দীঘলীপুখুৰী
দীঘলীপুখুৰী (ইংৰাজী: Dighalipukhuri)অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত গুৱাহাটীত অৱস্থিত এটা আয়তাকাৰ (rectangular) কৃত্ৰিম পুখুৰী ৷ এই পুখুৰীৰ প্ৰায় আধা মাইল দৈৰ্ঘ্যৰ বাবেই ইয়াৰ নাম দীঘলীপুখুৰী হয় বুলি জনা যায় ৷ গুৱাহাটীত অৱস্থিত ঐতিহাসিক পুখুৰীসমূহৰ ভিতৰত ই অন্যতম ৷ [1]
ইতিহাস
লোকপ্ৰবাদ অনুসৰি, দীঘলীপুখুৰী প্ৰকৃততে প্ৰাগজ্যোতিষপুৰৰ ৰজা ভগদত্তই ব্ৰহ্মপুত্ৰৰ পৰা এটা সুঁতি খান্দি সৃষ্টি কৰিছিল ৷ পৰৱৰ্ত্তী কালত আহোম ৰজাসকলে এই পুখুৰীটোৰ প্ৰতিপালনত গুৰুত্ব দিয়া বুলি জনা যায় ৷ তথ্য অনুসৰি দীঘলীপুখুৰী ব্ৰহ্মপুত্ৰৰ মূল নদীৰ সৈতে এটা সুঁতিৰে সংযুক্ত হৈ আছিল ৷ আহোম সকলে এই পুখুৰী নাওৰ চলাচল আৰু পূজা-পাতলৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিছিল বুলি জানিব পৰা যায় ৷
সময়ৰ লগে লগে এই পুখুৰীৰ ব্ৰহ্মপুত্ৰৰ সৈতে সংযোগ বিছিন্ন হৈ পৰে ৷ বৃটিছৰ শাসনকালত এই পুখুৰীৰ উত্তৰভাগৰ কিছু অংশ পুতি পেলোৱা হয় ৷ বৰ্তমান এই অংশত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্মাণ কৰা হয়৷[2]
ভৌগোলিক অৱস্থান
দীঘলীপুখুৰীৰ চাৰিওকাষে বিভিন্ন শিক্ষানুষ্ঠান যেনে, কটন কলেজ, সন্দিকৈ বালিকা মহাবিদ্যালয় আদি অৱস্থিত ৷ তদুপৰি ইয়াৰ চাৰিওকাষে থকা অন্যান্য কেইটামান উল্লেখযোগ্য প্ৰতিষ্ঠান হৈছে অসম ৰাজ্যিক সংগ্ৰহালয়, ৰবীন্দ্ৰ ভৱন, ৰাজ্যিক গ্ৰন্থাগাৰ, কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ অধ্যয়ন কক্ষ, গুৱাহাটী ৰাজ্যিক সংগ্ৰহালয় ৷ [3]
তথ্যসুত্ৰ
- ↑ http://web.archive.org/web/20120119053923/http://www.assamtribune.com/may3009/horizon.html
- ↑ http://web.archive.org/web/20120119053923/http://www.assamtribune.com/may3009/horizon.html
- ↑ http://web.archive.org/web/20120119053923/http://www.assamtribune.com/may3009/horizon.html
- Al-Ahmed, Saikh Md Sabah, "A Tale of Four Ponds", The Assam Tribune (Guwahati), archived from the original on 2012-01-19, http://web.archive.org/web/20120119053923/http://www.assamtribune.com/may3009/horizon.html