সমললৈ যাওক

সাধাৰণ মৰমন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সাধাৰণ মৰমন (Common Mormon)
Female Common Mormon of Romulus form
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Arthropoda
শ্ৰেণী: Insecta
বৰ্গ: Lepidoptera
পৰিয়াল: Papilionidae
গণ: Papilio
প্ৰজাতি: P. polytes
বৈজ্ঞানিক নাম
Papilio polytes
Linnaeus, 1758
Subspecies

many, see text

সাধাৰণ মৰমন (ইংৰাজী: Common Mormon, বৈজ্ঞানিক নাম-Papilio polytes) এবিধ এছিয়া মহাদেশত বহুলভাৱে বিস্তৃত হৈ থকা চাতকনেজীয়া পখিলা (Swallowtail butterfly)ৰ প্ৰজাতি৷ এই পখিলাবিধক অন্য পখিলা বিশেষকৈ ৰঙা দেহৰ চাতকনেজী পখিলা (Red-bodied Swallowtails) যেনে সাধাৰণ গোলাপী পখিলা (Common Rose) আৰু 'Crimson Rose' আদিৰ সৈতে কৰা অনুকৰণধৰ্মিতাৰ(mimicry)ৰ বাবে জনা যায়৷

বিৱৰণ

মাইকী সাধাৰণ মৰমন, form Romulus
Comparison between similar-looking species - A. pandiyana, A. aristolochiae, P. polytes and P. helenus

সাধাৰণ মৰমনৰ পাখিৰ বৰণ গাঢ় ক'লা আৰু পিছফালৰ পাখি (hindwing) বগা দাগ থাকে৷ বগা দাগবোৰৰ আকাৰ তললৈ কমি আহে৷ ইয়াৰ দেহৰ দৈৰ্ঘ্য প্ৰায় ৯০-১০০ মিমি হয়৷ মতা সাধাৰণ মৰমন মাইকীতকৈ আকাৰত সৰু হয়৷অৱশ্যে ঠাই বিশেষে ইয়াৰ আকাৰৰো পৰিৱৰ্ত্তন হোৱা দেখা যায়৷

বিস্তৃতি

সাধাৰণ মৰমন পখিলা ঘাইকৈ পাকিস্তান, ভাৰত, নেপাল, শ্ৰীলংকা, ম্যানমাৰ, থাইলেণ্ড, দক্ষিণ আৰু পশ্চিম চীন, টাইৱান, হংকং, জাপান, ভিয়েটনাম, লাওছ, আন্দামান, নিকোবৰ, মালয়েছিয়া, ব্ৰুণেই, ইন্দোনেছিয়া, ফিলিপাইনছ আদি দেশত বিস্তৃত হৈ আছে৷

বাসস্থান

সাধাৰণ মৰমন পখিলাই সাধাৰণতে কিছু পৰিমাণে গছ-গছনি থকা অঞ্চল পছন্দ কৰে যদিও ইয়াক প্ৰায় সকলোতে দেখিবলৈ পোৱা যায়৷ বিশেষকৈ খেতি-পথাৰ, ফলৰ বাগিচা আদিত এই পখিলাবিধে খাদ্যৰ সন্ধানত উৰি ফুৰা দেখা যায়৷ বাৰিষাকালত এি পখিলাৰ আবাদী বৃদ্ধি পায়৷

আচৰণ

Female form romulus seen laying an egg on Murraya paniculata

সাধাৰণ মৰমন পখিলাই ফুলৰ মৌ খাই জীয়াই থাকে৷ ই প্ৰধানকৈ নগৰৰ বাগিচাৰ Lantana, Jatropha, Ixora, আৰু Mussaenda আদি উদ্ভিদৰ বিভিন্ন অংশ খাদ্য হিচাপে গ্ৰহণ কৰে৷ বনাঞ্চলত ইয়াক সাধাৰণতে . Asystasia, Peristrophe, আৰু Jasminum উদ্ভিদৰ ফুলৰ পৰা মৌ গ্ৰহণ কৰা দেখা যায়৷ এই পখিলাবিধৰ কেৱল মতা পখিলাই মুকলি ঠাইৰ ছাঁ পৰা অঞ্চলত বোকাত খাদ্যৰ সন্ধান কৰে ( mud puddling)৷ তাৰোপৰি লুণীয়া মাটিৰ পৰা ইহঁতে বিভিন্ন লৱণ গ্ৰহণ কৰাৰো তথ্য পোৱা গৈছে৷[1]

পোষক উদ্ভিদ

সাধাৰণ মৰমনৰ পলুৱে সাধাৰণতে তলত উল্লেখ কৰা 'Rutaceae' পৰিয়ালৰ উদ্ভিদক পোষক উদ্ভিদ (host plants) হিচাপে গ্ৰহণ কৰে-

  • Aegle marmelos
  • Atalantia racemosa[2]
  • নেমুজাতীয় উদ্ভিদসমূহ (C. aurantifolia, C. grandis, C. limon, C. medica, C. sinensis)
  • Glycosmis arborea
  • Murraya koenigii, Curry leaf
  • Murraya paniculata

জীৱন-চক্ৰ

মাইকী সাধাৰণ মৰমন পখিলাই গছৰ মুকলি ডালত পাখি মেলি বা বন্ধ কৰি বহে৷ মতা পখিলাটোৱে এনে অৱস্থাতে প্ৰজনন কৰে৷

কণী

সাধাৰণ মৰমনৰ কণী পাতৰ ওপৰভাগত পাৰে৷ ইয়াৰ আকাৰ ঘুৰণীয়া আৰু বৰণ হালধীয়া বা পাতল কমলা হোৱা দেখা যায়৷

পলু

পলু প্ৰথম অৱস্থাত দেখাত নেমুটেঙা পখিলা (Lime Butterfly)ৰ দৰে হয়৷ পৰৱৰ্ত্তী কালত ইয়াৰ বৰণ গাঢ় সেউজীয়া হৈ পৰে৷

লেটা

ইয়াৰ লেটা পাত ডালৰ তলৰভাগত থাকে৷ লেটাৰ বৰণ পাতল সেউজীয়া হোৱা দেখা যায়৷

তথ্যসুত্ৰ

  1. Pola, M., García-París, M. 2005. Marine puddling in Papilio polytes (Lepidoptera Papilionidae). Florida Entomologist 88: 211-213
  2. Kunte, K. 2006. Additions to known larval host plants of Indian butterflies. J. Bombay Nat. Hist. Soc. 103(1):119-120

লগতে চাওক

  • Evans, W.H. (1932) The Identification of Indian Butterflies. (2nd Ed), Bombay Natural History Society, Mumbai, India
  • Gay, Thomas; Kehimkar, Isaac & Punetha, J.C.(1992) Common Butterflies of India. WWF-India and Oxford University Press, Mumbai, India.
  • Haribal, Meena (1994) Butterflies of Sikkim Himalaya and their Natural History.
  • Kunte, Krushnamegh (2005) Butterflies of Peninsular India. Universities Press.
  • Wynter-Blyth, M.A. (1957) Butterflies of the Indian Region, Bombay Natural History Society, Mumbai, India.

বাহ্যিক সংযোগ

আলোকচিত্ৰ ভঁৰাল