,and%20entered%20the%2011th%20grade.। আহৰণ কৰা হৈছে: 12 December 2024.